1. অন্যান্য

Rural Business Idea : কৃষিভূমি থকা আৰু নথকাসকলেও কৰিব পাৰিব এই তিনিটা কাম

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Amrapali Mango
Amrapali Mango

অম্ৰপালি আমৰ খেতি

ফটোত দেখা এই আমবোৰ কৃষক ধনীৰাম চেতিয়াৰ বাৰীৰ। এই আমৰ জাতটোৰ নাম অম্ৰপালি। পূৰ্বতে আমি উত্তৰ, বিহাৰ আদি বহিঃৰাজ্যতহে এনে আমৰ খেতি দেখিছিলো। এই আমবোৰৰ এটা বিশেষত্ব হল যে ই কম দিনতে লাগে আৰু চাপৰতে লাগে। স্কীনত আপোনালোকে দেখিছে হাতেৰে চিঙিব পৰা চাপৰতে আমবোৰ ঠপাঠপে লাগিছে। ব্যৱসায়িকভাৱে আমৰ খেতি কৰিব বিচৰা কৃষকসকলে এই জাতটোৰ আমৰ খেতি কৰিব পাৰে। আৰু এবিঘা মাটিতে খেতি কৰি আপোনালোকে লাখ টকা উপাৰ্জন কৰিব পাৰিব। ব্যৱসায়িক ভিত্তিত নকৰিলেও ঘৰতে খাবৰ বাবে কৃষকসকলে নিজৰ ঘৰতে দুই-এজোপা ৰোপন কৰি ল’ব পাৰে। কেৱল চাপৰতে লগা আমেই নহয় আমাৰ থলুৱা আমো একোজোপাকৈ ঘৰত ৰোপন কৰি ল’ব লাগে। আজিকালি আমাৰ থলুৱা আমবোৰ প্ৰায় হেৰাই যোৱাৰ দৰেই হৈছে। গতিকে থলুৱা আম এজোপাকৈ ঘৰতে ৰুই ইয়াৰ সংৰক্ষণ কৰাৰ লগতে বতৰৰ ফল বতৰত খাব পাৰিব।

Mushroom Farming
Mushroom Farming

কাঠফুলা খেতি

আমি দেখিবলৈ পাওঁ আমাৰ গাঁৱৰ মহিলাসকলৰ অধিকাংশই গৃহিনীৰ কামখিনি কৰাৰ পাছতে ইঘৰ পৰা সিঘৰলৈ গৈ সময়বোৰ নষ্ট কৰে। আৰু তেওঁলোকে স্বামীৰ উপাৰ্জনৰ ওপৰতে নিৰ্ভৰ কৰি চলি থাকে। গতিকে বহু সময়ত পৰিয়ালটোৰ চলাই নিয়াত অৰ্থনৈতিকভাৱে অসুবিধা হয়। গাঁৱৰ এনে মহিলাসকলে ঘৰতে কম ঠাইতে কাঠফুলা খেতি কৰিব পাৰে। কাঠফুলা খেতি কম ঠাইতে, কম সময়তে, কম খৰচতে, কম পৰিশ্ৰমতে কৰিব পাৰে। আমাৰ অসমৰ বহুকেইগৰাকী মহিলাই এনেদৰে কাঠফুলা খেতি কৰি ভাল উপাৰ্জন কৰি আছে আৰু ঘৰখন চলাই নিয়াত অৰ্থনৈতিক সকাহ দি আহিছে। এই মহিলাসকলৰ দৰে আমাৰ গ্ৰাম্য মহিলাসকলেও ঘৰতে এনেদৰে কাঠফুলা খেতি কৰিব পাৰে।

Egg Plant
Egg Plant

কণী বেঙেনাৰ খেতি

বাৰিষা কালত ভাল উপাৰ্জন কৰিবৰ বাবে আমাৰ কৃষকসকলে কৰিব পাৰে কণী বেঙেনাৰ খেতি। পাঞ্জাব-হাৰিয়ানাৰ বহু কৃষকে কণী বেঙেনাৰ খেতি কৰি যথেষ্ট লাভান্বিত হৈছে। এই কণী বেঙেনা আন বেঙেনাত খাবলৈ যথেষ্ট ভাল আৰু স্বাস্থ্য উপযোগী। জৈৱিকভাৱে কৰিলে বজাৰত ইয়াৰ দামো যথেষ্ট পৰিমাণে পাব কৃষকজনে। সাধাৰণতে এই বেঙেনাৰ দাম বজাৰত এনেও বেছি। সাধাৰণতে আমাৰ কৃষকসকলৰ বহু ধান খেতি ভাল নোহোৱা মাটি থাকে। তেনেকুৱা মাটিত ধান খেতিৰ সলনি কৃষকসকলে কণী বেঙেনাৰ খেতি কৰিব পাৰে। আপোনালোকক গেৰান্টি কও- এবিঘা মাটিত বেঙেনা খেতি কৰিলে ধানতকৈ ৫ গুণ অধিক উপাৰ্জন কৰিব পাৰিব কৃষকসকলে।

Malta Farming benefit
Malta Farming benefit

মাল্টা টেঙাৰ খেতি

শেহতীয়াকৈ অসমৰ কৃষকে মাল্টা টেঙাৰ খেতি কৰি যথেষ্ট লাভান্বিত হৈছে। দেখাত ই মৌচুমী টেঙাৰ দৰে যদিও মাল্টাৰ ৰস আৰু সোৱাদ মৌচুমীতকৈ অধিক। মাল্টা এবাৰ ৰুলে ২০ বছৰলৈ মাল্টা জোপাই ফল দি থাকে। বছৰৰ সকলো সময়তে মাল্টা গছত ফল লাগে। গোৱালপাৰাৰ বিপুল চন্দ্ৰ নাথে মাল্টা টেঙাৰ খেতি কৰি যথেষ্ট লাভান্বিত হৈছে। প্ৰথম অৱস্থাত তেওঁ ৫৩০ পুলি ৰোপন কৰে। পুলি ৰোপন কৰাৰ ৩ বছৰৰ পাছতে মাল্টাৰ গছবোৰত ফল লাগিবলৈ ধৰে । প্ৰথমবাৰত তেওঁ ৫৩০ জোপা মাল্টাৰ পৰা ২২ কুইন্টল মাল্টা পাবলৈ সক্ষম হয়। বজাৰত তেওঁ মাল্টাবোৰ ১০০ টকা দৰত বিক্ৰি কৰে।

লগতে পঢ়ক- 

কাঠফুলাৰ খেতিৰে স্বাৱলম্বী কেইগৰাকীমান মহিলা

English Summary: 3 Agri Rural Business Idea

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.