1. এগ্ৰিপেডিয়া

কিষান ক্ৰেডিট কাৰ্ড প্ৰকল্পৰ লাভা-লাভ

KJ Staff
KJ Staff
Benefits of Kisan Credit Card
Benefits of Kisan Credit Card

কিষাণ ক্ৰেডিট কাৰ্ডৰ লক্ষ্য হ’ল বেঙ্ক ব্যৱস্থাৰ জড়িয়তে কৃষকসকলৰ প্ৰয়োজন আৰু সময় অনুযায়ী শস্য উৎপাদনৰ স্বল্পমিয়াদি ঋণৰ যোগান ধৰা। ই মূখ্যতঃ শস্য উৎপাদনৰ বাবে শস্য উৎপাদনৰ ঋতুত প্ৰয়োজন হোৱা সামগ্ৰী ক্ৰয় কৰাত সহায় কৰে। ক্রেডিট কার্ড প্রকল্প ব্যৱস্থাপনাত শিথিলতা আৰু অধিক ব্যয় সামৰ্থ কৰাৰ বাবে ব্যৱস্থা কৰিবলৈ লোৱা হৈছে।

কিষান ক্ৰেডিট কাৰ্ড প্ৰকল্পৰ লাভা-লাভ কি ?

  • ঋণ প্রদান ব্যৱস্থাবিলাকৰ সৰলীকৰণ।
  • অর্থৰ আৰু সামগ্ৰী সংক্ৰান্তীয় দৃঢ়তা দূৰীকৰণ।
  • প্রত্যেকবিধ শস্যৰ বাবে প্রতিবাৰ আবেদন কৰিব লগা নহয়।
  • যিকোনো সময়ত ঋণৰ প্ৰদানৰ নিশ্চয়তা যাৰ ফলত কৃষকসকলে ঋণৰ বাবদ দিবলগীয়া সুদৰ বোজাৰ মাত্ৰা কমি যায়।
  • বীজ, সাৰ ইত্যাদি কৃষকৰ পচন্দ অৰু সুবিধা অনুযায়ী কিনাত সহায় হয়।
  • ডিলাৰসকলৰ পৰা নগদ টকাত ৰেহাই মূল্যত কিনিব পাৰে।
  • ঋণ তিনি বছৰৰ বাবে দিয়া হয়, মধ্যৱৰ্ত্তীকালীন এপ্ৰাইজেলৰ প্ৰয়োজন নাই।
  • কৃষিজ আয়ৰ ওপৰত নির্ভৰ কৰি ঋণৰ ঊর্দ্ধসীমা নির্ধাৰন কৰা হয়।
  • নির্ধাৰিত ঋণৰ সীমাৰ ভিতৰত ইচ্ছানুযায়ী টকা উঠাব পৰা যায়।
  • শস্য চপোৱাৰ পিছত ঋণ পৰিশোধ কৰা আৰম্ভ হয়।
  • কৃষি ক্ষেত্রত প্রযোজ্য নীতি অনুসৰি সুদৰ হাৰ ঠিক কৰা হয়।
  • কৃষি ক্ষেত্রত প্রযোজ্য নীতি অনুসৰি, সুৰক্ষাপত্র, মাৰজিন মানি, লিখিত তথ্যাৱলী ইত্যাদি জমা কৰা হয়।

কিষাণ ক্রেডিট কার্ড কেনেকৈ পোৱা যায় ?

  • নিকটৱর্তী পাবলিক চেক্টৰ বেঙ্কলৈ গৈ বিশদ তথ্য সংগ্রহ কৰিব লাগে।
  • যোগ্য কৃষক সকলে এটি কিষাণ ক্রেডিট কার্ড আৰু এটি পাচ বুক পাব। ইয়াত না, ঠিকানা, ভূমিৰ বিৱৰণ, ঋণৰ উচ্চ সীমা আৰু মিয়াদ, পাচপ’র্ট আকাৰৰ ফটো যিটোৱে বীমা প্রকল্পৰ পৰিচয় আৰু দৈনিক আদান প্রদানৰ হিচাপ বহন কৰিব।
  • ঋণ গ্রাহকসকলে একাউন্ট ব্যৱহাৰ কৰাৰ সময়ত এই কার্ড আৰু পাচবুক বেঙ্কত দেখুৱাব লাগিব।

ভাৰতত কিষাণ ক্রেডিট কার্ড দিয়া বিভিন্ন অগ্রণী বেঙ্কসমূহ

  • এলাহাবাদ বেঙ্ক- কিষাণ ক্রেডিট কার্ড
  • অন্ধ্র বেঙ্ক- এবি কিষাণ গ্রীনকার্ড
  • বেঙ্ক অফ বৰোদা- বিকেচিচি
  • বেঙ্ক অফ ইন্ডিয়া- কিষাণ সমাধান কার্ড
  • কানাড়া বেঙ্ক- কেচিচি
  • কর্পোৰেশ্বন বেঙ্ক- কেচিচি
  • দেনা বেঙ্ক- কিষাণ গোল্ডক্রেডিট কার্ড
  • ওৰিয়েন্টেল বেঙ্ক অফ কমাৰ্চ- ওৰিয়েন্টেল গ্রীনকার্ড
  • পাঞ্জাৱ নেচনেল বেঙ্ক- কৃষি কার্ড
  • ষ্টেট বেঙ্ক অফ হায়দ্রাবাদ- কেচিচি
  • ষ্টেট বেঙ্ক অফ ইণ্ডিয়া- কেচিচি
  • চিন্ডিকেট বেঙ্ক- এছকেচিচি
  • বিজয়া বেঙ্ক- বিজয়া কিষাণ কার্ড।

উৎস: আইএনডিজি দল

English Summary: Benefits of Kisan Credit Card

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.