1. অন্যান্য

কৃষকসকলে শীতল ঘৰত কৃষিজাত সামগ্ৰীসমূহ সংৰক্ষণৰ বাবে কেনেকৈ আবেদন কৰিব!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
What are the benefits of cold storage?
What are the benefits of cold storage?

শীতল ঘৰ বা Cold Storage কি! (What is Cold Storage)

শীতল ঘৰ বা Cold Storage হৈছে কোনো সামগ্ৰী বেয়া নোহোৱাকৈ দীৰ্ঘদিনৰ বাবে সজীব কৰি ৰখা এটা শীত-তাপ নিয়ন্ত্ৰিত ঘৰ। এই শীতল ঘৰত কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী কম খৰচত দীৰ্ঘ দিনৰ সজীব কৰি ৰাখিব পাৰে। বীজৰ বাবে ৰখা শস্যৰ বীজ সংৰক্ষণ বাবে আটাইতকৈ উপযুক্ত স্থান হিচাপে বিবেচিত হৈছে  এই শীতল ঘৰসমূহ।

অসমত অধিক Cold Storage ৰ প্ৰাসংগিকতা (Why need more Cold Storage!)

অসমত কেন্দ্ৰীয় চৰকাৰৰ মতে, ৪০ টা শীতল ঘৰ বা Cold Storage আছে। অসম চৰকাৰ মতে, বৰ্তমান অসমত ৬টা শীতল ঘৰ কাৰ্যক্ষম হৈ আছে। শেহতীয়াকৈ অসমৰ বহু উদ্যমী যুৱক-যুৱতীয়ে আধুনিক পদ্ধতিৰে কৃষি কৰ্ম কৰিবলৈ আৰম্ভ কৰিছে। ফলত এখন ৰাজ্যত ৬টাকৈ শীতল ঘৰে কৃষকসকলৰ অভাৱ পূৰণ কৰিছে বুলি ভৱাৰ স্থল দেখিবলৈ পোৱা নাযায়। অসমত পৰ্যাপ্ত পৰিমানে শীতল ঘৰসমূহ নথকাত বহু কৃষক লোকচানৰ সন্মুখীন হৈছে। তেওঁলোকে নিজৰ উৎপাদিত কৃষি সামগ্ৰী কেতিয়াবা পেলাই দিব লগা হৈছে, কেতিয়াবা গৰুক খোৱাব লগা হয় নাইবা কম দামত মধ্যভোগীক বিক্ৰিব লগা হয়।

লগতে পঢ়ক- 

Dragan Fruit : ড্ৰেগন ফলৰ খেতিৰে স্বাৱলম্বী গোৱালপাৰাৰ কৃষক অনুপ ৰাভা

এটা Cold Storage এ কেনেদৰে কৃষকক সহায় কৰে (What are the benefits of cold storage rooms?)

  • শীতল ঘৰৰ কামেই কোনো সামগ্ৰী শীত-তাপ নিয়ন্ত্ৰিত কোঠাত ৰাখি দীৰ্ঘদিনৰ বাবে সজীব কৰি ৰখা
  • কৃষকে কোনো সামগ্ৰী অধিক উৎপাদন কৰিলে সামগ্ৰীসমূহ বহু দিনলৈ বেয়া নোহোৱাকৈ ৰাখিব পাৰিব
  • বজাৰ নাপালে আমাৰ কৃষকসকলে সাধাৰণতে সামগ্ৰীসমূহ কম দামত কোনো মধ্যভোগীক বিক্ৰি কৰিব লগা হয় কিন্তু শীতল ঘৰ থাকিলে সেই অসুবিধাটো নাথাকিব
  • আমাৰ কৃষকসকলে বহুসময়ত নিজৰ উৎপাদিত সামগ্ৰী গৰুক খোৱাবলগীয়া হয়, গ্ৰাহকৰ অভাৱত বাৰীতে শস্যসমূহ নষ্ট হয়। সেই অসুবিধাসমূহ কিন্তু শীতল ঘৰসমূহ পৰ্যাপ্ত পৰিমাণে থাকিলে নহয়।
  • শস্যৰ বীজ সংৰক্ষণৰ বাবে শীতল ঘৰ আটাইতকৈ উপযুক্ত ঠাই। শীতল ঘৰত থকা শস্যৰ বীজে নিৰোগী হয়।

শীতল ঘৰত কেনেকৈ সামগ্ৰী ৰাখিব পাৰি

কোনো কৃষক শীতল ঘৰত কোনো সামগ্ৰী ৰাখিব বিচাৰিলে প্ৰথমে নিকটৱবৰ্তী শীতল ঘৰত গৈ প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব। আৰু নিৰ্দিষ্ট দিনত মূল্য দি সামগ্ৰীখিনি ৰাখি আহিব লাগিব। এই সন্দৰ্ভত অধিক জানিবৰ বাবে কৃষকসকলে ধেমাজিৰ মৰিঢলৰ কৃষক নিতুল গগৈৰ লগত যোগাযোগ কৰিব। তেওঁৰ যোগাযোগ নম্বৰ পাবলৈ আমাৰ লগত যোগাযোগ কৰিব।

লগতে পঢ়ক- 

Crop Cover : ক্ৰপ কভাৰ কি! কৃষকসকলে কিয় ব্যৱহাৰ কৰে ক্ৰপ কভাৰ

English Summary: What are the benefits of cold storage?

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.