1. এগ্ৰিপেডিয়া

Turmeric Farming : এইবাৰ বাম মাটি এক-দুই বিঘাত হালধি খেতি কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Turmeric Farming Tips & Benefit
Turmeric Farming Tips & Benefit

আহি আছে হালধি খেতিৰ বতৰো। এইবাৰ আমাৰ কৃষকসকলে ধান নোহোৱা বা চন পেলাই ৰখা বাম মাটি এক- দুই বিঘা্ত হালধি খেতি আৰম্ভ কৰক। হালধি আন শস্যৰ দৰে বিক্ৰি কৰিবলৈ বৰ এটা সমস্যা নহয়। আৰু সোনকালে বেয়া হৈয়ো নাযায়। আৰু বৰ বেছি কষ্ট নকৰি, খৰচ নকৰিয়ো হালধি খেতি কৰিব পাৰে। আৰু হালধিৰ দামো বজাৰত কম নহয়। এই দিশবোৰৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ কৃষকসকলে হালধি খেতি কৰিলে নিশ্চিতভাৱে লাভান্বিত হ’ব।

হালধি ৰোপনৰ শেষ সময় এপ্ৰিল। আমাৰ কৃষকসকলে জানুৱাৰী-ফ্ৰেব্ৰুৱাৰীৰ পৰা ইয়াৰ খেতি কৰিব পাৰে। অসমৰ জলবায়ু উপযোগী হালধিৰ কেইটামান উন্নত জাত হ’ল- শ্বিলং টাইপ, টলক্ল’ন, চি এল ২৪, পি টি এচ ৩৮, পি চি টি ১৩, ভি কে ১৪৫। হালধিৰ বাবে পানী দমা নোহোৱা বালিঅহীয়া মাটি উপযোগী। মাটি খিনি ভাল দৰে চহাই কৃষকগৰাকীয়ে শাৰী বনাই ৰোপন কৰিব লাগে। এটা শাৰীৰ পৰা এটা শাৰীলৈ  ৪৫ চে: মিটাৰ আৰু এটা পুলিৰ পৰা ২৫ চে:মিটাৰ হ’ব লাগে। শাৰী বনোৱাৰে পাছতে হালধিবোৰ লোৰে খান্দি ১০ চে: মিটাৰ মান দ'ত ৰোব লাগে ৷

লগতে পঢ়ক- 

Morel mushroom : কাশ্মীৰ এই কাঠফুলা বিধৰ এক কেজিৰ দাম ২০-২৫ হাজাৰ

অসম কৃষি বিশ্ববিদ্যালয়ৰ মতে, পচন সাৰ ২০ টন, নাইট্ৰোজেন ৩০, ফছফৰাছ ৫০, পটাছ ৬০ কিলোগ্ৰামকৈ প্ৰতিটো সাৰ প্ৰতি হেক্টৰত প্ৰয়োগ কৰিব লাগে৷ ইয়াৰে পটাছৰ আধা অংশ আৰু বাকী থকা পচন সাৰ আৰু ফছফৰাছৰ সম্পূৰ্ণ অংশ মাটি প্ৰস্তুত কৰাৰ সময়তে প্ৰয়োগ কৰিব লাগে ৷ আধা অংশ নাইট্ৰোজেন আৰু বাকী থকা পটাছ সাৰ তিনিমাহৰ পিচত যেতিয়া প্ৰথমবাৰ মাটি চপোৱা হয় তেতিয়া প্ৰয়োগ কৰিব লাগে ৷ থাকি যোৱা আধা অংশ নাইট্ৰোজেন যেতিয়া ৪ মাহৰ পিছত দ্বিতীয় বাৰৰ বাবে মাটি চপোৱা হয় তেতিয়া প্ৰয়োগ কৰিব লাগে ৷ পাহাৰীয়া অঞ্চলৰ বাবে নাইট্ৰোজেন ৯০, ফছফৰাছ ৫০ আৰু পটাছ ৬০ কিলোগ্ৰামকৈ প্ৰতি প্ৰতি হেক্টৰৰ বাবে অনুমোদিত ৷ জৈৱিকভাৱে কৰিব বিচৰা নতুন কৃষকসকলে অভিজ্ঞসকলৰ পৰা বা জিলা কৃষি বিষয়াসকলৰ লগত যোগাযোগ কথাবোৰ জানি লব।

আপোনালোকক জনাও আমাৰ অসমত যিমান পৰিমাণে হালধি প্ৰয়োজন হয়। তাৰ এটা খুব কম শতাংশ হালধিহে অসমৰ কৃষকে উতপাদন কৰে। লগতে আপোনালোকক কওঁ অসমত বুজন পৰিমাণে হালধি কৃষকে উতপাদন কৰে যদিও হালধি সংশোধন প্ৰক্ৰিয়াটো উন্নতমানৰ নোহোৱা আৰু সংশোধনৰ জ্ঞান কম থকাৰ বাবে বিশেষ সফলতা নাপায়।গতিকে এই কথাটো মন কৰিব আমাৰ হালধি খেতিৰ কৃষকসকলে। আৰু এটা কথা মন কৰিব আপুনি হালধি পাউদাৰ কৰি বিক্ৰি কৰিব নে! কেঁচাকৈ বিক্ৰি কৰিব এই কথাটো মন কৰিব।

লগতে পঢ়ক- 

দেশৰ কৃষক আৰু কৃষিৰ কল্যাণৰ বাবে কৃষি জাগৰণৰ সৈতে আইচিআৰে বুজাবুজি চুক্তি

English Summary: Turmeric Farming Tips & Benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.