1. উদ্য়ানশস্য়

মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Miyazaki mango
Miyazaki mango

বৰ্তমান আমৰ বতৰ। বতৰৰ ফল আম আপুনি নিশ্চয় এতিয়া খাইছে। আপুনি নিশ্চয় অসমৰ থলুৱা প্ৰজাতিৰ আমৰ লগতে বহিঃৰাজ্যৰ পৰা অহা আমো খাইছে। আপুনি মই খোৱা এই আমবোৰ বজাৰত প্ৰতিকিলোত ৫০ টকাৰ পৰা ধৰি ৩০০ টকাত পোৱা যায়। কিন্তু আপুনি শুনি আচৰিত হ’ব যে চলিত মাহত পশ্চিমবঙ্গত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় আম মহোৎসৱত এক কিলোগ্ৰাম উন্নত প্ৰজাতিৰ আম ২.৭৫ লাখ আৰু কেৱল মাত্ৰ এটা আম ১০,০০০ টকাত বিক্ৰী হৈছিল।

আপুনি হয়তো শুনি আচৰিত হৈছে! কিন্তু ই একেবাৰে সঁচা কথা। পশ্চিমবঙ্গত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় আম মহোৎসৱত এই অবিশ্বাস্য দামত বিক্ৰি হোৱা এই আমৰ প্ৰজাতিৰ নাম মিয়াজিকি মেংগো। মিয়াজিকি নামৰ এই আমৰ প্ৰজাতিটো জাপানৰ। জাপানৰ মিয়াজাকি আম হৈছে পৃথিৱীৰ আটাইতকৈ দামী বা মূল্যবান আম। মাখনৰ দৰে কোমল আৰু ৰসাল গঠন, সুগন্ধি আৰু সুস্বাদু এই ফল জাপানত অতিশয় প্ৰিয় আৰু ই অভিজাত্যৰ চিন। বিৰল প্ৰজাতিৰ এই মিয়াজাকি আম বৰ্তমান ভাৰতবৰ্ষতো উপলব্ধ।

ভাৰতৰ অন্ধ্ৰপ্ৰদেশত পোন প্ৰথমে মিয়াজাকি আমৰ উৎপাদন হয় আৰু পৰৱৰ্তী কালত উড়িষ্যা, ত্ৰিপুৰা আৰু শেহতীয়াকৈ পশ্চিমবঙ্গত এই আম দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে জাপানৰ মিয়াজাকি চহৰত প্ৰথমে এই আমবিধৰ খেতি কৰা হৈছিল। সেয়ে মিয়াজাকি আমৰ নামটো ইয়াৰ উৎপত্তিস্থল চহৰখনৰ নামৰ পৰাই লোৱা হৈছে।  জাপানী ভাষাত Taiyo-no-Tamago নামেৰে জনাজাত এই আমবোৰৰ ওজন সাধাৰণ আমতকৈ ৩৫০ গ্ৰাম অধিক আৰু ইয়াত ১৫ শতাংশতকৈও অধিক পৰিমাণৰ চেনী থাকে।

লগতে পঢ়ক-

Rambutan : জানো আঁহক নতুন ফলবিধৰ কৃষি পদ্ধতি আৰু লাভালাভসমূহৰ বিষয়ে

 

পৃথিবীৰ আটাইতকৈ ডাঙৰ আমবিধ
পৃথিবীৰ আটাইতকৈ ডাঙৰ আমবিধ

ভাৰত আৰু দক্ষিণ-পূব এছিয়াত জনপ্ৰিয় সাধাৰণ আমৰ জাততকৈ ইয়াৰ ৰূপ আৰু ৰঙৰ পৃথক বাবেই এই আমবিধ অধিক দাম। এই আমবোৰত এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে থাকে আৰু ইয়াত বিটা-কেৰটিন আৰু ফলিক এচিড থাকে যিয়ে দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে। 

এতিয়া কথা হল- যিবিলাক আমৰ এক কিলোগ্ৰামৰ মূল্য ২.৭৫ লাখ, আৰু কেৱল মাত্ৰ এটা আম ১০,০০০'০০ টকা। তেনে মূল্যবান আমৰ সঁচ কোনে নাৰ্চাৰী খুলি পাঁচশ/সাতশ টকাত বিক্ৰী কৰি নিজৰ একচেটিয়া বজাৰ নিজে ধ্বংস কৰিব ? কোনে নিজৰ সান্দহ খোৱা বাতি তল যোৱাব ?? তেন্তে অসমৰ অলিয়ে গলিয়ে মিয়াজাকি আমৰ পুলি বুলি বিক্ৰী কৰি থকা আমবোৰ সঁচাই মিয়াজাকি প্ৰজাতিৰ নে! ই এটা ডাঙৰ প্ৰশ্ন! গতিকে যিসকল লোকে মিয়াজিকি আমৰ খেতি কৰিম বুলি ভাবিছে তেওঁলোকে অকণমান সাৱধান হ’ব।

ধনীৰাম চেতিয়াৰ আমৰ বাৰীৰ আম
ধনীৰাম চেতিয়াৰ আমৰ বাৰীৰ আম

শেষত কওঁ জাপানৰ মিয়াজাকি আমৰ খেতি নকৰিও অন্য উন্নত প্ৰজাতিৰ আমৰ খেতি কৰি লাখ টকা ঘটিব পাৰিব আপুনি। মিয়াজাকি আমৰ খেতি নকৰাকৈয়ো অসমৰ ধনীৰাম চেতিয়াই অম্ৰপালি আমৰ খেতি কৰিয়েই লাখ টকা ঘটিছে। তেওঁৰ বাৰীত চাপৰতে লমালমে লগা আমবোৰে আপোনাক মন্ত্ৰমুগ্ধ কৰিব। ফটোত দেখি থকা এই আমবোৰ তেওঁৰ বাৰীৰে।

উল্লেখ্য যে ব্যৱসায়িক ভিত্তিত নকৰিলেও ঘৰতে খাবৰ বাবে কৃষকসকলে নিজৰ ঘৰতে দুই-এজোপা ৰোপন কৰি ল’ব পাৰে। কেৱল উন্নত প্ৰজাতিৰ আমেই নহয় আমাৰ থলুৱা আমো একোজোপাকৈ ঘৰত ৰোপন কৰি ল’ব লাগে। আজিকালি আমাৰ থলুৱা আমবোৰ প্ৰায় হেৰাই যোৱাৰ দৰেই হৈছে। গতিকে থলুৱা আম এজোপাকৈ ঘৰতে ৰুই ইয়াৰ সংৰক্ষণ কৰাৰ লগতে বতৰৰ ফল বতৰত খাব পাৰিব।

লগতে পঢ়ক-

Cocoa farming benefits: তামোলৰ মাজে মাজে চকলেট খেতি আৰম্ভ কৰক

English Summary: World best expensive mango Miyazaki, 2.50 lakh Per kilogram

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.