1. পশুপালন

Catfish Farming: মাগুৰ মাছ পালন কৰি ৬ মাহতে উপাৰ্জন কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Catfish Health & Farming Benefit
Catfish Health & Farming Benefit

কম দিনতে ভাল উপাৰ্জনৰ বাবে মাগুৰ মাছ পালন অন্যতম হিচাপে দেশৰ মীন পালকসকলৰ সফলতাই প্ৰমাণ কৰিছে। কম খৰচত, কম ঠাইত, কম দিনত উপাৰ্জন কৰিব পাৰিব মাগুৰ মাছ পালন কৰি। মাগুৰ মাছ কেৱল অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষতে ইয়াৰ চাহিদা আছে। মাগুৰ মাছ সুস্বাদু হোৱাৰ লগতে স্বাস্থ্যৰ বাবে অতি উপযোগী। মাগুৰ মাছে শৰীৰৰ তেজ বৃদ্ধি কৰে। ইয়াত যথেষ্ট পৰিমাণে আইৰন আৰু ক’পাৰ থাকে । সেয়েহে হিম’গ্লবিন সংশ্লেষণ কৰি মানুহৰ দেহত তেজৰ কণিকা বৃদ্ধি কৰে । মাগুৰ মাছে মানুহৰ শুক্ৰ বৃদ্ধি কৰে আৰু শৰীৰ সুস্থ-সবল কৰি ৰাখিব পাৰে।

লগতে পঢ়ক- 

Catfish Farming: মাগুৰ মাছৰ পোনা উৎপাদন আৰু পালন

মাগুৰ মাছৰ এনে স্বাস্থ্য উপকাৰিতাসমূহৰ বাবে বজাৰত ইয়াৰ চাহিদা অতি বেছি। কিন্তু আমাৰ ৰাজ্যত চাহিদা অনুসৰি বৰ্তমানেও অন্য মাছৰ লগতে মাগুৰ মাছো কম। গতিকে মাগুৰ মাছ পালন কৰি ব্যৱসায় কৰিব পাৰিলে লোকচানৰ সন্মুখীন নহয় মীন পালকগৰাকী।

মাগুৰ মাছ পালনৰ বাবে মুকলি ঠাইৰ পুখুৰীৰ নিৰ্বাচন কৰিব লাগে। য'ত প্ৰত্যক্ষ সূৰ্যৰ পোহৰ থাকে। পুখুৰীটোৰ চাৰিওফালে মজবুত পাৰ থকা আৰু সকলো ধৰণৰ গাঁত বন্ধ কৰিব লাগিব আৰু পুখুৰীটোত কোনো ধৰণৰ গাঁত আছে নেকি সময়ে সময়ে পৰীক্ষা কৰিব লাগিব। মীন পালকগৰাকীয়ে  মাগুৰ মাছ পালনৰ কৰিব বিচৰা পুখুৰীটো বৰ্গক্ষেত্ৰৰ পুখুৰীৰ পৰিৱৰ্তে আয়তাকাৰ পুখুৰী বেছি ভাল বুলি কয় অভিজ্ঞ মীন পালকসকলে ৷ লগতে আৰু এটা কথা মনত ৰাখিব যে বাৰিষা কালত পুখুৰীটোৰ পানীৰ গভীৰতা ৪ৰ পৰা ৫ ফুটতকৈ বেছি হ’ব নালাগে।

মাগুৰ মাছৰ সঠিক বিকাশৰ বাবে পুখুৰীটোত মাছ মেলাৰ পূৰ্বে গৰুৰ গোবৰ আৰু চূণ প্ৰয়োগ কৰিব লাগে। পুৰণি পুখুৰীত যদি মাগুৰ মাছ পালনৰ কথা ভাবিছে তেন্তে পুৰণি পুখুৰীটো সম্পূৰ্ণৰূপে শুকুৱাই লোৱা উচিত আৰু পুখুৰীৰ পৰা যিকোনো পুৰণি মাছ বা অপতৃণ আঁতৰাই পেলাওঁক।

পুৰণি পুখুৰীত যদি যথেষ্ট মাটি থাকে তেন্তে পুখুৰীৰ পৰা অতিৰিক্ত মাটি আৰু অন্যান্য ক্ষতিকাৰক বস্তু আঁতৰাই পেলাওক। ইয়াৰ বাহিৰেও পুখুৰীটো জালেৰে ঢাকি দিব লাগে যাতে বেং আৰু সাপৰ পৰা মাগুৰ মাছবোৰ বিপদৰ সন্মুখীন নহয়। এনেদৰে পুখুৰীটো সাজু কৰি তোলাৰ পাছতে মীন পালকগৰাকীয়ে পুখুৰীটোত মাগুৰ মাছৰ পোনা মেলি দিব পাৰে।

লগতে পঢ়ক- 

Prawns Cultivation Benefit : পুখুৰীত মিছামাছ পালনৰ লাভালাভসমূহ

English Summary: Catfish Farming Benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.