1. উদ্য়ানশস্য়

লাভজনক উপাৰ্জনৰ বাবে এপ্ৰিলৰ শেষতে আৰম্ভ কৰক জালুকৰ খেতি, জানিবলৈ পঢ়ক...

KJ Staff
KJ Staff

জালুক হৈছে অসম তথা উত্তৰ-পূৱ ভাৰতত কৰিব পৰা এটা লাভজনক খেতি । এই খেতিৰ জৰিয়তে ইতিমধ্যে অসমৰ বহু খেতিয়কে লাভজনক উৎপাদন কৰিবলৈ সক্ষম হৈছে । বৰ্তমানত বজাৰতো জালুকৰ চাহিদা অধিক , কিয়নো পাকঘৰৰ মচলা সমূহৰ ভিতৰত এবিধ হৈছে জালুক ।

আপুনি যদি কৃষি ক্ষেত্ৰৰ লগত জড়িত হৈ পৰিছে বা নতুন কৈ জড়িত হ'ব বিচাৰিছে তেন্তে লাভজনক ব্যৱসায়ৰ বাবে অন্য খেতিৰ সৈতে জালুক খেতি আৰম্ভ কৰিব পাৰে । জালুক খেতি এইবাবে লাভজনক ই এক দীৰ্ঘম্যাদী কৃষি । সেয়েহে এই জালুক খেতি কেনেদৰে কৰিব তাৰ ওপৰত এক আলোচনা আগবঢ়োৱা হৈছে ।

জাত নিৰ্ধাৰণঃ আপুনি জালুকৰ খেতি আৰম্ভ কৰাৰ আগতে প্ৰথমে জাত চিনাক্তকৰণ অতি প্ৰয়োজন । কিয়নো উন্নত জাতৰ জালুকৰ খেতিৰ পৰা হে আপুনি লাভ উপাৰ্জন কৰিব পাৰিব । কৃষি বিশেষজ্ঞ সকলৰ মতে লাভজনক উৎপাদনৰ বাবে জালুকৰ উন্নত জাত হৈছে কাৰিমুণ্ডা, পেনিউৰ-১, পেনিউৰ-২ ।

মাটি চিনাক্তকৰণঃ কেৱল জালুকৰ উন্নত জাতৰ খেতি কৰিলে আপুনি লাভজনক উৎপাদন লাভ নকৰিব পাৰে । কাৰণ জালুকৰ খেতিৰ বাবে গুণাগুণ অনুসৰি মাটি চিনাক্ত কৰাতো অতি প্ৰয়োজন । পানী ওলাই যোৱাৰ সুবিধা থকা জৈৱি পদাৰ্থৰে ভৰপুৰ মাটি জালুক খতিৰ বাবে উপযোগী । সেই অনুসৰি অসমৰ মাটি আৰু জলবায়ু জালুক খেতিৰ বাবে অতি উপযোগী ।

কেতিয়া ৰোপণ কৰি জালুকৰ পুলিঃ বহু খেতিয়কে জালুকৰ খেতি সাধাৰণতে জালুকৰ ডালৰ পৰা আৰম্ভ কৰে । জালুকৰ ডাল কাটি তথা জালুকৰ গা-গছৰ কটা অংশ ৰোৱা সময় সাধাৰণতে মাৰ্চ মাহ । কিন্তু শিপাযুক্ত জালুৰ পুলি ৰোৱা সময় হৈছে মে আৰু জুন । গতিকে এপ্ৰিল মাহৰ শেষৰ পৰা শিপাযুক্ত জালুকৰ পুলি ৰোৱৰ বাবে আপুলি প্ৰস্তুতি চলাব পাৰে ।

জালুক জোপা বগাবৰ বাবে সুবিধাঃ  বগাবলৈ সুবিধা হোৱাকৈ তামোল আৰু মদাৰ গছত জালুকৰ খতি আৰম্ভ কৰিব পাৰে । তদুপৰি নাৰিকল গছতো বহু খেতিয়কে জালুকৰ খেতি কৰি  ভাল উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । গতিকে নাৰিকল গছতো জালুকৰ খেতি লগাব পাৰে ।

কেনেদৰে ৰোপণ কৰিব জালুকৰ পুলিঃ জালুক গছ বগাবলৈ ব্যৱহাৰ কৰা সহায়ক গছডালৰ পৰা ১-১.৫ ফুট আঁতৰত ১.৫ ফুট দীঘল, ১.৫ ফুট বহল আৰু ১.৫ ফুট গভীৰতা এটা গাঁত খান্দিব । ইয়াৰ পাচতে  ৫ কিলোগ্রাম পচন সাৰ আৰু সাৰুৱা মাটিৰে গাঁতটো পূৰ কৰিব । পৰৱৰ্তী সময় জালুকৰ পুলিটো ৰোপণ কৰিব পাৰে । মন কৰিব জালুকৰ পুলি সাধাৰণতে গা-গছৰ উত্তৰফালে ৰোপণ কৰিব লাগে । তদুপৰি পানী জমা নোহোৱাকৈ জালুক জোপাৰ গুৰি বেছিকৈ মাটি দি ৰাখিব ।

প্রতিপালনঃ পুলিবোৰ গছত বগাবলৈ সুবিধা হোৱাকৈ বাঁহৰ কামিৰে বান্ধি দিব লাগে। গৰম কালিৰ ছাঁ আৰু খৰাং বতৰত পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে। জালুক গছৰ গুৰিত জীপ থকাৰ সুবিধা হোৱাকৈ গছৰ পাত, শুকান খেৰ আদি মাটি ঢাকনি হিচাপে দিব লাগে।

সাৰ প্রয়োগঃ প্রতিজোপা জালুক গছৰ বাবে পচন সাৰ ১০ কিলোগ্ৰাম, ইউৰিয়া- ৩০০ গ্ৰাম, চুপাৰ ফচফেট-৩৪০ গ্ৰাম আৰু পটাচ সাৰ ৪৫০ গ্ৰামৰ প্ৰয়োজন । এবছৰীয়া পুলিৰ বাবে সাৰৰ তিনি ভাগৰ এভাগ চেপ্তেম্বৰ মাহত প্ৰয়োগ কৰিব লাগে । দুবছৰীয়া পুলিৰ বাবে  সাৰৰ তিনিভাগৰ দুভাগ আৰু তিনি বছৰীয়া আৰু ইয়াতকৈৱ বেছি বয়সৰ গছৰ বাবে সাৰৰ আটাইখিনি দুভাগ কৰি এভাগ মে-জুন মাহত আৰু আনভাগ আগষ্ট-চেপ্তেম্বৰ মাহত প্ৰয়োগ কৰিব লাগে। ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকপৈ জালুক খেতিত প্ৰতিজোপা গছৰ বাবে বাৰিষা কালৰ আগেয়ে এবাৰ আৰু শেষত এবাৰ বছৰত দুবাৰকৈ ১০ কিলোগ্ৰাম পচন সাৰ আৰু ১ কিলোগ্ৰাম ফুটছাই প্ৰয়োগ কৰিলেও ভাল উৎপাদন পোৱা যায়।

শস্য ৰক্ষাঃ গা-গছ মৰহি যোৱা ৰোগৰ পৰা ৰক্ষা পাবলৈ ১ শতাংশ বৰডো মিশ্রণ জুন আৰু ছেপ্তেম্বৰ মাহত দুবাৰ স্প্ৰে কৰিব লাগে। ইণ্ডোফিল এম–8 ৫ নামৰ দৰৱ প্রতিলিটাৰ পানীত ২ গ্রাম মিহলাই স্প্ৰে কৰিলেও এই ৰোগৰ পৰা  ৰক্ষা কৰিব পাৰি । এই মিশ্রণ পাতত চটিওৱাৰ উপৰিও গছৰ গুৰিৰ মাটি তিতি যোৱাকৈ প্রয়োগ কৰিব লাগে। পল্লু বিটল্‌ নামৰ পোকবিধৰ আক্রমণৰ পৰা গছজোপা ৰক্ষা কৰিবলৈ জুন-জুলাই মাহত এণ্ডোচালফান নাইবা কুইনলফছ নামৰ দৰৱ মিলিমিটাৰ বা এচামুচ ১০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে ।

শস্য চপোৱাঃ পুলি ৰোৱাৰ ৩-৪ বছৰৰ পাছৰ পৰা জালুক গছজোপাই গুটি দিবলৈ আৰম্ভ কৰে। গুটিবোৰ পূৰঠ হৈ দুই এটা কমলা বৰণীয়া হোৱাৰ লগে লগে শস্য চপাব লাগে। ঠাৰিৰে সৈতে জালুকৰ থোপাটো চিঙি আনি উতলা পানীত এক ৫-৬ মিনিট সময় ৰ’দত  শুকুৱাই ঠাৰিবোৰ গুচাব লাগে।

লগতে পঢ়কঃ Tulsi Farming: কম খৰচতে লাখ টকা উপাৰ্জনৰ বাবে কৰক তুলসী খেতি

English Summary: method of black pepper cultivation

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.