1. পশুপালন

বসন্ত কালত উপাৰ্জন বৃদ্ধিৰ বাবে কৰক মৌ-মাখিৰ কলনি বিভাজন

KJ Staff
KJ Staff

বজাৰত মৌ ৰসৰ বিশেষ চাহিদা আছে । এই চাহিদাৰ পূৰণ কৰিব পৰাকৈ বহু লোকেই বৰ্তমান মৌ পালনৰ লগত জড়িত হৈ পৰিছে । আমি দেখি আহিছো, আমাৰ অসমীয়া সমাজতো পৰম্পৰাগতভাৱে কৰা হয় মৌ পালন

ব্যৱসায়িক ভিত্তিত মৌ পালনৰ জৰিয়তে লাভজনক উপাৰ্জন কৰিবলৈ হ'লে সঠিক সময় সঠিক ব্যৱস্থা গ্ৰহণ কৰাতো অতি প্ৰয়োজন । মৌ বাহৰ প্ৰতিপালনৰ অভাৱ তথা প্ৰয়োজন অনুসৰি ব্যৱস্থা গ্ৰহণ নকৰিলে আশা কৰা ধৰণে উৎপাদন লাভ কৰিব নোৱাৰি ।

মৌ পালনৰ ক্ষেত্ৰত কলনি বিভাজন মৌ পালকৰ বাবে অতি গুৰুত্বপূৰ্ণ । সঠিক সময়ত কলনি বিভাজন নকৰিলে মৌ বাহৰ পৰা মৌ ৰস উৎপাদন হ্ৰাস পায় । তদুপৰি কলনি বিভাজনৰ ক্ষেত্ৰত মৌ পালক সকলে বহুতো ভূল কৰা দেখা যায় । ফলত লোকচানৰ সন্মুখীন হয় মৌ পালক সকল ।

যিবোৰ মৌ-মাখিৰ শক্তি কমি যায় তেতিয়া সেই মৌ-মাখিৰ পৰা ৰস উৎপাদন হ্ৰাস পায় । তেতিয়াই  মৌ পালকৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰে কলনি বিভাজন । পৰাপক্ষত এই বাহবোৰ ২-৩ বাৰকৈ বিভাজিত কৰিব লাগে আৰু প্রত্যেক বাহত একোজনীকৈ নতুন ৰাণী দিব লাগে ।

বসন্ত আৰু গ্ৰীষ্ম কালত বেছিকৈ মৌ ৰস প্রস্তুত কৰিব পাৰে মৌ মাখিয়ে । এই সময়ত সঠিক উপাৰ্জনৰ বাবে মৌ পালকে পূর্ণাংগ আৰু পোৱালিৰ সৈতে এখন বা দুখন চাক সবল বাহৰ পৰা আঁতৰাব পাৰে । দুটা বাহৰ পৰা আঁতৰোৱা এনে তিনি বা চাৰিখন মৌচাক লৈ নতুন এটা বাহ গঠন কৰিব পাৰি ।

বসন্ত কালত মৌ পালকে বিশেষকৈ মৌ নাখিৰ জাক উৰুৱা ৰোধ কৰা লগতে কলনি বিভাজনৰ জৰিয়তে মৌ বাহৰ সংখ্যা বৃদ্ধি কৰাতে অধিক গুৰুত্ব দিব লাগে । এই সময়তে মৌ পালক সকলে লাভ উপাৰ্জনৰ বাবে মৌ ৰসৰ উপৰিও মৌ মম, মৌ সিতা, মৌ আঠা আদি বজাৰত বিক্ৰী কৰিব পাৰে ।

লগতে পঢ়কঃ কণী পৰা কুকুৰাৰ পোৱালি প্ৰতিপালনৰ বাবে সঠিক ব্যৱস্থা ; জানিবলৈ পঢ়ক...

English Summary: importance of colony division for beekeeping

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.