1. News

Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি

PANKAJ KHANIKAR
PANKAJ KHANIKAR

কাইলৈৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অৰ্থাত ৬,৭ আৰু ৮ ডিচেম্বৰত দিল্লীৰ আইচিআৰ পুছা গ্ৰাউণ্ডত মিলিয়নাৰ ফাৰ্মাৰ অফ ইন্দিয়া এৱাৰ্ড ২০২৩ অনুষ্ঠান। দেশ-বিদেশৰ কৃষক, পশুপালকৰ লগতে বঁটা প্ৰদান অনুষ্ঠানটোত উপস্থিত থাকিব কৃষিখণ্ডৰে জড়িত বিভিন্ন উদ্যোগপতি, ব্যৱসায়ী আৰু দেশৰ কৃষি বিভাগৰ লগত জড়িত বিভিন্ন ব্যক্তি।

কৃষিক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা কৃষক, কৃষকগোষ্ঠী, কৃষি উদ্যোগীসকলক সন্মান জনোৱা হ’ব এই অনুষ্ঠানত। লগতে ক্ৰেতা-বিক্ৰেতাসকলৰ মাজত মত-বিনিময় অনুষ্ঠানো সম্পন্ন হ’ব। আৰু বিভিন্ন বিষয়ত কৃষক আৰু কৃষিখণ্ডকলৈ আলোচনা চক্ৰও অনুষ্ঠিত হ’ব। অনুষ্ঠানটোৰ প্ৰথম দিনৰ কাৰ্যসূচী মুকলি কৰিব কৃষক নেতা ৰাকেশ টিকাইত আৰু পুষ্পেন্দু চৌধুৰীয়ে। সন্দিয়ালৈ উপস্থিত থাকিব দেশৰ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী। আনফালে ৮ ডিচেম্বৰৰ সন্ধিয়ালৈ উপস্থিত থাকিব দেশৰ পশুপালন বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰী।

অনুষ্ঠানত ১৫ টা কেটগ’ৰীত কৃষকসকলক বঁটা প্ৰদান কৰিব। দেশৰ প্ৰতিখন ৰাজ্যৰ বঁটাৰ বাবে নিৰ্বাচিত কৃষকসকলে অংশগ্ৰহণ কৰিব। ইতিমধ্যে বহু কৃষক দেশৰ ভিন্নপ্ৰান্তৰ পৰা দিল্লী অভিমুখে যাত্ৰা আৰম্ভ কৰিছে। দুই-এজন কৃষকে ইতিমধ্যে দিল্লী ICAR পুছা গ্ৰাউণ্ডত উপস্থিত হৈছে। দেশৰ কৃষকসকলৰ বাবে এটা ঐতিহাসিক দিন হ’বলৈ গৈ আছে ৬,৭ আৰু ৮ ডিচেম্বৰ। কাৰণ দেশৰ ধনী কৃষকসকলে এই মঞ্চত উপস্থিত থাকিব। আমাৰ বহু লোকেই ভাবে কৃষক মানেই দুখীয়া দৰিদ্ৰ কিন্তু কৃষকো যে বা খেতি কৰিও কৃষক মিলিয়নাৰ হ’ব পাৰে তাৰো এক বাৰ্তা যাব দেশৰ সকলো শ্ৰেণী লোকৰ মাজলৈ। যিয়ে কৃষিখণ্ডত লুকাই থকা সম্ভাৱনাসমূহক বিচাৰিবলৈ প্ৰেৰণা যোগাব কৃষিৰ প্ৰতি আগ্ৰহী যুৱপ্ৰজন্মক।

উল্লেখ্য যে মিলিয়নাৰ ফাৰ্মাৰ অফ ইন্দিয়া এৱাৰ্ড ২০২৩ ধাৰণাটো কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ স্বত্তাধিকাৰী তথা মুখ্য সম্পাদক এম চি ডমিনিৰ। তেওঁৰ এই মিলিয়নাৰ ফাৰ্মাৰ এৱাৰ্ড অৱ ইণ্ডিয়া ধাৰণাটোৰ মাজত দেশৰ প্ৰগতিশীল কৃষকসকলক MFOI জড়িয়তে এক পৰিচয় প্ৰদান কৰা, কৃষিখণ্ডত লুকাই থকা সম্ভাৱনাসমূহক তুলি ধৰা, দেশৰ অন্নদাতাসকলক সন্মান জনোৱা আৰু নিৱনুৱা সমস্যাটো কৃষিকৰ্মৰ মাজেৰে সমাধানৰ এক সচেতন প্ৰয়াস দেখিবলৈ পোৱা যায়।

লগতে পঢ়ক- 

MTMFOI : মহিন্দ্ৰা টেক্টৰছক ভাৰতৰ মিলিয়নাৰ কৃষক বঁটাৰ স্পনছৰশ্বিপ ঘোষণা

English Summary: Come Soon MFOI Award 2023

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.