1. এগ্ৰিপেডিয়া

চিত্ৰনলা অসমত কৃষিভিত্তিক উদ্যোগৰ আন এক সম্ভাৱনা

KJ Staff
KJ Staff
Citronella Leaves
Citronella Leaves

চিত্ৰনলা এবিধ বহুবৰ্ষীয় ঘাঁহ। চিত্ৰনলা ঘাঁহৰ উপৰি তেল, সুগন্ধি, এৰ’লাথেৰাপী, পোক-পতংগ আৰু মহ-ডাহৰ প্ৰতিৰোধক হিচাপে প্ৰধানত: ব্যৱহৃত হৈ আহিছে। শ্ৰীলংকা, ভাৰত, ব্ৰক্ষ্মদেশ, ইণ্ডোনেছিয়া আৰু জাভা দেশত চিত্ৰনলাৰ ব্যৱসায়িক দৃষ্টিত খেতি কৰা হয়। উত্তৰ-পূব ভাৰতত চিত্ৰনলাৰ খেতি অতি উন্নতমানৰ হয়। চিত্ৰনলা ঘাঁহ সেউজীয়া গুচ্ছমূল জাতীয়, সমান্তৰাল সিৰা বিন্যাস। ই ওখই ৬ ফুট পৰ্য্যন্ত হয়। ই যিকোনো জলবায়ুতে গজালি মেলে আৰু ইয়াৰ খেতিবিধ সহজে কৰিব পাৰি। উত্তৰাঞ্চলৰ জলবায়ু মণ্ডলত মানুহে সাধাৰণতে পাত্ৰত গজালি মেলিব দি ইয়াৰ খেতি কৰে। ঘৰৰ চৌহদৰ অন্তৰভাগ আৰু কোঠাৰ ভিতৰত ইয়াক ৰাখি পৰিৱেশ নিকা কৰা, সুগন্ধি পৰিৱেশৰ সৃষ্টি কৰা আদি কামত ব্যৱহাৰ কৰা হয়। চিত্ৰনলাৰ তেল সুগন্ধি হিচাপে ব্যৱহাৰ কৰাৰ উপৰি কেতবোৰ দেশত খাদ্য, সু-স্বাদু কৰাৰ বাবেও ইয়াৰ ব্যৱহাৰ কৰা হয়।

সেয়ে চিত্ৰনলাৰ অৰ্থনৈতিক গুৰুত্ব অধিক। অসমত চিত্ৰনলাৰ খেতি ইয়াক এক থলুৱা উদ্যোগ হিচাপে গঢ়ি তোলাৰ সম্ভাৱনা আছে। ৰাজ্যৰ পতিত ভূমিবোৰত আত্মসহায়ক গোট, স্বেচ্ছাসেৱী সংস্থাবোৰে চিত্ৰনলাৰ খেতি কৰি এক গ্ৰাম্য উদ্যোগ গঢ়ি তোলাৰো অৱকাশ আছে।

১৯৯০ চন মানত তামুলপুৰৰ বিধায়ক দেৰহাগ্ৰা মুছাহাৰীয়ে তেতিয়াৰ অবিভক্ত নলবাৰী জিলাৰ জিলা গ্ৰামোন্নয়ন প্ৰাধিকাৰীসকলৰ জৰিয়তে বৰলীয়াপাৰাত উদাংশ্ৰী নামৰ আত্মসহায়ক গোট খুলি বৰলীয়া নদীৰ চাপৰিত প্ৰায় ৩০ বিঘা মাটিত চিত্ৰনলাৰ খেতি কৰিছিল। মুছাহাৰীয়ে এটা ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি তাতে চিত্ৰনলাৰ পাতবোৰ পানীত গৰম কৰি উতলাই ৰস উলিয়াই তাক পুনৰ শোধন কৰি চিত্ৰনলা তেল নিষ্কাসন কৰিছিল। এই উদ্যোগটো স্থাপন কৰি আত্মসহায়ক গোটটোৱে বৰলীয়া পাৰৰ প্ৰায় কুৰিজন কৃষকক সংস্থাপন দিছিল। চিত্ৰনলা উদ্যোগৰ পৰা তেল যোগান ধৰি আত্মসহায়ক গোটটো বহু পৰিমাণে লাভান্বিত হ’ব পাৰিছিল। এনেদৰে ৫-৬ বছৰ চিত্ৰনলাৰ খেতি কৰাৰ পিছত কিন্তু অজ্ঞাত কাৰণত উদাংশ্ৰীৰ এই চিত্ৰনলাৰ খেতি বন্ধ হৈ পৰে।

উৎস: দৈনিক অসম।

English Summary: Citronella leaves and stems may growth a profitable industry in Assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.