1. পশুপালন

কণী পৰা কুকুৰাৰ পোৱালি প্ৰতিপালনৰ বাবে সঠিক ব্যৱস্থা ; জানিবলৈ পঢ়ক...

KJ Staff
KJ Staff

কণী পৰা কুকুৰা বৰ্তমান সময়ত এক লাভজনক ব্যৱসায় হিচাপে পৰিগণিত হৈছে । বজাৰত থলুৱা কুকুৰা কণীৰ চাহিদা অধিক হোৱাৰ বাবে প্ৰায় সংখ্যক পশুপালকে এতিয়া কণী উৎপাদনত অতি আগ্ৰহী হোৱা দেখা গৈছে । ই আমাৰ গ্ৰাম্য অৰ্থনীতিৰ বাবেও এক ইতিবাচক দিশ ।

পশুপালক সকলে সঠিক সময়ত সঠিক উৎপাদন কৰিবলৈ হ'লে ফাৰ্মত কণী পৰা কুকুৰাৰ পোৱালি ব্ৰডিং কৰাৰ সময়ৰ পৰাই পৰিকল্পিত ভাৱে আগবাঢ়িব লাগিব । পোৱালিখিনি ব্ৰডিং কৰা পৰাই যদি ভালদৰে প্ৰতিপালন কৰা নহয়, তেন্তে ইয়াৰ পৰা ভাল উৎপাদন আশা কৰিব নোৱাৰি ।

কুকুৰাৰ পোৱালি প্ৰতিপালনৰ সঠিক ব্যৱস্থাঃ

কুকুৰা পোৱালি জাকটোৰ বাবে সঠিক ব্যৱস্থা হৈছে-সঠিক উষ্ণতা, মজিয়াৰ পৰিমাণ, পোহৰ আৰু লিটাৰ ।

উষ্ণতাঃ কণী পৰা জাতৰ সৰু কুকুৰা পোৱালি ব্ৰডিং কৰাৰ পাছৰ প্ৰথম কেইসপ্তাহমান বয়সলৈকে কৃত্ৰিমভাৱে উম দি ৰাখিব লাগে । কণী পৰা জাতৰ কুকুৰা পোৱালিৰ ক্ষেত্ৰত সিহঁতৰ বয়স ৫-৬ সপ্তাহ নোহোৱালৈকে উম দিয়াতো প্ৰয়োজন ।

মজিয়াৰ পৰিমাণঃ কুকুৰা জাকৰ আঠ সপ্তাহ বয়সলৈকে প্ৰতি কুকুৰাৰ বাবে ০.০৭০-০.০৭৯ বৰ্গমিটাৰ পৰিমাণৰ মজিয়াৰ প্ৰয়োজন । অন্যথা কুকুৰা জাকৰ মাজত নানান আসোঁৱাহে দেখা দিয়ে, ফলত উপযুক্ত সময়ত ইহঁতৰ পৰা ভাল উৎপাদন আশা কৰিব নোৱাৰি ।

পোহৰঃ কণী পৰা জাতৰ কুকুৰা পোৱালিক সিহঁতৰ প্ৰথম তিনিদিন বয়সলৈ দিনে-ৰাতিয়ে একেলগে উজ্জ্বল পোহৰ দিয়াৰ ব্যৱস্থা কৰা উচিত । উজ্জ্বল পোহৰ নাপালে কিছুসংখ্যক কুকুৰা পোৱালিয়ে একো নোখোৱাকৈয়ে থাকি যোৱাৰ সম্ভাৱনা থাকে আৰু মৃত্যু হোৱাৰ পাছতহে চকুত পৰে ।

কণী পৰা জাতৰ সৰু কুকুৰাবোৰক সাধাৰণতে ৫-৬ সপ্তাহ বয়সলৈকে কৃত্ৰিম উম দিয়াৰ প্ৰয়োজন হয়। ব্ৰুডিং শেষ হোৱাৰ পিছতেই কুকুৰাজাকক কণী উৎপাদনৰ বাবে দৰকাৰ হোৱা সঠিক পৰিমাণৰ পোহৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে ।

কণী পৰা কুকুৰা ফাৰ্মত ফলিয়া তুঁহ বা পতানক লিটাৰ হিচাপে ব্যৱহাৰ কৰা হয়। তদুপৰি সঠিক বায়ু সঞ্চালন ব্যৱস্থা ৰখাটো একান্ত আৱশ্যক যাতে কুকুৰাজাকক কণী পৰা বয়সলৈকে সুস্থতাৰে ডাঙৰ কৰিব পৰা যায় ।

লগতে পঢ়কঃ গাহৰিৰ বেমাৰ চিনাক্তকৰণ আৰু ইয়াৰ প্ৰতিকাৰৰ বাবে আপুনি কি কৰিব ? জানিবলৈ পঢ়ক...

English Summary: Important Measures for Poultry Farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.