1. অন্যান্য

Vermicomposting Process : ঘৰতে কম খৰচতে কেনেকৈ প্ৰস্তুত কৰিব কেঁচু সাৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Vermicomposting Process & its Benefit
Vermicomposting Process & its Benefit

কেঁচুসাৰ উৎপাদন কৰি স্বাৱলম্বী ধেমাজিৰ তৰাণি পথাৰৰ কৃষক ৰাজু ভাজনী। ৭ বছৰ ধৰি কৃষকগৰাকীয়ে ঘৰতে উৎপাদন কৰি আহিছে কৃষকগৰাকীয়ে। প্ৰথমে তেওঁক কেঁচু সাৰ উৎপাদন কৰিবলৈ প্ৰেৰণা যোগায় ধেমাজি কৃষি বিজ্ঞানকেন্দ্ৰৰ বিষয়াসকলে। আৰু তেওঁক সাৰ উৎপাদন কৰিবলৈ কেঁচুয়ো যোগান ধৰে। প্ৰথমে তেওঁ বাঁহেৰে চাৰিওফালটো বেৰী ট্ৰিপালেৰে বনোৱা টেংকিত কেঁচসাৰ বনোৱা আৰম্ভ কৰিছিল। বৰ্তমান তেওঁৰ চাৰিটা কেঁচুসাৰ বনোৱা পকা টেংকি আছে। টেংকিকেইটাৰ আকাৰ এনেধৰণৰ- ১ মিটাৰ বহল, ৩ মিটাৰ দিঘল আৰু ১ মিটাৰ দ’। এনে আকাৰৰ এটা টেংকিত তেওঁ এবাৰত ৫ কুইন্টল কেঁচুসাৰ উৎপাদন কৰে।

কৃষকগৰাকীয়ে নৰা, সোনকালে পচি যোৱা জাৱৰ-জোথৰ, পেলনীয়া খাদ্য, কলৰ গা-গছ আদি ৬০ শতাংশ আৰু ৪০ শতাংশ গোৱৰ দি প্ৰস্তুত কৰে কেঁচুসাৰ। ওপৰত উল্লেখ কৰা জোখৰ এটা টেংকিৰ বাবে ১ কেজি কেঁচুৰ প্ৰয়োজন হয়। তেনে এটা টেংকিত ৫ কুইন্টল কেঁচুসাৰ উৎপাদন হয়। কৃষকগৰাকীয়ে কয় কেঁচুসাৰ প্ৰস্তুত হবলৈ অতি বেছি ৩ মাহ সময় লাগে। ৩ মাহৰ পাছত কৃষকগৰাকীয়ে কেঁচুসাৰ বিক্ৰি কৰে। কৃষকগৰাকীয়ে প্ৰতিকেজিত ১২ টকা দৰত কেঁচু সাৰ বিক্ৰি কৰে। বজাৰত বহি বিক্ৰি কৰিলে ১৮-২০ টকা দৰত প্ৰতিকেজিত বিক্ৰি কৰে।

এজন কৃষকে এবছৰত এটা টেংকিত ৩ বাৰকৈ কেঁচুসাৰ প্ৰস্তুত কৰিব পাৰে। কৃষকগৰাকীয়ে এবাৰ কেঁচুৰ পোৱালি কিনিলেই হ’ল। পৰৱৰ্তী সময়ত সেই কেঁচুবোৰেই বংশবৃদ্ধি কৰিব। আৰু সেইবোৰক পুনৰ কেঁচুসাৰ উৎপাদনত ব্যৱহাৰ কৰিব পাৰিব। সম্প্ৰতি কেচুসাৰৰ ব্যৱসায়ো এক লাভজনক ব্যৱসায়লৈ পৰিৱৰ্তন হৈছে। আমাৰ কৃষকসকলেও ঘৰুৱা কামৰ লগতে কৃষক ৰাজু ভাজনীৰ দৰে ঘৰতে কেঁচুসাৰ প্ৰস্তুত কৰিব পাৰে। সম্প্ৰতি বহুলোকে জৈৱিক খেতিৰ ওপৰত গুৰুত্ব দিছে। ঘৰতে খাবলৈ বেছিভাগ লোকেই জৈৱিকভাৱে খেতি কৰে। জৈৱিকভাৱে কৰিবলৈ কেঁচুসাৰৰ বিকল্প নাই। গতিকে কেঁচুসাৰৰ এখন ভাল বজাৰ পোৱাৰ সম্ভাৱনা আছে।

কেঁচুসাৰৰ এই বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ কৃষকসকলেও কেঁচু উৎপাদনৰ কাম কৰিব পাৰে। কেঁচুসাৰৰ প্ৰস্তুতপ্ৰণালি, কেঁচুৰ পোৱালী ক’ত  পাব আদি কথাবোৰ জানিবৰ বাব আগ্ৰহী কৃষকসকলে কৃষক ৰাজু ভাজনীৰ লগত যোগাযোগ কৰিব পাৰে। তেওঁৰ যোগাযোগ নম্বৰ- 99575 36959। তেওঁৰ লগত যোগাযোগ কৰি বিতংভাৱে কথাবোৰ জানিব পাৰিব।

লগতে পঢ়ক- 

৫০ হাজাৰটেই ডিলাৰ পৰা ঘৰলৈ যাব পাৰিব মহিন্দ্ৰা কোম্পানীৰ টেক্টৰ

English Summary: Vermicomposting Process & its Benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.