Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 1 October, 2024 4:20 PM IST
Bok choy

কৃষি জাগৰণ অসমৰ পাঠকসকলক আজি এবিধ নতুন পাচলিৰ লগত চিনাকী কৰাম। ওপৰৰ ফটোত দেখা এই পাচলিবিধৰ নাম বক চয়। ই এটা চীন দেশৰ পাচলি জাত। চীন দেশৰ হলেও বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ লগতে বহু ইউৰোপীয় দেশত এই পাচলিবিধে জনপ্ৰিয়তা লাভ কৰিছে। ভাৰতৰ অন্য ৰাজ্যৰ লগতে অসমৰ জলবায়ু এই খেতিৰ বাবে উপযোগী বুলি চিহ্নিত হৈছে। ইয়াক আমাৰ অসমৰ লাই শাকৰ দৰেই খোৱা হয় আৰু ইয়াৰ খেতি পদ্ধতিয়ো লাই শাকৰ দৰেই। লাই শাকৰ দৰেই ইয়াৰ পাত অংশ খোৱা হয়।

বক চয় নামৰ এই পাচলিবধৰ খেতি শীত কালতেই কৰা হয়। আমাৰ কৃষকসকলে বক চয়ৰ খেতি অক্টোবৰ-নৱেম্বৰৰ পৰা কৰিব পাৰে। সাৰু আৰু সেমেকা মাটি বক চয়ৰ বাবে উপযোগী। জলসিঞ্চনৰ ব্যৱস্থা থকা মাটিত আমাৰ কৃষকসকলে এই পাচলিবিধৰ খেতি কৰিব পাৰে। সাৰৰ বাবে গোৱৰ প্ৰয়োগ কৰিলেই যথেষ্ট।

মাটিৰ প্ৰস্তুতি

এই খেতিৰ বাবে নিৰ্বাচন কৰা মাটিডোখৰ পানী জমা হোৱা হ’ব নালাগে। মাটিডোখৰ ওখ আৰু দিনটোৰ ৬-৭ ঘন্টা ৰদ পৰা ঠাই হ’লে বেছি ভাল। মাটিডোখৰ চাৰি-পাঁচ ছাহ হাল বাই আৰু মৈয়াই সমান আৰু মিহি কৰি এক ফুট দূৰত্বত একোটাকৈ ব্ৰেড বনাব লাগে।

কেনেকৈ ৰুৱ-

ব্ৰেডবোৰ এক ফুট বহল আৰু মাটিৰ পৰা তিনি ইঞ্চিমান ওখ কৰি ব্ৰেডবোৰৰ এফুট দূৰত্বত একোটাকৈ পুলি ৰোপন কৰক। পুলি ৰোপন কৰাৰ আগমুৰ্হূতত পুলি ৰোপন কৰিবৰ বাবে প্ৰস্তুত কৰা পইন্টটোত গোৱৰ আৰু কেঁচুসাৰ মিশ্ৰণ আধাকেজিমান দি তাত পুলিটো ৰোপন কৰিব লাগে।

পুলিৰ প্ৰস্তুতি :

ৰোবৰ বাবে যিহেতু পুলিৰ প্ৰয়োজন গতিকে পুলি আগতেই প্ৰস্তুত কৰি ল’ব লাগিব। চিডলিং প্লেটটো পুলি প্ৰস্তুত কৰিব পাৰে। নাইবা ব্ৰেডটো প্ৰস্তুত কৰি বীজ অংকুৰিত কৰিব লাগে।

সময়সীমা

বক চয় পুলি মূল পথাৰত ৰোপন কৰাৰ সময়ৰ পৰা ৩০-৬০ দিনৰ ভিতৰত চিঙিব পৰা হয়।

সামৰণি

ওপৰত উল্লেখ কৰা হৈছে যে ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ দৰে অসমৰ জলবায়ু এই পাচলিবিধৰ বাবে উপযোগী। গতিকে পৰকল্পিতভাৱে এই খেতি কৰিলে নিশ্চিতভাৱে অসমৰ কৃষকসকল লাভান্বিত হ’ব। আমাৰ দৰ্শকসকলক জনাও যে  বক চয় পাচলিবিধৰ বীজ আমাৰ কৃষকসকলে অসমৰ বীজ ভাণ্ডাৰবোৰত নাপাবও পাৰে। গতিকে আপোনালোকে এমাজন, ফিলিপকাৰ্ট আদিত অৰ্ডাৰ কৰি বীজ সংগ্ৰহ কৰিব পাৰে।

লগতে পঢ়ক- 

এইবাৰ এই পাচলিবিধৰ খেতি কৰক, আন ৰবিশস্যতকৈ দুগুণ উপাৰ্জন হ’ব

English Summary: Bok choy growing season in Assam
Published on: 01 October 2024, 04:19 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now