1. অন্যান্য

Assam village business idea : গাঁৱত থাকি আৰম্ভ কৰক এই ৩ টা ব্যৱসায়

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Assam village business idea
Assam village business idea

গাঁৱৰ পৰা মানুহ চহৰলৈ আহে- চাকৰি এটা ল’বলৈ বা নিজাকৈ ব্যৱসায় আৰম্ভ কৰিবলৈ। কাৰণ তেওঁলোকে অনুভৱ কৰে যে গাঁৱত ব্যৱসায় আৰম্ভ কৰিলে লাভজনক নহ’ব। যদি আপুনি এখন গাঁৱত থাকে আৰু আপুনিও এনেকৈ চিন্তা কৰে, তেন্তে আপুনি সম্পূৰ্ণ ভুল চিন্তা কৰিছে, কাৰণ বৰ্তমান সময়ত গাঁৱত থাকি ব্যৱসায় আৰম্ভ কৰি লাভান্বিত হোৱাৰ বহুতো উদাহৰণ দেখিবলৈ পোৱা গৈছে। এনেদৰে গাঁৱত থাকি ভাল উপাৰ্জন কৰিব পৰা তিনিটা ব্যৱসায়ৰ ধাৰণা আজি আপোনাৰ বাবে লৈ আহিছো। যিবোৰ গাঁৱৰ মানুহে অতি সহজে আৰম্ভ কৰিব পাৰে। এই ব্যৱসায় আৰম্ভ কৰিবলৈ আপোনাক বিশেষ মূলধনৰো প্ৰয়োজন নহ’ব।

গাঁৱত থাকি এই তিনিটা ব্যৱসায় আৰম্ভ কৰক

সকলোৱে জানে বৰ্তমান সময়ত কৃষিৰ পৰিসৰ বহুত বাঢ়িছে। বৰ্তমান খেতি কৰি ইমান ভাল লাভ হৈছে যে আন কোনো কাম কৰাৰ প্ৰয়োজন নাই। গতিকে কৃষিৰে লগত জড়িত ৩ তিনিটা ব্যৱসায়ৰ কথা আজি আমি আলোচনা কৰিম। ইয়াৰে প্ৰথমটো হৈছে Seed Store আৰু দ্বিতীয়টো fertilizer shop আৰু তৃতীয়টো হৈছে Cold Storage। যদি আপুনি গাঁৱতে থাকি এই ৩ টা গাঁৱৰ ব্যৱসায়ৰ আৰম্ভ কৰিব বিচাৰে, তেন্তে এইবোৰে আপোনাক ভাল লাভ দিব।

লগতে পঢ়ক- 

Taiwanese mini watermelon : সৰু তৰমূজৰ খেতি কৰক বিঘাত ৮-৯ টনকৈ উৎপাদন কৰক

বীজভাণ্ডাৰ

গাঁৱৰ বেছিভাগ মানুহেই কেৱল খেতি কৰে, সেয়েহে কৃষকক খেতিৰ বাবে বীজৰ প্ৰয়োজন। যদি আপুনি কোনো গাঁৱত থাকে, তেন্তে আপুনি সাৰ আৰু বীজৰ দোকান খুলিব পাৰে। বিশেষ কথাটো হ’ল সাৰ আৰু বীজৰ ওপৰত চৰকাৰে দিয়া ৰাজসাহায্যৰ সুবিধাও আপুনি ল’ব পাৰে। ইয়াৰ জৰিয়তে আপুনি সহজেই ব্যৱসায় আৰম্ভ কৰিব পাৰে। কৃষকসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি উন্নত বীজ, নতুন সঁচ, বতৰৰ শাক-পাচলিৰ আদি আপোনাৰ বীজ ভাণ্ডাৰে যোগান ধৰিব পাৰিলে নিশ্চিতভাৱে লাভান্বিত হ'ব।

শীতল ঘৰ

অসমৰ গ্ৰামাঞ্চলত শীতল ঘৰৰ সুবিধা বৰ্তমানেও সহজলভ্য নহয়। এনে পৰিস্থিতিত কৃষকৰ ফল-মূল নষ্ট হৈ যায়। যদি আপুনি গাঁৱত থাকি ব্যৱসায় কৰিব বিচাৰে, তেন্তে আপুনি নিজাকৈ কল্ড ষ্ট’ৰেজ আৰম্ভ কৰিব পাৰে। যদিও প্ৰথম অৱস্থাত খৰচ অলপ বেছি হ’ব, কিন্তু এই ব্যৱসায়ৰ পৰা আপুনি বহুত ভাল ৰিটাৰ্ণ পাব।

সাৰৰ দোকান

ওপৰত আমি উল্লেখ কৰিছোৱেই যে গাঁৱৰ বেছিভাগ মানুহে খেতি কৰে। গতিকে বীজৰ দৰে সাৰৰো প্ৰয়োজন হয় কৃষকজনক। কৃষকসকলক সাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি গাঁৱতে আপুনি সাৰৰ যোগান ধৰা ব্যৱসায় এটা আৰম্ভ কৰিব পাৰে।

লগতে পঢ়ক- 

Gir Gaai : এজনী গিৰ গাইৰ দাম কিমান, দৈনিক কিমান লিটাৰ গাখীৰ দিয়ে!

English Summary: Assam village business idea

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.