1. এগ্ৰিপেডিয়া

G9 Banana Farming : ধান নোহোৱা এবিঘা মাটিত এইবাৰ এই জাতৰ কলৰ খেতি কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
G9 Banana Farming Tips & Plantation time
G9 Banana Farming Tips & Plantation time

শেহতীয়াকৈ অসমত আমাৰ কৃষকসকলে কৰিবলৈ লোৱা এবিধ কল হ’ল-  G9। সম্প্ৰতি সমগ্ৰ ভাৰতবৰ্ষতে এই কলবিধে কৃষকৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে। এই কলবিধ খাবলৈ সুস্বাদু, বেমাৰ-আজাৰ কম হয়, চাপৰতে লাগে। ফল হিচাপে খোৱাৰ লগতে এই কলবিধ পাচলি হিচাপে, চিপচ, আটা আদি ৰূপত খাব পাৰি। আটাইতকৈ ডাঙৰ কথাটো হ’ল- ই সকলো পৰিস্থিতিৰ লগত মিলি যাব পাৰে। G-9  প্ৰজাতি কলৰ কেইটামান বিশেষত্ব হ’ল-   ইয়াৰ উৎপাদন ক্ষমতা অধিক, এই জাত পকিলেও কম দিনতে নষ্ট নহয়, এই জাতৰ কলৰ ৰোগৰ আশংকা কম, ইয়াৰ গছবোৰ সৰু, শক্তিশালী আদি।

আমাৰ অসমৰ কল খেতিৰ বাবে আগ্ৰহী কৃষকসকলে এই কলৰ খেতি কৰিব পাৰে। এই কল খেতি পৰা আপুনিও লাভান্বিত হ’ব পাৰে। তথ্য অনুসৰি এক একৰ কৃষিভূমিৰ পৰা ৪০-৪৫ টন কল উতপাদন হয়। এথোক কলত প্ৰায়- ১৫০ টামান কল লাগে। G9  প্ৰজাতিৰ কলৰ উচ্চতা ৬-৮ ফুট হয়, এটা কল ১০-১১ ইঞ্চিমান দিঘল হয়। আমাৰ কৃষকসকলে এক একৰ কৃষিভূমিত ১২০০ কলৰ পুলি ৰোপন কৰিব পাৰিব। পুলিসমূহ আমাৰ কৃষকসকলে ৫-৬ ফুট দূৰত্বত পুলিসমূহ ৰোপন কৰিব পাৰে। টিচু কালচাৰ পদ্ধতিৰে উতপাদন কৰা পুলিত ১০-১১ মাহত কলগছত ফল লাগে আৰু ১১-১২ মাহৰ ভিতৰত কল চিঙিব পৰা হয়। এই কলবোৰৰ পুলি পাবলৈ আপোনালোকে- 6901478448 নাম্বাৰত যোগাযোগ কৰিব।

লগতে পঢ়ক- 

Paddy Farming ধান খেতিৰে লাখ টকা উপাৰ্জনৰ বাবে এইদৰে খেতি কৰক

বছৰৰ যিকোনো সময়তে আমাৰ কৃষকসকলে এই কলৰ খেতি কৰিব পাৰে। তথাপি মাৰ্চ-এপ্ৰিল সময়খিনিত এই কল ৰোপন কৰিলে ভাল। এই সময়ত কল ৰোপন কৰিলে পৰৱৰ্তী বছৰত এই সময়ছোৱাতে কল চিঙিব পৰা হ’ব। ঠাণ্ডা দিনত কলৰ বজাৰখন সিমান ভাল নহয়। গতিকে কৃষকসকলে বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখি মাৰ্চ-এপ্ৰিলত কলৰ খেতি কৰিলে লাভান্বিত হ’ব।

কল খেতিৰ বাবে মাটি পানী জমা নোহোৱা বালিচহীয়া মাটি উপযোগী। ৪-৫ চাহ হালবায় মাটিখিনি সমান কৰি আমাৰ কৃষকসকলে কলৰ ৰোপন কৰিব পাৰে। এক কথাত আমাৰ কৃষকসকলে অন্য কল খেতিৰ কৰাৰ দৰেই G9 প্ৰজাতিৰ কলৰ খেতি কৰিব পাৰে। পানীৰ ব্যৱস্থা কৰিব পাৰিলে। নতুনকৈ কলৰ খেতি কৰিব বিচৰাসকলে ওচৰৰ কৃষি বিষয়া আৰু অভিজ্ঞ কলৰ খেতিয়কৰ পৰা পৰামৰ্শ ল’লে অধিক লাভান্বিত হ’ব।

লগতে পঢ়ক- 

এইবিধ জাতিলাউত ৬ মাহৰ পাছতে ১৫ বছৰলৈ লাগি থাকিব লাও

English Summary: G9 Banana Farming Tips & Plantation time

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.