1. উদ্য়ানশস্য়

Red Banana Benefit : ৰঙাকলৰ ব্যৱসায়িক আৰু স্বাস্থ্যৰ লাভালাভসমূহ

PANKAJ KHANIKAR
PANKAJ KHANIKAR

আপোনালোকে হয়তো ৰঙাকল দেখিছে আৰু দুই এজেন হয়তো খাইছেও কিন্তু অসমৰ বহু লোকেই ৰঙা কল দেখা নাই আৰু খাযো পোৱা নাই। কিন্তু শেহতীয়াকৈ তামিলনাডু, কেৰেলা, পশ্চিমবংগৰ পাছতে অসমতো দুই এজন কৃষকে ৰঙা কলৰ খেতি কৰিবলৈ আৰম্ভ কৰিছে।

ৰঙা কলবোৰ পকিলে বৰণটো ৰঙা হৈ পৰে বাবে এই কলক ৰঙা কল বা ৰেড বানানা বুলি কোৱা হয়। ৰঙা কল আমাৰ সাধাৰণ কলতকৈ অধিক মিঠা। ৰঙাকলত পটাছিয়াম, আইৰণ আৰু ভিটামিন বেছিকৈ পোৱা যায়।

লগতে পঢ়ক- 

Mustard with Bee farming : সৰিয়হ খেতিৰ লগত কেনেকৈ কৰিব মৌ-পালন

এই কলত চেনিৰ পৰিমাণ কম হ’লেও সেউজীয়া আৰু হালধীয়া কলৰ তুলনাত ইয়াত বিটা কেৰটিন বেছি। বিটা কেৰটিনে ধমনীত তেজ জমা হোৱাত বাধা দিয়ে, যাৰ বাবে ৰঙা কলে কেন্সাৰ আৰু হৃদযন্ত্ৰৰ লগত জড়িত ৰোগবোৰ আঁতৰাই ৰখাত সহায় কৰে।

বাণিজ্যিক দৃষ্টিকোনৰ পৰা এই কলৰ খেতি কৰি কৃষকসকলে লাভ উঠাব পাৰে। শেহতীয়াকৈ পশ্চিমবংগত কৃষকৰ আয় দুগুণ কৰিবলৈ কৃষকৰ মাজত পৰীক্ষামূলকভাৱে ৰঙাকলৰ খেতি আৰম্ভ কৰিছে ৰাজ্যখনৰ কৃষি বিভাগে। এই কল খেতি কৰা কৃষকসকলে জানিবলৈ দিয়া মতে, ৰঙাকল পকাৰ এমাহলৈকে এই কল বেয়া হৈ নাযায়। ফলত কৃষকজনে কলবোৰ বিক্ৰি কৰিবলৈ অধিক সময় পায়। তদুপৰি ৰঙাকল ৰোপন কৰাৰ ১০ৰ পৰা ১৫ মাহৰ ভিতৰত ফল লাগিবলৈ ধৰে।

আন কলতকৈ এই কলৰ বজাৰত দামো বেছি। যিসকল কৃষকৰ নতুন শস্যৰ খেতিৰ আগ্ৰহ আছে তেওঁলোকে এই নতুন জাতৰ কলৰ খেতি পৰীক্ষামূলকভাৱে কৰি চাব বিচাৰে।

লগতে পঢ়ক- 

Black Potato : কলা আলুৰ খেতিয়ে বিহাৰত হাঁহি বিৰিঙাইছে কৃষকৰ

English Summary: Red Banana Health & Farming Benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.