1. এগ্ৰিপেডিয়া

New Farming Technique : বোকা-পানী, ৰ’দ-বৰষুণ নলগাকৈ এই পদ্ধতিৰে খেতি কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
New Farming Technique For Youth
New Farming Technique For Youth

কৃষক বুলিলে আমি বোকা-পানী, ঘাম, দৰিদ্ৰতা, নিৰক্ষৰ আদি ধাৰণাবোৰেই আমাৰ মনলৈ আহে। কিন্তু আধুনিক কৃষিপদ্ধতিয়ে সেই ধাৰণাটোক ভুল বুলি প্ৰমাণিত কৰিছে। প্ৰথমে আপোনালোকে তলৰ ফটোকেইখনলৈ চাওঁক। ফটোত দেখা এই যুৱক-যুৱতীসকলো কৃষক। এওঁলোকেও খেতি কৰে। আমাৰ বোকা-পানী গছকিব নিবিচৰা আৰু শিক্ষিত যুৱক-যুৱতীসকলেও আধুনিক কৃষি পদ্ধতিসমূহক সাৰথি কৰি স্বাৱলম্বী হ’ব পাৰে। এনেদৰে বোকা-পানী নগছাকৈ খেতি কৰি স্বাৱলম্বী হ’ব পৰা  ৩ টা কৃষি পদ্ধতিৰ বিষয়ে জনাম। যিকেইটা পদ্ধতি অৱলম্বন কৰি কম ঠাইতে অধিক উপাৰ্জন কৰিব পাৰিব। আৰু কৃষক বুলিলেই আমাৰ যি পৰম্পৰাগত ধাৰণাটো সলনি কৰিব পাৰিব।

হাইড্ৰপনিক কৃষি পদ্ধতি (Hydroponic Farming)
হাইড্ৰপনিক কৃষি পদ্ধতি (Hydroponic Farming)

হাইড্ৰপনিক কৃষি পদ্ধতি (Hydroponic Farming)

হাইড্ৰপনিক কৃষি পদ্ধতি আপুনি কম মাটিতে খেতি কৰি বছৰকেত এটা ভাল উপাৰ্জন কৰিব পাৰিব। উন্নত দেশবোৰত এতিয়া বহু কৃষকে এই পদ্ধতিৰে খেতি কৰি ভাল উপাৰ্জন কৰি আহিছে। জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে কৃষিভূমি দিনক দিনে কমি আহিছে। যাৰবাবে কম ঠাইতে অধিক উপাৰ্জনৰ ধাৰণাটো প্ৰাসংগিক হৈ পৰিছে। তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এতিয়া এই হাইড্ৰপনিক কৃষি পদ্ধতিৰ ধাৰণাটো নতুনকৈ কৃষি প্ৰতি আগ্ৰহী কৃষকৰ মাজত জনপ্ৰিয় হৈ উঠিছে। এই পদ্ধতিত খেতি আৰম্ভ কৰোঁতে অলপ খৰচ হয় কিন্তু এবাৰ খৰচ কৰি আপুনি ৫০ পৰা ৬০ বছৰলৈ বিনা খৰচে উপাৰ্জন কৰি থাকিব পাৰিব। নতুনকৈ খেতি-পথাৰত নামিব খোজা শিক্ষিত যুৱক-যুৱতীসকলে এই পদ্ধতিৰে খেতি কৰিব পাৰে।

লগতে পঢ়ক- 

Moran Ginger : মাৰ্চ-এপ্ৰিল মাহতে এইবাৰ দুই এবিঘা মাটিত কৰক মৰাণ আদাৰ খেতি

পলিহাউচৰ খেতি ( Polyhouse Farming)
পলিহাউচৰ খেতি ( Polyhouse Farming)

পলিহাউচৰ খেতি ( Polyhouse Farming)

পলিহাউচৰ ধাৰণাটো অসমত একেবাৰে নতুন। বৰ্তমান এই পদ্ধতিত শস্যৰ বীজৰ পৰা পুলি উতপাদন কৰিবলৈ আমাৰ অধিকাংশ কৃষকে ব্যৱহাৰ কৰি আহিছে। কিন্তু বিদেশৰ লগতে ভাৰতৰো বিভিন্নপ্ৰান্তত কৃষকসকলে পলিহাউচত খেতি কৰি ভাল উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। পলিহাউচত বহি:ৰাজ্যৰ কৃষকে অবতৰীয়া শস্যসমূহৰ খেতি কৰি ভাল উপাৰ্জন কৰে। বোকা-পানী গছকাৰ এলাহত খেতি কৰিব বিচৰা কৃষকসকলে পলিহাউচৰ ভিতৰত খেতি কৰিব পাৰে।

হাইড্ৰপনিক ছাগলী পালন (Hydroponic Goat Farming)
হাইড্ৰপনিক ছাগলী পালন (Hydroponic Goat Farming)

হাইড্ৰপনিক ছাগলী পালন (Hydroponic Goat Farming)

ছাগলী চৰাবলৈ, ঘাঁহনিৰ বাবে কৃষিভূমি নথকা লোকসকলে এই নতুন পদ্ধতিটোৰে ছাগলী পালন কৰিব পাৰিব। ছাগলীৰ পালনৰ এই নতুন পদ্ধতিটোক কোৱা হয় হাইড্ৰপনিক গট ফাৰ্মিং। এই পদ্ধতিত পশুপালকগৰাকীয়ে ছাগলীৰ বাবে প্ৰয়োজন হোৱা ঘাঁহখিনি হাইড্ৰপনিক পদ্ধতিৰে উতপাদন কৰে। স্কীনত আপোনালোকে দেখিছে। স্কীনত দেখাৰ দৰেই ছাগলীৰ বাবে প্ৰয়োজন হোৱা ঘাঁহ পশুপালকগৰাকীয়ে উতপাদন কৰে। সম্প্ৰতি বিদেশৰ লগতে ভাৰতৰো বিভিন্ন ৰাজ্যত পশুপালকসকলে এনেদৰে ঘাঁহ উতপাদন কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

লগতে পঢ়ক- 

নিৰ্বাচনত ভোট বিচাৰি অহা প্ৰতিনিধিসকলক এজন কৃষক হিচাপে আপোনাৰ ভোটৰ বিনিময়ত কি বিচাৰিব

English Summary: New Farming Technique For Youth

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.