1. পশুপালন

Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Goat farming Training & its benefit
Goat farming Training & its benefit

সম্প্ৰতি কম ঠাইত, কম খৰচেৰে ভাল লাভৰ বাবে বহু শিক্ষিত যুৱক-যুৱতীয়ে ছাগলী পালনৰ প্ৰতি প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। নতুন পদ্ধতিৰে ছাগলী পালন প্ৰক্ৰিয়াটো অসমত নতুনকৈ  গঢ় লৈ উঠা এটা উদ্যোগ। এই উদ্যোগটোৰ বৃদ্ধিৰ বাবে আৰু চৰকাৰে ছাগলী পালকসকলক উৎসাহিত কৰিবৰ বাবে কম সূতত ঋণ দিয়াৰো ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়াকৈ  পশুপালনৰ প্ৰতি আগ্ৰহীসকললৈ চৰকাৰে ৫০ শতাংশ ৰাজসাহাৰ্যৰে ১০-৫০ লাখলৈ লোনো আগবঢ়াইছিল। বৰ্তমানেও গ্ৰাম্য মহিলাসকলক ছাগলী পালনেৰে স্বাৱলম্বী কৰি তুলিবলৈ “গ্রাম্য পিছচোতালৰ ছাগলী উন্নয়ন আচঁনি”ৰ অধীনত হিতাধিকাৰীৰ মাজত ছাগলী বিতৰণ কৰি আহিছে ৰাজ্যৰ পশুপালন আৰু পশুচিকিতসা বিভাগে। তদুপৰি ছাগলীৰ লগতে পোহনীয়া পশুৰ বেমাৰ আজাৰৰ চিকিতসাৰ বাবে বিনামূলীয়া পশুধন সাৰথি বাহনৰ লগতে এটা ট্ৰল ফিৰি নাম্বাৰো পশুপালকসকলৰ বাবে মুকলি কৰিছে। ১৯৬২ নাম্বাৰত ফোন কৰিলেই পশুপালকসকলে ইয়াৰ সুবিধা লাভ কৰিব।

ব্যৱসায়িক ভিত্তিত ছাগলী পালনৰ বাবে প্ৰথমে ছাগলী পালকগৰাকীক প্ৰশিক্ষণ অত্যন্ত জৰুৰী। কমকৈ হ’লেও এমাহ-দুমাহৰ বাবে ছাগলী পালনৰ প্ৰতি আগ্ৰহীসকলে প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগে। প্ৰশিক্ষণে ছাগলী পালকগৰাকীক বিভিন্ন দিশত সহায় কৰিব। ছাগলীবোৰৰ বেমাৰ-আজাৰৰ লক্ষণ, ছাগলীৰ উন্নত জাত, প্ৰতিপালন, ঘাঁহ, দোকানৰ কোনবোৰ দানা ভাল, কিমান বয়সত কেনেকুৱা ধৰণৰ দানা খোৱাব লাগে, ছাগলীৰ গঁড়ালটো কেনেকৈ বনাব লাগে, প্ৰথম অৱস্থাত কিমান ছাগলীৰে ছাগলী ফাৰ্মখন আৰম্ভ কৰিব লাগে ইত্যাদি কথাবোৰ ছাগলী পালনৰ প্ৰতি আগ্ৰহীজনে জানিব পাৰিব প্ৰশিক্ষণত।

লগতে পঢ়ক- 

Rainbow Rooster : ৰেইনবো ৰুষ্টাৰ কুকুৰা পালন লাভান্বিত হৈছে নলবাৰীৰ কুকুৰা পালক

অসমত ছাগলী পালনৰ জৰিয়তে সফলতা লাভ কৰা ছাগলী পালকসকলৰ ভিতৰত নলবাৰীৰ পৰীমিতা শৰ্মা অন্যতম। তেওঁ এগৰাকী শিক্ষিত নাৰী। তেওঁৱো ছাগলী পালন কৰাৰ পূৰ্বে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। প্ৰশিক্ষণ সমাপ্ত কৰাৰ পাছতে দুটা ছাগলীৰে ছাগলী ফাৰ্মখন আৰম্ভ কৰিছিল। বৰ্তমান তেওঁৰ ছাগলী ফাৰ্মখনত বিভিন্ন জাতৰ ৮০-৯০ জনী ছাগলী আছে। ছাগলী ফাৰ্মখনত দেশী-বিদেশী বিভিন্ন জাতৰ ছাগলী আছে। সেইবোৰৰ ভিতৰত বিটেল ছাগলী, যমুনাপাৰী, বৰবাৰী, ছিৰোহীৰ লগতে অসমৰ থলুৱা জাতৰ ছাগলী আছাম হিল গট। এই জাতসমূহৰ উপৰি পৰিণীতা শৰ্মাই উন্নত ছাগলীৰ জাতসমূহৰ মাজত প্ৰজনন ঘটাই বৰ্ণসংকৰ জাতৰ ছাগলী পোৱালী জগায়। আৰু সেইবোৰ বিক্ৰি কৰে। উল্লেখ্য যে দুটা ছাগলীৰে ফাৰ্ম আৰম্ভ কৰা পৰীমিতা দাসে সম্প্ৰতি বছৰি ৬-৭ লাখ টকা উপাৰ্জন কৰে লগতে কেইবাজন লোকক ছাগলীসমূহ চোৱা-চিতাৰ বাবে সংস্থাপনো দিছে। 

ছাগলী পালনৰ প্ৰতি আগ্ৰহী কোনো ব্যক্তিয়ে যদি ছাগলী পালনৰ বিষয়ে জানিব বিচাৰে পৰীমিতা দেৱীৰ লগত যোগাযোগ কৰিব পাৰে। তেওঁৰ যোগাযোগ নম্বৰ- 97068 31821। তেওঁ ছাগলী পালকসকলক প্ৰশিক্ষণ দিয়াৰ লগতে ছাগলী পালকক ছাগলীৰ পোৱালীয়ো যোগান ধৰে। মই পুনৰ জনাইছো- ছাগলী পালনৰ প্ৰতি আগ্ৰহী কোনো ব্যক্তিয়ে যদি ছাগলী পালনৰ বিষয়ে জানিব বিচাৰে পৰীমিতা দেৱীৰ লগত যোগাযোগ কৰিব পাৰে। তেওঁৰ যোগাযোগ নম্বৰ- 97068 31821। তেওঁ ছাগলী পালকসকলক প্ৰশিক্ষণ দিয়াৰ লগতে ছাগলী পালকক ছাগলীৰ পোৱালীয়ো যোগান ধৰে।

লগতে পঢ়ক- 

ছাগলী পালনেৰে স্বাৱলম্বী মাখিবাহৰ পৰিমিতা

English Summary: Goat farming Training & its benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.