1. News

Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Mobile Veterinary Services Number
Mobile Veterinary Services Number

বানপানী হৈ থকা অৱস্থাত বা বানপানী যোৱাৰ সময়ত বা অন্যান্য যিকোনো সময়ত গৰু, ছাগলী, কুকুৰ, গাহৰি আদিৰ লগতে পোহনীয়া জীৱ-জন্তুসমূহৰ যিকোনো বেমাৰ হ’লে এতিয়াৰে পৰা পশুপালকসকলে ঘৰতে পাব চিকিৎসা পোৱাৰ ব্যৱস্থা কৰিছে ৰাজ্যৰ পশুপালন আৰু পশুচিকিৎসা বিভাগে।

মানুহৰ বেমাৰ হ’লেই ১০৮ নাম্বাৰত ফোন কৰিলে মৃত্যুঞ্জয় বাহন আহি পোৱাৰ দৰে এতিয়া ঘৰচীয়া জীৱ-জন্তু, পশু-পক্ষীৰ বেমাৰ হ’লেই ফোন কৰিলেই ম’বাইল ভেটিনাৰীৰ বাহন আহি হাজিৰ হ’ব  আপোনাৰ পদূলিত। তদুপৰি, ফোন কৰিয়েই আপুনি আপোনাৰ পোহনীয়া পশুটোৰ যিকোনো ৰোগৰ বিষয়ে জানিব পাৰিব। লগতে জানিব পাৰিব পশুপালন কৰিবলৈ কৃষক বা পশুপালকসকলে ঋণ সম্বন্ধীয় তথ্যও।

এতিয়াৰে পৰা আপুনি ১৯৬২ নাম্বাৰত ফোন কৰিলেই পশুপালন ও পশুচিকিৎসা বিভাগৰ চিকিৎসক আৰু কৰ্মচাৰীসকলে ৰোগাক্ৰান্ত পোহনীয়া পশুৰ কাষত উপস্থিত হ'ব ৷ আৰু এই ভ্ৰাম্যমাণ "পশুধন সাৰথি"ৰ লগত একোজনকৈ পশুপালন চিকিৎসক, ফিল্ড এছিচটেণ্ট আৰু ড্ৰাইভাৰসহ মুঠ ৩গৰাকী পশুসেৱাৰ বাবে উপস্থিত হ'ব।

এইবিষয়ে আমাৰ বহু পশুপালকে নাজানে। গতিকে এই বিষয়ে আমি পূৰ্বেও প্ৰতিবেদন বনাইছো যদিও পুনৰ পশুপালকসকলে জানিবৰ বাবে এই তথ্যখিনি যুগুত কৰিছো। বহুলোকে ইতিমধ্যে এই সেৱাৰ সুবিধা লাভ কৰিছে। আপোনাৰ পশুধনৰো যদি কোনো ৰোগত আক্ৰান্ত হৈছে আপুনিও ফোন কৰিব পাৰে।

লগতে পঢ়ক- 

Gir Gaai : এজনী গিৰ গাইৰ দাম কিমান, দৈনিক কিমান লিটাৰ গাখীৰ দিয়ে!

English Summary: Mobile Veterinary Services Number

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.