1. সফল কাহিনী

কাঠফুলাৰ খেতিৰে স্বাৱলম্বী কেইগৰাকীমান মহিলা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
কাঠফুলাৰ খেতিৰে স্বাৱলম্বী  কেইগৰাকীমান মহিলা
কাঠফুলাৰ খেতিৰে স্বাৱলম্বী কেইগৰাকীমান মহিলা

কাঠফুলাৰ খেতিৰে নৱপ্ৰজন্মৰ সন্মুখত স্বাৱলম্বনৰ নিৰ্দশন দাঙি ধৰিছে লখিমপুৰ জিলাৰ শিমলুগুৰিৰ সমীপৱৰ্তী কোকছাবাৰীৰ নিৰ্মলা গগৈ নামৰ এগৰাকী মহিলাই। অসমত চৰকাৰী চাকৰিৰ অভাৱত যি সময়ত একাংশ যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলিছে ঠিক তেনে সময়তে মহিলাগৰাকীয়ে নিজৰ ঘৰতে কৰিছে কাঠ ফুলাৰ খেতি। বৈজ্ঞানিক পদ্ধতিৰে কৰা কাঠফুলাৰ খেতিৰ জৰিয়তে তেওঁ নিজৰ পৰিয়ালটোক আৰ্থিক দিশত যথেষ্টভাবে সকাহ প্ৰদান কৰিবলৈ সক্ষম হৈছে। 

নিজাগৃহৰ কাষতে এটা সৰু বাঁহৰ গৃহত অত্যাধুনিক মোনাত বীজ ৰোপণ কৰি আৰম্ভ কৰা এই খেতিৰ জৰিয়তে বছৰি প্ৰায় ডেৰ দুই লাখ টকা পৰ্যন্ত উপাৰ্জন কৰি আহিছে নিৰ্মলা গগৈয়ে ৷ ইতিমধ্যে নিৰ্মলা গগৈৰ আৰ্দশক অনুসৰণ কৰি সম্প্ৰতি বহুকেইগৰাকী যুৱক যুৱতীয়ে কাঠফুলা খেতি কৰিবলৈ আগবাঢ়িছে।

নিৰ্মলা  গগৈ
নিৰ্মলা গগৈ

কাঠফুলাৰ খেতিৰে সফলতাৰ লাভ কৰাসকলৰ নাম ললেই প্ৰথমেই নাম লব লাগিব মালামণি হাজৰিকাৰ নাম। দশম শ্ৰেণীৰ পৰাই মালামণিয়ে কৰি আহিছে কাঠপুলাৰ খেতি। দশম শ্ৰেণীত পঢ়ি থাকোতেই বশিষ্ঠৰ শান্তি সাধনা আশ্ৰমত কাঠফুলা খেতিৰ প্ৰশিক্ষণ লৈ পঢ়া-শুনাৰ খৰচ উলিওৱাৰ লগতে ঘৰ চলাত সহায় কৰিছিল মাক-দেউতাক। আমোদজনক কথাটো হল ১৪ বছৰীয়া মালামণিয়ে কাঠফুলা খেতি কৰিবলৈ ১৮ বছৰ বয়সলৈ ৰৈ আছিল চৰকাৰী ঋণেৰে। ১৮ বছৰ বয়স হোৱাৰ লগে লগে ১৯৯৭ চনত 'প্ৰধান মন্ত্ৰী ৰোজগাৰ যোজনা'ৰ পৰা এক লাখ টকাৰ ঋণ লৈ কাঠফুলাৰ খেতি ডাঙৰকৈ আৰম্ভ কৰি নিজৰ পঢ়াৰ খৰচ উলিওৱাৰ লগতে ঋণৰ কিস্তি পৰিশোধত ব্যস্ত হৈ পৰিলছিল মালামণি। সমনীয়াসকলে ৰঙীন জীৱনৰ সপোন খেদি মচগুল হৈ থকা সময়ত জীৱন সংগ্ৰামী মালামণি ব্যস্ত সমস্যা সমাধানত। নিজৰ সমস্যা সমাধানত যুঁজি থকা অৱস্থাতে কিছুদিন অসুস্থ হৈ থকা দেউতাকে ১৯৯৭ চনৰ ২০ অক্ট'বৰৰ দিনা ইহ সংসাৰ ত্যাগ কৰে। হঠাৎ তেওঁৰ জীৱনলৈ নামি আহে এক ডাঙৰ দুৰ্য্যোগ। এই সকলোবোৰৰ সৈতে মালামণিয়ে মোকাবিলা কৰিছিল কাঠফুলাৰ খেতিৰে। নিজৰ অসহায়-নিসহায় অৱস্থাক সৰোগত কৰি ধৈৰ্য্য আৰু সাহসেৰে এজন নিৰ্ভৰযোগ্য সন্তানৰ দৰে মাতৃৰ কাষত থিয় দি থাকিল মালামণি। হাজাৰ বাধাবিঘিনিৰ মাজেৰে নিজৰ মনৰ দৃঢ়তা অক্ষুণ্ণ ৰাখি ১৯৯৮ চনত স্নাতক ডিগ্ৰী লাভ কৰিলে। ১৯৯৩ চনৰ পৰা অবিৰতভাৱে কৰি থকা কাঠফুলা খেতিৰ পৰিৱৰ্তে ২০০৪ চনত তেওঁ আৰম্ভ কৰিলে বিভিন্ন ঠাইৰ নিবনুৱাক প্ৰশিক্ষণ দি তেওঁলোকৰ দ্বাৰা স্থানীয়ভাৱে উৎপাদিত কাঠফুলা সংগ্ৰহ কৰি আনি নিৰ্দিষ্ট নিয়মেৰে সংৰক্ষণ কৰাৰ লগতে বাণিজ্যিক ব্যৱস্থাৰে নিবনুৱাক আৰ্থিকভাৱে সকাহ দিয়াৰ কাম। মালামণিয়ে যেন অসমৰ সকলো থলুৱা খাদ্য সামগ্ৰীকে আচাৰৰ সামগ্ৰী কৰি ল'লে। বিশেষকৈ বাঁহ গাঁজৰ ০৫ বিধ, ভূত জলকীয়াৰ ০২ বিধ, ঔ টেঙাৰ ০২ বিধ, আমৰ ০২ বিধ, জলফাইৰ ০২ বিধ, কণ-জলকীয়া, পকা জলকীয়া, কেঁচা জলকীয়া, ফিৰিংগী জলকীয়া, বগৰী, কলডিল, থেকেৰা, মিহলি আচাৰ, বেঙেনাৰ মিঠা আচাৰ, নহৰু, কৰ্দৈ, নেমু, তিতাকেৰেলা, অৰুণাচলৰ কিউবিকৰ মিঠা আৰু টেঙা আচাৰ, কেঁচা হালধিৰ আচাৰ ইত্যাদিৰে মুঠ ৩৮ বিধ আচাৰ প্ৰস্তুত কৰি ব্যৱসায় চলাই আছে। নিজৰ উৎপাদন প্ৰতিভাৰ দক্ষতাৰে মালামণিয়ে ২০০৮ চনত ইজিপ্তত অনুষ্ঠিত আন্তঃ ৰাষ্ট্ৰীয় প্ৰদৰ্শনীত অংশগ্ৰহণৰ সুবিধা লাভ কৰে। একে বছৰতে 'এমএছএমই' (micro small & mediam enterprises)এ প্ৰদান কৰা বছৰৰ শ্ৰেষ্ঠ মহিলা উদ্যোগী হিচাপেও ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে। ২০০৩ চনত নৃপেন কুমাৰ নাথৰ লগত বিবাহ পাশত আৱদ্ধ হৈ এটি সন্তানসহ মাতৃক লৈ পৰিয়াল চলাই থকা মালামণিয়ে ১০ গৰাকী মহিলা, ০২ গৰাকী পুৰুষ কৰ্মচাৰী আৰু ২২ জন যোগানকাৰীৰে মুঠ ৩২ জনৰ পৰিয়াল চলাই আছে। দশম শ্ৰেণীতে আত্মসংস্থাপনৰ চিন্তা মনলৈ অহা আৰু তাক বাস্তৱত ৰূপ দিবলৈ সকলো বাধাবিঘিনি নেওচি আপ্ৰাণ চেষ্টাৰে লক্ষ্যত উপনীত হোৱা মালামণি হাজৰিকাৰ উদাহৰণ সঁচাকৈয়ে বিৰল। তেওঁ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ুৰে কৰ্মঠ হৈ সদায় আৰ্তজনৰ বন্ধু হৈ থাকক।

মালামণি হাজৰিকা
মালামণি হাজৰিকা

নামনি অসমৰ নলবাৰী জিলাৰ ডলী ৰাণী নামৰ মহিলাগৰাকীয়ে কাঠফুলাৰ খেতি কৰি নিজৰ ভৰিত থিয় দিছে৷ জিলাখনৰ বানেকুছি এলেকাৰ ডলীয়ে স্বামীৰ উপাৰ্জনক আশা নকৰি নিজেই উপাৰ্জন কৰি স্বামীৰ সমানে সমানে পৰিয়াল চলোৱাত সহায় কৰে৷ ইউকো বেংকৰ জৰিয়তে মাশ্ৰুম খেতিৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আৰু অসম চৰকাৰৰ মাশ্ৰুম সঞ্চালকালয় আৰু গৱেষণা কেন্দ্ৰৰ অধীনত হিমাচল প্ৰদেশত প্ৰশিক্ষণ গ্ৰহণ কৰি কাঠফুলা খেতিত মনোনিৱেশ কৰিছিল তেওঁ। বৰ্তমান এগৰাকী আগশাৰীৰ মহিলা খেতিয়ক ডলী৷ নিজ ঘৰতে অতি কষ্টৰে কাঠফুলা উৎপাদন কৰি বজাৰত বিক্ৰী কৰি অৰ্থ উপাৰ্জন কৰে ডলীয়ে৷ নিজ পৰিয়ালৰ লগতে আন দহজনকো প্ৰশিক্ষণ দি নিজ ঘৰতে মাশ্ৰুম উৎপাদন কৰি আহিছে ডলী ৰাণীয়ে। মাহেকত প্ৰায় চাৰি কুইন্টল মাশ্ৰুম উৎপাদন কৰি অসমৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে৷ নলবাৰী জিলাৰ লগতে কামৰূপ, ৰঙিয়া, গুৱাহাটীৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰো বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ডলীয়ে। ডলী ৰাণীয়ে বছৰি লাখ লাখ টকা উপাৰ্জন কৰি অসমৰ মহিলাৰ বাবে হৈ পৰিছে আদৰ্শস্বৰূপ।

ডলী ৰাণী
ডলী ৰাণী

উত্তৰাখণ্ডৰ হীৰেশা বাৰ্মা। হীৰেশা ডেৰাডুনৰ বাসিন্দা আৰু দিল্লীৰ পৰা আই টি বিষয়ত অধ্যয়ন কৰি আছিল। ইপিনে, যেতিয়া ২০১৩ চনত, কেদাৰনাথৰ ডাৱৰ বিস্ফোৰণত বহুটো লোক আঘাতপ্ৰাপ্ত হৈছিল, তেতিয়া হীৰেশাই টিভিত দৃশ্যবোৰ দেখি পীড়িত লোকসকলক সহায় কৰাৰ সিদ্ধান্ত লয় আৰু দিল্লী এৰি উত্তৰাখণ্ডত উপস্থিত হয়। হীৰেশাই মানুহক সহায় কৰাৰ লগতে সকাহ দিবলৈ এটা বেচৰকাৰী সংগঠনৰ সৈতে কাম কৰা আৰম্ভ কৰিছিল। হীৰেশাই পৰৱৰ্তী সময়ত বহু চিন্তা-চৰ্চা কৰাৰ পিছত, কাঠফুলা খেতিত মনোনিৱেশ কৰাৰ সিদ্ধান্ত লৈছিল। লগতে তেওঁ ভাবিছিল যে উত্তৰাখণ্ডৰ বতৰ ইয়াৰ বাবে উপযুক্ত লগতে এই ব্যৱস্থাপ্ৰণালীৰ দ্বাৰা পীড়িত মহিলাসকলৰ সমস্যা সমূহ আঁতৰ কৰিব। হিমাচল প্ৰদেশৰ কাঠফুলা গৱেষণা সঞ্চালকালয়ত প্ৰশিক্ষণ লৈছিল, যাৰ পিছত তেওঁ একে বছৰতে ১.৫ একৰ ভূমিত কাঠফুলা খেতি কৰিবলৈ হেনঝেন ইণ্টাৰনেচনেল নামাৰে এটা ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ কৰিছিল।

হীৰেছাই উল্লেখ কৰা মতে তেওঁৰ হাতত মাত্ৰ ২০০০ টকা আছিল আৰু তেনেকৈয়ে হীৰেশাই কাঠফুলা খেতি আৰম্ভ কৰিছিল। ২০১৩ চনত, হীৰেশাই চাকৰি এৰি কাঠফুলাৰ খেতি আৰম্ভ কৰা হীৰেশাই সফলতাৰ শিখৰ চুবলৈ সক্ষম হৈছিল আৰু তেওঁৰ সফলতাৰ বাবে ২০১৫ চনত উত্তৰাখণ্ড ৰাজ্যিক বঁটা প্ৰদান কৰা হৈছিল। হীৰেশাই কাঠফুলা খেতি কৰা আৰু কৃষকসকলক সহায় কৰাৰ উপৰিওআচাৰ, নাগেট, চুপ, প্ৰ'টিন পাউডাৰ, চাহ, কফি আৰু চছ আদি বিভিন্ন সামগ্রী তৈয়াৰ কৰি পঞ্জাৱ, হাৰিয়ানা, দিল্লী, পাউৰী, ঘৰৱাল আদি অঞ্চলত বিক্ৰী কৰি বছৰি মুঠ ১.৫ কোটি টকা আয় উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

লগতে পঢ়ক- পুখুৰীত মাছপোহাৰ লগতে জামান মানিকে আৰু কি কৰিছে!

English Summary: woman in the field of Mushroom

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.