Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 19 September, 2022 4:16 PM IST
পিঁয়াজ খেতিৰ A to Z

অসমত অন্য শাক-পাচলিৰ দাম বাঢ়ক-নাবাঢ়ক একো নাই কিন্তু পিয়াঁজৰ দাম বঢ়াৰ লগে লগেই ৰাজ্যজুৰি হুলস্থুল লাগি যায়। গতিকে সহজে অনুমেয় যে ৰাজ্যত পিয়াঁজৰ চাহিদা কিমান। কিন্তু অসমত পিয়াঁজৰ চাহিদা অনুপাতে পিয়াঁজৰ উতপাদন একেবাৰে কম। পিয়াঁজ নহ’লে নহয় কিন্তু অসমীয়া মানুহে পিয়াঁজৰ খেতি নকৰে। কিন্তু পিয়াঁজৰ খেতি ব্যৱসায়িকভাৱে নহ’লেও অন্তত দুই তিনিমাহৰ কাৰণে কাৰণে ঘৰতে খাব পৰাকৈ সকলো মানুহে পিয়াঁজৰ খেতি কৰিব পাৰে। গাঁৱৰ লোকসকলে নিজৰ শাকনিবাৰীখনত বা চহৰে লোকসকলে চাদতো পিয়াজৰ খেতি কৰিব পাৰে।

ছাদ নথকা টাউনৰ লোকসকলে ফুলৰ টাব আদিতো পিয়াঁজ ৰুই পিয়াঁজৰ পাত খাব পাৰে। কিন্তু এই লেখাটো ব্যৱসায়িকভাৱে পিয়াঁজৰ খেতি কৰিব বিচৰা কৃষকসকলৰ বাবেহে। পিয়াঁজ শীতকালত কৰা হয়। পিয়াঁজৰ বাবে অতি সাৰুৱা আৰু মিহি মাটিৰ প্ৰয়োজন হয় যদিও সকলো প্ৰকাৰৰ মাটিতে এই খেতি কৰিব পাৰি। বালিচহীয়া মাটিত বেচিকৈ আৰু ঘনাই ঘনাই পানীৰ দৰকাৰ হয় যদিও সোনকালে পিঁয়াজ চপাব পাৰি।

পিঁয়াজৰ খেতি প্ৰত্যক্ষভাৱে বীজ সিঁচি আৰু পিঁয়াজৰ পুলি ৰুই দুইধৰণেৰে কৰিব পাৰি, অধিক উত্পাদন আৰু গুণগতভাবে ভাল পিঁয়াজ উত্পাদনৰ বাবে মাটি বোকা কৰি পিঁয়াজৰ পুলি ৰুই কৰা খেতিহে উত্তম পদ্ধতি। অসমত ৰবি বতৰৰ সময়তহে পিঁয়াজ খেতি কৰিব পাৰি। আগতীয়াকৈ অৰ্থাত্ ছেপ্তেম্বৰ-অক্টোবৰ মাহতে পিঁয়াজৰ বীজ সিঁচি অক্টোবৰ-নবেম্বৰ মাহত পিঁয়াজ পুলি ৰুব লাগে। দেৰিকৈ পিঁয়াজৰ খেতি কৰিলে অসমত হোৱা আগতীয়া বৰষুণে এই খেতি অনিষ্ট কৰাৰ সম্ভাৱনাৰ লগতে মাটিৰ পৰা উঠোৱাৰ পিছত ইয়াক শুকোৱাবলৈ অসুবিধা হয়।

অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিভাগ, অসমে অনুমোদন জনোৱা জাতবোৰ হ’ল- পুচা ৰেড, পুচা ৰত্নাৰ, পুচা হোৱাইট (ৰাউণ্ড), পুচা হোৱাইট (ফ্লেট), এন-৫৩, এগ্ৰিফাউণ্ড লাইট ৰেড, পঞ্জাব ৰেড ৰাউণ্ড, পুচা মাধুৰী, আৰ্কা নিকেতন আদি। ৪-৫ বাৰ হাল বাই মাটি ভালদৰে মিহি কৰিব লাগে আৰু পিছত মৈয়াই সমান কৰিব লাগে। মাটিডৰাত ভাগ ভাগ কৰি কিছুমান সৰু সৰু ভেটি তৈয়াৰ কৰিব লাগে। ভেটিবোৰৰ আকাৰ সাধাৰণতে ৬ ফুট বহল আৰু প্ৰয়োজনীয় দীঘল হ’ব লাগে আৰু ভেটিবোৰৰ মাজত ১-১.৫ ফুট জোখৰ নলা থাকিব লাগে।

পিয়াজ খেতি

পচন সাৰ- ১৫-২০ কুইন্টল, ইউৰীয়া- ১৮ কিলোগ্ৰাম, একক চুপাৰ ফচফেট- ৪০ কিলোগ্ৰাম, আৰু মিউৰেট অৱ পটাছ- ১০ কিলোগ্ৰাম মাটিত প্ৰয়োগ কৰিৱ লাগে। ইউৰীয়া সাৰৰ ১২ কিলেগ্ৰাম, সমূদায় একক চুপাৰ ফচফেট আৰু পটাছ পুলি ৰোপন কৰাৰ আগেয়ে মাটিত প্ৰয়োগ কৰিব লাগে। ইউৰীয়া সাৰৰ বাকী অংশৰ ৩ কিলেগ্ৰাম পুলি ৰোৱাৰ ৩০-৪০ দিন পিছত আৰু বাকী ৩ কিলেগ্ৰাম ৬০-৭০ দিনত পাতত স্প্ৰে কৰিব লাগে। কিন্তু এটা কথা মনত ৰাখিব লাগে যাতে সকলোখিনি সাৰ পিঁয়াজৰ গুটি ধৰাৰ আগেয়ে প্ৰয়োগ কৰি শেষ কৰিব লাগে। আগতে প্ৰস্তুত কৰি থোৱা ভেটিবোৰত শাৰী পদ্ধতিত ৬-৮ সপ্তাহৰ পিঁয়াজ পুলি ৰোপন কৰিব লাগে। শাৰীবোৰৰ মাজৰ দূৰত্ব ২০ ছেন্টিমিটাৰ (৮ ইঞ্চি) আৰু পুলিবোৰৰ মাজৰ দূৰত্ব ১০ ছেন্টিমিটাৰ (৪ ইঞ্চি) হ’ব লাগে। কম বয়সীয়া পুলি ৰুলে পুলি ঠন ধৰাত অসুবিধা হয় আৰু বেছি বয়সীয়া পুলি ৰুলে সোনকালে সৰু সৰু পিঁয়াজ ধৰিবলৈ আৰম্ভ কৰে। গতিকে সময়মতে পুলিসমূহ ৰূৱ লাগে।

পিঁয়াজ খেতি

পিঁয়াজৰ শিপা সাধাৰণতে মাটিৰ খুউব ওপৰতে অৰ্থাত, ৩-১৫ ছেন্টিমিটাৰ ভিতৰতে থাকে। সেয়ে পানীযোগানৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ। পুলি ৰোপনৰ আগেয়ে মাটিত পাতলীয়াকৈ যোগান ধৰি মাটিখিনি সিক্ত কৰি ল’ব পাৰিলে ভাল। সোনকালেই পুলিবোৰ ঠন ধৰি উঠাত সুবিধা হয়। পিছত প্ৰতি এসপ্তাহৰ মূৰে মূৰে জলসিঞ্চন কৰিব লাগে। পিঁয়াজৰ গুটি ধৰিবৰ বাবে পানীযোগান অতি আৱশ্যকীয়। কিন্তু, পিঁয়াজ চপোৱাৰ ১৫ দিনৰ আগতে পানীযোগান বন্ধ কৰিব লাগে।

লগতে পঢ়ক- ঘৰতে খাবলৈ আপুনিও কৰিব পাৰে এই কেইবিধ খেতি

English Summary: A TO Z OF ONION CULTIVATION
Published on: 19 September 2022, 03:58 IST