1. অন্যান্য

ধান খেতি ভাগ্য পৰীক্ষা নহয়, ভাল ফল পাবলৈ গুৰুত্ব দিব লাগিব এইবোৰ কথাত

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Paddy farming New Methods
Paddy farming New Methods

বহাগ বিহুৰ পাছৰ পৰাই ধান খেতিত নামি পৰিব আমাৰ কৃষকসকল। অসমৰ অধিকাংশ গ্ৰাম্য লোকেই ধান খেতি কৰে। আমাৰ বেছি ভাগ কৃষকেই পৰম্পৰাগতভাৱে আমাৰ ককা-আজু ককাসকলে যিদৰে খেতি কৰে তেনেদৰেই ধান খেতি কৰে। নতুনৰ নামত কেৱল, টেক্টৰ পাৱাৰটিলা লগায়। বাকী সকলোবোৰ আগৰ দৰেই। যাৰবাবে অসম এখন কৃষিপ্ৰধান ৰাজ্য হৈয়ো চাউলৰ বাবে পাঞ্জাৱ-হাৰিয়ানাৰ কৃষকৰ ওপৰত নিৰ্ভৰশীল। উদাহৰণস্বৰূপে- অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে অন্ন সুৰক্ষা যোজনাৰ অধিনত যি চাউল অসমৰ বিপিএল শ্ৰেণী লোকক যোগান ধৰে সেই চাউল অসমৰ কৃষকে কৰা ধানৰ চাউল নহয়। কিন্তু অসমৰ কৃষকে পৰিকল্পনা লৈ ধানৰ খেতি কৰিলে পাঞ্জাৱ-হাৰিয়ানাৰ ওপৰত আমি চাউলৰ বাবে নিৰ্ভয় কৰিব লগা নহয়।

প্ৰথম কথা আমাৰ কৃষকে উন্নত জাতৰ ধান খেতি নকৰে। কৃষি বিজ্ঞানীসকলে উন্নত জাত সঁচ প্ৰতিবছৰে উদ্ভাৱন কৰিছে যদিও অধিকাংশ কৃষকৰ পথাৰ নাপায়গৈ এই উন্নত জাতৰ ধানৰ সঁচসমূহে। তদুপৰি আমাৰ কৃষকসকলেও এনে উন্নত জাতৰ নতুন ধানসমূহৰ খেতিৰ প্ৰতি আগ্ৰহী নহয়। তেওঁলোকে শালি, জাহিঙিয়া আদি ধানৰ জাতসমূহৰ ওপৰতেই আজিও নিৰ্ভৰশীল। ফলত আমাৰ কৃষকসকলৰ অৱস্থা এতিয়াও লাওলোৱা অৱস্থা। আৰু কোনো পৰিকল্পনা লৈ নকৰা বাবে এবিঘা মাটিত ৪-৫ হাজাৰ টকা খৰচ কৰি ধান খেতি কৰে আৰু ধান খেতিৰ পৰা ওলায় ৩হাজাৰ-৪ হাজাৰ।

লগতে পঢ়ক- 

Ridge gourd farming : জানুৱাৰী-ফেব্ৰুৱাৰীতে আগতীয়াকৈ আৰম্ভ কৰক জিকাৰ খেতি!

দ্বিতীয় কথা, কোনবিধ ধান খেতিৰ বাবে কেনেকুৱা মাটি উপযোগী সেই কথা আমাৰ কৃষকসকলে নাজানে। আৰু সেইকথা কাৰোৰ পৰা জানিবলৈয়ো নিবিচাৰে। অনুমান কৰি, বহু সময়ত আনৰ পৰা শুনিয়েই খেতি কৰে। তেওঁলোকে কোনোদিন ধাননি পথাৰত ৰাসায়নিক বা জৈৱিক সাৰ প্ৰয়োগ নকৰে। ধান খেতি কোনোদিন লাভৰ মুখ নেদেখে আমাৰ কৃষকসকলে।

তৃতীয় কথা, আমাৰ কৃষকসকলে বজাৰত যি ধানৰ মূল্য বেছি সেই ধানৰ খেতি একেবাৰেই নকৰে। তেওঁলোকে বজাৰত দাম নাইকীয়া ধানৰ খেতিত অধিক গুৰুত্ব দিয়ে। অসমৰ বৰা, জহা, বাও, কলা ধান, লাবণ্য আদি ধানৰ মূল্য ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বজাৰত বহুত বেছি। কিন্তু অসমৰ অধিকাংশ কৃষক এই ধানবোৰৰ খেতি নকৰে।গতিকে আমাৰ কৃষকসকল এই দিশসমূহত সচেতন হৈ কাম কৰিব লাগিব। কাৰণ খেতি ভাগ্য পৰীক্ষাৰ দৰে নহয়। ইয়াৰ ভাল ফল পাবলৈ কিছুমান নতুন কথাত গুৰুত্ব দিব লাগিব।

লগতে পঢ়ক- 

ধান ভাল নোহোৱা বাম মাটি এবিঘাত এইবাৰ তিয়ঁহ খেতি কৰক

English Summary: Paddy farming New Methods

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.