Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 15 November, 2023 4:03 PM IST
Banana farming A to Z

তিনিশ ষাঠিজোপা ৰুবা কল/মাহেকে পষেকে চিকুণাবা তেল/পাত-পচলা লাভত পাবা/লংকাৰ বণিজ ঘৰতে পাবা’।–তাহানিতে ডাকে উল্লেখ কৰি যোৱা এই প্ৰবচনফাকি আজিৰ এই একবিংশ শতিকাতো সমানে প্ৰযোজ্য। উন্নত পদ্ধতিৰে কল খেতি কৰিবলৈ হ’লে জাত নিৰ্বাচনৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়।ব্যৱসায়িকভিত্তিত কৰিবলৈ হ’লে আমাৰ কৃষকে মালভোগ,জাহাজী,অমৃতসাগৰ আজি জাত নিৰ্বাচন কৰা উচিত।ইয়াৰ বাবে কলৰ নিৰ্দিষ্ট জাতৰ ২-৩ মহীয়া পুলি (১.৫-২০ কিলোগ্ৰাম ওজনৰ)উঠাই আনি ভালদৰে প্ৰস্তুত কৰা ওখ পানী জমা নোহোৱা মাটিত ফাগুন-চ’তৰ পৰা আহাৰ মাহ পৰ্যন্ত শাৰী আৰু গছৰ মাজত ৭ ফুট*৭ ফুট ব্যৱধান ৰাখি ৰোপণ কৰিব লাগে।

পুলি ৰোৱাৰ এমাহৰ আগেয়ে ৪৫ চেণ্টিমিটাৰ দীঘল,৪৫ চেণ্টিমিটাৰ বহল আৰু ৪৫ চেণ্টিমিটাৰ গভীৰতাৰ জোখত গাঁতবোৰ খান্দিব লাগে।প্ৰতিটো গাঁতত পুলি ৰোৱাৰ সময়ত ১০ কিলোগ্ৰাম শুকান গোবৰ আৰু শুকান মাটিৰ দ্বাৰা পুৰ কৰি ল’ব লাগে।এজোপা কলগছৰ বাবে ২৪০ গ্ৰাম ইউৰিয়া সাৰ,২১০ গ্ৰাম ছুপাৰ ফছফেট আৰু ৫৫০ গ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰৰ প্ৰয়োজন। এই সাৰখিনি এবাৰতে নিদি পুলি ৰোৱাৰ ৩ মাহ পাছত ১২০ গ্ৰাম ইউৰিয়া আৰু ২৭৫ গ্ৰাম পটাচ সাৰৰ সৈতে সমুদায় ছুপাৰ ফছফেট সাৰখিনি পুলিটোৰ এফুট আঁতৰত ১৫ চেণ্টিমিটাৰ বহল আৰু ১৫ চেণ্টিমিটাৰ দ’ ঘুৰণীয়া নলআত প্ৰয়োগ কৰি নলাটো মাটিৰে ভালদৰে ঢাকি দিব লাগে।

লগতে পঢ়ক- 

দেশৰ প্ৰতিজন উদ্যমী কৃষকেই গুৰুত্ব দিছে নতুন জাতৰ শস্যৰ খেতিৰ ওপৰত

বাকী থকা ১২০ গ্ৰাম ইউৰিয়া আৰু ২৭৫ গ্ৰাম পটাছ সাৰ পুলি ৰোৱাৰ ৯ মাহৰ পাছত প্ৰয়োগ কৰিব লাগে।কল খেতিডৰা পৰিষ্কাৰকৈ ৰখা উচিত।আন এটা মন দিবলগীয়া কথা হ’ল যে কলৰ ডিল নোলোৱালৈকে মাতৃগছত এটাও পুলি ৰাখিব নালাগে।এনে কৰিলে কলগছজোপাত বেমাৰ-আজাৰ কম হোৱাৰ লগতে কলৰ থোকবোৰো ডাঙৰ হয়।শস্য কৃমিৰ আক্ৰমৰ পৰা কল খেতিডৰা বচাবলৈ পুলিও ৰোৱাৰ সময়ত প্ৰতিটো পুলিৰ বাবে ৪০ গ্ৰামকৈ ফুৰাডন ঔষধ বোকাৰ সৈতে মিহলাই প্ৰয়োগ কৰিব লাগে।গ-গছত ঘুণে ধৰা পোক নিবাৰণ কৰিবলৈ ১.৫ মিলিলিটাৰ মালাথিয়ন ৫০ ইচি দৰব প্ৰতিলিটাৰ পানীত মিহলাই গছ আৰু পাতত স্প্ৰে কৰিলে সুফল পোৱা যায়।কলৰ বাকলি খোৱা এবিধ বিশেষ পোকে কলৰ বজাৰ মুল্য যথেষ্ট হ্ৰাস কৰে।

এই পোকবিধ নিবাৰণ কৰিবলৈ ইকালাক্স নাইবা মালাথিয়ন ৫০ ইচি দৰব ১.৫ মিলিলিটাৰ প্ৰতিলিটাৰ পানীত মিহলাই কলৰ ডিল মেলাৰ লগে লগে গছৰ পাতত এবাৰ আৰু কলৰ আখি ওলোৱাৰ সময়ত আৰু এবাৰ স্প্ৰে কৰিব লাগে।পানাম নামৰ কলৰ মহামাৰীসদৃশ বেমাৰবিধ নিয়ন্ত্ৰণ কৰিবলৈ আক্ৰান্ত গছবোৰ মুঢ়ালৈকে উভালি আনি আঁতৰত পুতি পেলোৱাৰ লগতে মাটিৰ উপৰিভাগ ,আন কলৰ গা-গছ,পাত আদিত ১ শতাংশ বৰডো মিশ্ৰণ নাইবা বেভিষ্টিন নামৰ দৰব ১ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই ভালদৰে তিতি যোৱাকৈ প্ৰয়োগ কৰিব লাগে।বাঞ্চিটপ নামৰ বেমাৰবিধ নিবাৰণ কৰিবলৈ আক্ৰান্ত গছবোৰ কাটি পেলাব লাগে আৰু কল খেতিডৰাত ৰগৰ নামৰ দৰব ২ মিলিলিটাৰ প্ৰতিলিটাৰ পানীত মিহলাই প্ৰয়োগ কৰিব লাগে।একেডৰা মাটিত তিনিবাৰ ফচল চপোৱাৰ পাছত ঠাইডোখৰ সলোৱা উচিত।

লেখক : তৰুণ হাজৰিকা

লগতে পঢ়ক- 

১৭ বছৰে ভেঞ্চাৰ স্কুলত বিনা বেতনে শিক্ষাদানৰ লগতে কৰি আহিছে খেতি

English Summary: Banana farming A to Z
Published on: 15 November 2023, 03:54 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now