1. এগ্ৰিপেডিয়া

Butterfly pea : অনলাইনত ১ কেজি শুকান অপৰাজিতাৰ দাম ৮ হাজাৰ টকা

KJ Staff
KJ Staff
Butterfly pea Farming Benefit
Butterfly pea Farming Benefit

অপৰাজিতা আমাৰ সমাজৰ এক অতি পৰিচিত অনন্য সুন্দৰ ফুল৷ প্ৰায় প্ৰতিঘৰ মানুহৰ পদুলিতে অপৰাজিতা এজোপা দেখিবলৈ পোৱা যায়৷ ইয়াক বিভিন্ন নামেৰে জনা যায়৷ বিষ্ণুকান্তা, যোনিপুষ্প, গোকৰ্ণী, গিৰিকৰ্ণী ইত্যাদি৷ ইয়াৰ ইংৰাজী নাম Butterfly pea, Blue pea, Asian pigeon wings, bluebellvine, cordofan pea বা darwin pea বৈজ্ঞানিক নাম- Clitoria ternatea.

অপৰাজিতা সচৰাচৰ নীলা আৰু বগা এপহীয়া বিধেই সহজতে দেখা পোৱা যায় যদিও double patel অপৰাজিতাও দেখা পোৱা যায়৷ আজিকালি ভিন্ন ৰঙি অপৰাজিতাও পোৱা যায়৷ মোৰ সংগ্ৰহত বিভিন্নৰঙী কিছু দুৰ্লভ অপৰাজিতা যোৱাটো চিজনত ৰুই বীজ সংৰক্ষিত কৰিছো৷ অপৰাজিতাৰ ধৰ্মীয়, আধ্যাত্মিক, জ্যোতিষ আৰু তান্ত্ৰিক আৰু বাস্তু প্ৰয়োগৰ কথা বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি৷ নগৰীয়া সভ্যতাৰ আগৰ পৰ্যায়ত দেৱী দূৰ্গাৰ পূজাৰ দশমী পূজাৰ ঠিক পিছতেই অপৰাজিতা পূজা সম্পন্ন কৰা হৈছিল৷ শ্বেত অপৰাজিতা ৰোপণ কৰি অপৰাজিতাৰ ডাল নৱবস্ত্ৰত মেৰিয়াই বলয় হিচাবে ভক্তৰ বাহুত বন্ধা হৈছিল৷ মই ইয়াত সামান্য ভাৱে অপৰাজিতাৰ আধ্যাত্মিক গুৰুত্বৰ কথাহে বুজাব খুজিছো৷

লগতে পঢ়ক- 

New Farming Technique : বোকা-পানী, ৰ’দ-বৰষুণ নলগাকৈ এই পদ্ধতিৰে খেতি কৰক

আজি মই কব খোজা কথাটো হল বৰ সহজতে আৰু বিশেষ যত্ন নোলোৱাকৈ ৰুই ফুল সংগ্ৰহ কৰিব পৰা অপৰাজিতাই অসমৰ অৰ্থনীতি সলাই পেলাব পাৰে৷ বৰ্তমান অপৰাজিতা চাহৰ মূল্য আকাশলঙ্ঘী৷ অপৰাজিতা শুকান ফুলৰ বজাৰখন ৰমৰমিয়া৷ ফুল চিঙি শুকুৱালেই ইয়াৰ মূল্য অকল্পনীয়৷ কাৰন ইয়াৰ স্বাস্থ্যলাভ৷ ৫০ গ্ৰাম এই শুকান অপৰাজিতা ফুলৰ মূল্য অনলাইনত ৩৯৯/-টকা অৰ্থাত ৮০০০/- টকা কিলো৷

অসমৰ মহিলা সকল এই বিষয়ত সজাগ হলে নগণ্য পৰিশ্ৰমেৰে এটা অৰ্থনৈতিক সোনালী যাত্ৰাৰ আৰম্ভণি হব পাৰে৷ অলপ চিন্তা কৰিব চোন৷ এই কথাখিনি অসমত উভৈনদী জবাফুলৰ ক্ষেত্ৰতো প্ৰযোজ্য৷ পাইকাৰী মূল্যত সংশ্লিষ্ট কোম্পানী সমূহক আধামূলীয়াকৈ ৪০০/- টকা কিলো হিচাবে যোগান ধৰিলেও আজিৰ তাৰিখত এপইচাও খৰচ নকৰাকৈ এইমূল্য পাব পৰা কোনো কৃষি উৎপাদন অসমত নাই৷ মহিলা সকলে গাইগোটীয়াকৈ আৰু গোট সমূহে কথাটো চিন্তা কৰি চাব পাৰে৷

লেখক- যোগে দাস

(লেখাটো Jogesh Das ৰ ফেচবুক পেজৰ পৰা সংগৃহীত)

লগতে পঢ়ক- 

Morel mushroom : কাশ্মীৰ এই কাঠফুলা বিধৰ এক কেজিৰ দাম ২০-২৫ হাজাৰ

English Summary: Butterfly pea Farming Benefit

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.