1. পশুপালন

Rainbow Rooster : ৰেইনবো ৰুষ্টাৰ কুকুৰা পালন লাভান্বিত হৈছে নলবাৰীৰ কুকুৰা পালক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Benefit Of Rainbow Rooster Chicken Farming
Benefit Of Rainbow Rooster Chicken Farming

শেহতীয়াকৈ দেশৰ দক্ষিণাত্যৰ ৰাজ্যকেইখনৰ লগতে অসমতো ৰেইনবো ৰুষ্টাৰ নামৰ কুকুৰাৰ নতুন জাতটোৰ পালন কৰিবলৈ লৈছে অসমৰ কুকুৰা পালকসকলে। ৰেইনবো ৰুষ্টাৰ জাতৰ কুকুৰা, মাংস আৰু কণী উভয়ৰে বাবে উপযোগী। এই জাতৰ কুকুৰাই বছৰত ১৮০-২০০ কণী দিবলৈ সক্ষম। কণীৰ ৰঙ ৰঙচুৱা। কণীৰ গড় ওজন ৫৫-৭০ গ্ৰাম। মতা কুকুৰা পৈণত বয়সত ৪-৫ কেজি আৰু মাইকী কুকুৰা ৩-৩.৫ কেজি ওজনৰ হয়।

জানিব পৰা মতে, এই জাতৰ কুকুৰা বেমাৰ-আজাৰ কম হয়। ক্ৰইলা কুকুৰাৰ দৰেই ই প্ৰায় একেই। কিন্তু, এটা ৰেইনবো ৰুষ্টাৰৰ ওজন তিনি কিলোগ্ৰাম হোৱাৰ সময়ত এটা ক্ৰইলাৰৰ ওজন প্ৰায় ডেৰ-দুই কিলোগ্ৰাম হয়। গতিকে ৰেইনবো ৰুষ্টাৰৰ বিকাশ আন কুকুৰাতকৈ অলপ বেছি। খাদ্য হিচাপে কুকুৰা পালকসকলে ব্ৰইলাৰ দানা ৰেইনবো ৰুষ্টাৰ জাতৰ কুকুৰা দিব পাৰে। ইয়াৰ বিপৰীতে ধান, চাউল, মাকৈয়ো দিব পাৰে। ৰেইনবো ৰুষ্টাৰে মুকলি পথাৰত এৰি দিলেও নিজে খাদ্য যোগাৰ কৰি লব পাৰে। কিন্তু এনে কৰিলে ডাঙৰ হওঁতে অলপ বেছি দিন লাগিব। অৱশ্যে ব্ৰয়লাৰ দৰে সঘনাই খুব বেছি পৰিমানে ৰেইনবো ৰুষ্টাৰক দানা যোগান ধৰিব লগা নহয়।

লগতে পঢ়ক- 

Red Banana Benefit : ৰঙাকলৰ ব্যৱসায়িক আৰু স্বাস্থ্যৰ লাভালাভসমূহ

 

জানিব পৰা মতে, ৬ সপ্তাহত ১ কেজি পৰা ডেৰ কেজি ওজনৰ হয় ৰেইনবো ৰুষ্টাৰ জাতৰ কুকুৰা। গতিকে কুকৰা পালকসকলে পৰীক্ষামূলকভাৱে পালন কৰি চাব পাৰে। পৰীক্ষামূলকভাৱে পালন কৰোঁতে প্ৰথম অৱস্থাত কম পৰিমানে কৰিব লাগে। লোকচান হোৱা যেন বা বেছি সুবিধাজনক নহয় যেন লাগিলে এৰিব লাগে আৰু লাভজনক দেখিলে পৰৱৰ্তী অধিক পৰিমানে কৰিব লাগে।

অসমৰ নলবাৰীত নলবাৰী জিলাৰ জাৱজাৱকুছি স্থিত জিলা কুকুৰা পামত এই জাতৰ কুকুৰা পালন কৰিছে। পামখনৰ পৰিচালকে জানিবলৈ দিয়া মতে, পামখনত মাংসৰ বাবে আৰু পুহিবৰ বাবে বিভিন্ন বয়সৰ কুকুৰা পোৱা যায়। আৰু কম মূল্যত যোগান ধৰে। আগ্ৰহীসকলে এই জাতৰ কুকুৰাৰ বাবে পাম পৰিচালকৰ লগত যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নং – ৯৪৩৫০২৭৮৮১।

লগতে পঢ়ক- 

Grass : পোহনীয়া জন্তুকেইটাৰ বাবে এডৰা মাটিতে কেনেকৈ কৰিব ঘাঁহৰ খেতি!

English Summary: Benefit Of Rainbow Rooster Chicken Farming

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.