1. সফল কাহিনী

পুখুৰীত মাছপোহাৰ লগতে জামান মানিকে আৰু কি কৰিছে!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
জামান মানিকৰ বহুমুখী কৃষি পদ্ধতি
জামান মানিকৰ বহুমুখী কৃষি পদ্ধতি

নগাঁও জিলাৰ ৰূপহীৰ জামান মানিকৰ বহুমুখী কৃষি পদ্ধতিয়ে এতিয়া মন মুহিছে বহুজনৰ। বহুজনক স্বাৱলম্বী হ’বলৈ প্ৰেৰণা যোগাইছে তেওঁৰ বহুমুখী কৃষি পদ্ধতিয়ে।

জামান মানিকৰ পুখুৰীৰ একাংশ
জামান মানিকৰ পুখুৰীৰ একাংশ

তেওঁ এজন মীনপালক যদিও  পুখুৰীৰৰ পাৰে পাৰে শাৰী শাৰীকৈ ৰোৱা অমিতা, কল গছৰ লগতে ৰঙালাও খেতিবোৰে প্ৰভাৱিত কৰিব আপোনাকো। চাকৰি অবিহনেও এজন ব্যক্তিয়ে কিদৰে স্বচ্ছল-আৰু স্বাধীন জীৱন-যাপন কৰিব পাৰি ৰূপহীৰ জামান মালিকৰ এই বহুমুখী কৃষি পদ্ধতিয়ে ইতিমধ্যে প্ৰমাণ কৰিছে।

চাকৰি চাকৰি বুলি হাবথুৰি নাখায় বা চাকৰি নাপোলো বুলি মন নাভাঙি জামান মালিকৰ দৰে অসমৰ নিৱনুৱাসকলেও বহুমুখি কৃষিকৰ্মৰে স্বাৱলম্বণ হ’ব পাৰে।  লগতে কৃষিকৰ্মৰে মাজৰেও সমাজত এজন বিশিষ্ট ব্যক্তি হিচাপে পৰিচয় দাঙি ধৰিব পাৰে।

পুখুৰীৰৰ পাৰতো এনেদৰে কলৰ খেতি কৰিব পাৰে
পুখুৰীৰৰ পাৰতো এনেদৰে কলৰ খেতি কৰিব পাৰে

জামান মানিকৰ কেইবাটাও পুখুৰী আছে। পুখুৰীৰৰ পাৰে পাৰে তলৰ ফটোত দেখুওৱাৰ দৰে শাৰীকৈ শাৰীকৈ অমিতা গছ ৰুইছে। অমিতাৰ লগতে তেওঁ লগাইছে  কলগছ, ৰঙালাও আদি। জামান মালিকৰ পুখুৰীৰ পাৰতে এটা সেউজ গৃহও আছে।

জামান মালিকে পুখুৰীৰ পাৰে পাৰে ৰোৱা অমিতাৰ গছ
জামান মালিকে পুখুৰীৰ পাৰে পাৰে ৰোৱা অমিতাৰ গছ

শেহতীয়াকৈ মানিকে অসমৰ খেতি আৰু খেতিয়ক নামৰ গ্ৰুপটোত কেইবাখনো ফটো শ্বেয়াৰ কৰিছিল। ফটোবোৰতে দেখিবলৈ পোৱা গৈছিল তেওঁৰ পুখুৰীৰৰ পাৰে পাৰে ৰোপন কৰা অমিতা, কলৰ লগতে অন্যান্য খেতিসমূহ। গছবোৰত অমিতা লাগিছিল আৰু কলবোৰত ফল ধৰিছিল।

লগতে পঢ়ক-ঘৰৰ ছাদ, চৰা কোঠা অথবা চোতালত মৎস উৎপাদন!

English Summary: Yamam manik agriculture System

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.