অসমত ধানেই হৈছে প্রধান শস্য। শস্য চপোৱাৰ ওপৰত নিৰ্ভৰ কৰি অসমত বৰো, শালি আৰু আহু ধানৰ খেতি কৰা হয়। বৰো আৰু আহু ধানৰ তুলনাত কৃষকে শালি ধানৰ খেতি বেছিকৈ কৰে। অসমত প্রায় ১৮.৮০ লাখ হেক্টৰ মাটিত শালি ধানৰ খেতি কৰা যায়। প্রতি হেক্টৰত শালি ধানৰ গড় উৎপাদন হৈছে ২ টন। শালি ধানৰ খেতি জুন-জুলাইত আৰম্ভ হয় আৰু নৱেম্বৰ ডিচেম্বৰ মাহত শস্য চপোৱা যায়। শালি ধানৰ বীজ উৎপাদনৰ বিষয়ে তলত আলোচনা কৰা হৈছে-
১) জাত নির্বাচন: অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদিত শালি ধানৰ উচ্চ উৎপাদনক্ষম জাতসমূহ হৈছে ৰঞ্জিত, বাহাদুৰ, আই আৰ ৩৬, গিতেশ, মাচুৰী, কেতেকী জহা, সত্যৰঞ্জন, নুমলী, দিচাং, লুইত, ৰঞ্জিত চাব ১, বাহাদুৰ চাব ১, স্বর্ণ চাব ১, জলশ্রী, ধনশিৰি, মানাহ ইত্যাদি।
২) কঠীয়াতলী প্রস্তুতি: মাটিডৰা ভালদৰে হাল বাই মৈয়াই ১০ মিটাৰ দীঘল
আৰু ১.২৫ মিটাৰ বহল বীজতলী প্রস্তুত কৰিব লাগে। প্ৰতিখন বীজতলীৰ মাজৰ ব্যবধান ৩০ ছেঃমিঃ হ'ব লাগে।
৩) বীজ বাচনি: এটা পাত্ৰত বীজবোৰ পানীৰে ধুই ওপঙি থকা বীজবোৰ
পেলাব লাগে। ইয়াৰ ওপৰিও এটা পাত্ৰত ঢালি তাত নিমখ ঢালি ভালদৰে মিহলাব লাগে। পাত্রটোত এটা আলু ৰাখিব লাগে আৰু আলুটো ওপঙি নহালৈকে পানীত নিমখ মিহলাব লাগে। সেই পানীত ধানৰ বীজবোৰ মিহলাই ওপঙি থকা বীজবোৰ পেলাব লাগে। ডুব যোৱা বীজবোৰ চফা পানীৰে ৩-৪ বাৰ ধুব লাগে।
৪) বীজৰ পৰিমাণ: প্ৰতিখন বীজতলীত ৬৫০ গ্রাম-১ কিঃগ্রাঃ গজালি মেলা বীজ সিঁচিব লাগে। অর্থাৎ ১ বিঘা মূল পথাৰৰ বাবে প্রায় ৫-৬ কিঃগ্রাঃ বীজৰ প্রয়োজন হয়।
৫) পৃথকীকৰণ দূৰত্বঃ ধান স্বপৰাগী শস্য যদিও ১-৪ শতাংশ পৰাগযোগ হোৱা দেখা যায়, সেয়েহে শস্য পথাৰত ৩ মিটাৰৰ পথকীকৰণ দূৰত্ব ৰখা উচিত।
৬) মূল পথাৰ প্ৰস্তুতি: মাটিডৰা ভালদৰে হাল বাই বনবাত আঁতৰাই ল'ব লাগে আৰু মৈয়াই সমান কৰি ল'ব লাগে।
৭) সাৰ প্ৰয়োগ: প্রতি হেক্টৰত প্রায় ১০ টন পচন সাৰ বা গোবৰ মূল পথাৰ প্ৰস্তুত কৰাৰ সময়ত মিহলাব লাগে। ইয়াৰ ওপৰিও প্রতি বিঘা মাটিত অর্ধ চাপৰ জাতৰ বাবে ১৮ কিঃগ্রাঃ ইউৰিয়া, ১৭ কিঃগ্রাঃ একক চুপাৰ ফচফেট আৰু ৯ কিঃগ্রাঃ মিউৰেট অৱ পটাছ ব্যৱহাৰ কৰিব লাগে। ওখ জাতৰ বাবে প্রতি বিঘা মাটিত ৫ কিঃগ্রাঃ ইউৰিয়া, ৮ কিঃগ্রাঃ একক চুপাৰ ফচফেট আৰু ২ কিঃগ্রাঃ মিউৰেট অৱ পটাছ ব্যৱহাৰ কৰিব লাগে। প্রতি বিঘা মাটিত তিনি ভাগৰ এভাগ ইউৰিয়া আৰু সম্পূৰ্ণভাগ ফিউরেট অব পটাছ আৰু একক চুপাৰ ফচফেট মূল পথাৰত বোকা দিয়াৰ সময়ত যোগ কৰিব লাগে। বৈ যোৱা ইউৰিয়া দ্বিতীয় ভাগ ধানৰ পোখা মেলোতে আৰু শেষৰ ভাগ ধানৰ থোক মেলোতে প্রয়োগ কৰিব লাগে।
৮) জল ব্যবস্থাপনা: শালি ধানৰ ক্ষেত্ৰত মূল পথাৰত প্রায় ৫ ছেঃমিঃ পানী থকাৰ ব্যৱস্থা থাকিব লাগে
৯) বনবাত নিয়ন্ত্রণ: মূল পথাৰৰ পৰা মাজে সময়ে বনবাত আঁতৰাই ৰখাটো অতি প্রয়োজনীয়।
১০) ৰগিং: মাজে সময়ে মূল পথাৰৰ পৰা বিসদৃশ গছবোৰ উভালি আঁতৰাই পেলাব লাগে।
১১) শস্য চপোৱা আৰু মৰণা মৰা: প্রায় ৮০-৮৫ শতাংশ ধান পকিলে শস্য
চপাব লাগে। শস্য চপোৱাৰ পাছত বীজৰ আৰ্দ্ৰতা লৈ মন দিব লাগে। বীজত বেছি আর্দ্রতা থাকিলে মৰণা মৰাৰ আগত বীজবোৰ ভালদৰে ৰ'দত শুকুৱাই ল'ব লাগে। মৰণা মৰাৰ পাছত বীজবোৰ ভালদৰে পৰিস্কাৰ কৰি বস্তাত ভৰাই মাটিৰ পৰা ওখ ঠাইত ৰাখি সংৰক্ষণ কৰিব লাগে।
১২) কীট পতংগ আৰু বেমাৰ আজাৰ নিয়ন্ত্রণ: শালি ধানত আক্ৰমণ কৰা বিভিন্ন কীট পতংগবোৰৰ ভিতৰত হৈছে পাত মেৰোৱা, মজা খোৱা পোক, পাত ওকণি, চগা পোক্ত চৰহা পোক, কেওঁ খোৱা পোক, পিয়াঁজী পোক, টুপলি কটা পোক, গান্ধী পোক, শুৰ পোক উত্যাদি।
ইয়াৰ ওপৰিও শালি ধানত বিভিন্ন ৰোগ যেনে- ব্লাষ্ট, মুগা দাগ, বৌখা জ্বলা ৰোগ, বৌখা পচা ৰোগ, বেক্টেৰিয়াজনিত পাত জ্বলা ৰোগ, মাহী বেমাৰ আদিয়ে আক্রমণ কৰে।
সুসংহত পদ্ধতিৰে ধানৰ কীট পতংগ আৰু ৰোগ নিয়ন্ত্রণঃ
১) মাটিডৰা ভাল দৰে হাল বাই বনবাত আঁতৰাই পৰিস্কাৰ কৰি ল'ব লাগে।
২) মূল পথাৰত কঠীয়া ৰোৱাৰ আগত কঠীয়াৰ আগটো কাটি ল'ব লাগে কিয়নো পখিলা জাতীয় পতংগই কঠীয়াৰ আগটোত কণী পাৰে। কটা আগবোৰ পথাৰৰ পৰা দূৰৈত ভালদৰে পুতি থব লাগে।
৩) মূল পথাৰত নির্দিষ্ট ব্যৱধানতহে কঠীয়া ৰোপণ কৰিব লাগে।
৪) ধানত পখিলাজাতীয় পতংগ নিয়ন্ত্রণ কৰিবলৈ ফেৰ'মন ফান্দ ব্যৱহাৰ কৰিব লাগে। ইয়াৰ ওপৰিও ট্রাইক'গ্রামা জেপ'নিকাম নামৰ কণী পৰজীৱী পতংগ প্রতি বিঘা মাটিত ১০০০০কৈ কঠীয়া ৰোপণৰ ২০ দিনৰ পাছত প্রতি সপ্তাহত ৫-৬ বাৰকৈ মেলিব লাগে।
৫) গান্ধীপোক নিবাৰণৰ বাবে পথাৰত মৰা বা গেলা মাছ ওলমাই থ'ব লাগে। মৰা ভেকুলী বা গেলা মাছত ঘুপ খাই থকা গান্ধীপোকবোৰত কীটনাশক প্রয়োগ কৰি ধ্বংস কৰিব লাগে।
৬) বাসায়নিক কীটনাশক যেনে ক্ল'ৰান্টানিলিপ্রল ১৮.৫, এছ চি (১ মিঃলিঃ/৩ লিঃ) বা ইমামেস্টিন বেনজ'য়েট ৫% এছ জি (প্রতি হেক্টৰত ২২০ গ্রাম) ব্যৱহাৰ কৰিব পাৰি।
৭) প্ৰতিৰোধী ধানৰ জাত ব্যৱহাৰ কৰিব লাগে লগতে নিৰোগী বীজ বাচনি কৰিব লাগে।
৮) ধানৰ মোৰে আক্ৰমণ কৰা গছবোৰ উভালি ধ্বংস কৰিব লাগে।
৯) ধানত নির্দিষ্ট মাত্রাতহে সাৰ প্ৰয়োগ কৰিব লাগে।
১০) বিভিন্ন বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাসায়নিক কীটনাশক যেনে হেক্সাকনজিল (২ মিঃলিঃ/ লিঃ) বা এডিফেনফছ (১ মিঃলিঃ/লিঃ) ব্যৱহাৰ কৰি স্প্রে কৰিব লাগে।
লেখক
ড০ অভিলিচা মুদৈ
ড০ ভাৰত চন্দ্ৰ নাথ
ড০ শৰ্মিলা দত্ত ডেকা
ড০ প্ৰকাশ বৰা
ড০ মৃণাল শইকীয়া
লগতে পঢ়ক-