1. সফল কাহিনী

গুৱাহাটীত নগৰীয়া মীন পালনঃ ঘৰৰ ছাদ, চৰা কোঠা অথবা চোতালত মৎস উৎপাদন!

KJ Staff
KJ Staff
Urban Fish Farming at Guwahati
Urban Fish Farming at Guwahati

মীনপালন সাম্প্রতিক সময়ৰ এটা অতি লাভজনক পেছা। স্বাদ, পৰিপুষ্টি চাহিদা বজাৰ দৰ আদি সকলো দিশৰ পৰা মাছ উৎকৃষ্ট শীতলৰৰ্ত্তী জলজীৱ। মাছ অসমীয়া জনসাধাৰণৰ অতি প্রিয় খাদ্য। কিছু বছৰ আগলৈকে এনে এটা ধাৰণা আছিল যে মীনপালন কেবল বিশাল জলাধাৰ বা বৃহৎ এলেকাতহে সম্ভব। কিন্তু শেহতীয়া প্ৰযুক্তিৰ উন্মেষে প্ৰমাণ কৰি দিছে যে অতি কম ঠাইতো ফলপ্রসু মীনপালন সম্ভৱ। অর্থাৎ চহৰ–নগৰত ঘৰৰ চৌহদ, চোতাল, ছাদ আদিতো কৃত্রিম জলাধাৰ সৃষ্টি কৰি অতি কম ঠাইতো মীন পালন সম্ভৱ হ’ব পাৰে।

ইতিমধ্যে, গুৱাহাটী মহানগৰীত তেনে প্ৰয়াস আৰম্ভ হৈছে আৰু ফলাফল অতি আশাপ্রদ। এনেদৰে কম আয়াসতে নিজৰ ঘৰুৱা চাহিদা সতেজ মাছেৰে পূৰ্ণ কৰাৰ লগতে ব্যবসায়িক দৃষ্টিকোণৰে মীন পালন কৰি আত্মপ্রত্যয়ৰে আত্মসংস্থাপন সম্ভৱ। আবাসৰ কম চৌহদত টাৰ্পুলিনৰে অতি সৰু জলাধাৰ সৃষ্টি কৰি অতি দৃষ্টিনন্দনভাৱে মীন পালন কৰি মৎস্য উৎপাদন পোৱাৰ লগতে চৌহদৰ শোভাবর্দ্ধণো কৰিব পাৰি। এনে কৌশলত মাত্র ৫ ফুট × ৮ ফুট জোখৰ সৰু কৃত্রিম জলাধাৰ এটা সৃষ্টি কৰি ১০০০টা মান কাৱৈ মাছ পালন কৰিব পাৰি। তিনি-চাৰি মাহৰ পাছত মাছখিনি বিক্ৰীযোগ্য হয় আৰু এমাহ মাহৰ পৰাই কমকৈ কমকৈ উঠাই নিজৰ ঘৰুৱা চাহিদা পূৰণ কৰিব পাৰি। ইয়াত জলধাৰ সমূহ চৌহদৰ অৱয়ৱ আৰু ঘৰটোৰ নক্সা অনুযায়ী বিভিন্ন আকৃতিৰে নিৰ্মাণ কৰিব পাৰি।

Urban Fish Farming at Guwahati
Urban Fish Farming at Guwahati

আন এটা গুৰুত্বপূৰ্ণ ইতিবাচকতা হৈছে এনে কৌশলত মীন পালনত ব্যৱহাৰ কৰা পানীখিনি শোধনৰে পুনঃ চক্ৰীয় কৰা হয় আৰু বৰ্জিত পানীখিনিৰ জৰিয়তে ভূমিবিহীন কৃষি কর্ম সম্ভব। কেবল সম্ভব বুলি ক'লেই ভুল হ'ব, এই পানী ব্যৱহাৰ কৰি তুলনামূলক বহু বেছি উৎপাদন পাব পাৰি। তদুপৰি ই সম্পূর্ণ জৈৱিক পদ্ধতি। পানীখিনিত অৱশ্যে বাহিৰৰ পৰা বাতনৰ বাৱহাৰেৰে অম্লজান যোগান সুনিশ্চিত কৰি ৰাখিব লাগিব। এই মূল ভিত্তিটো অক্ষুণ্ণ ৰাখি বিভিন্নজনে উদ্ভাৱনী চিন্তাৰ পৰশৰে চৰা ঘৰত মীন পালন, বহুমহলীয়া ঘৰৰ কৰিডৰত মীন পালন, ছাদত মীন পালন আদিওঁ সূচনা কৰিছে। সফলো হৈছে আশাপ্রদভাৱে।

আনহাতে জৈৱপুঞ্জৰ জৰিয়তে মীন পালন আন এক চহৰীয়া পৰিবেশত প্রাসঙ্গিক মীনপালন। এনে কৌশলত পানীৰ ভৌত ৰাসায়নিক পৰিৱেশতন্ত্ৰৰ ভাৰসাম্য মীন পালনৰ পটভূমিত অক্ষুণ্ণ ৰাখি গহন পদ্ধতিৰে অধিক ঘনত্বত মীনপালন কৰা হয়। ইয়াত মাছৰ অব্যবহৃত খাদ্য, মল-মূত্ৰ, বৰ্জিত পদাৰ্থ আদিৰ পৰা সৃষ্টি হোৱা এমনিয়া, নাইট্রেট আদি যৌগৰ সংশ্লেষণ ঘটাই প্ৰ'টিনযুক্ত খাদ্যলৈ ৰূপান্তৰ কৰা হয়। অত্যাধুনিক এই কৌশলত বিষাক্ত এম’নিয়া নিস্কাষণ কৰি উপকাৰী বেক্টেৰীয়াৰ আহাৰ প্ৰস্তুত কৰাৰ লগতে পানীখিনিৰ গুণাগুণ অক্ষুণ্ণ ৰাখি মাছৰ প্ৰাকৃতিক খাদ্য উপলভ্যতা সুনিশ্চিত কৰা হয়।

Urban Fish Farming
Urban Fish Farming

চহৰীয়া মীন পালনৰ এই কৌশললানি জনপ্ৰিয় কৰাৰ লগতে যাবতীয় কাৰিকৰী সহযোগিতা প্রদান কৰিবলৈ নিৰৱচ্ছিন্নভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে মহানগৰীৰ বতাহঘূলিৰ ৰিচিৰাজ চৌধুৰীয়ে (৮৪৭১৯৭১৮৮৭/৮১৩৪৯২২৩৮৭/৯৪৩৫৩৪৬৯৬৪)। জৈৱ প্ৰযুক্তিৰ স্নাতোকত্তৰ ডিগ্ৰীধাৰী ৰিচিয়ে বহুৰাষ্ট্ৰীয় প্ৰতিষ্ঠানত কৰ্ম কৰাৰ অভিজ্ঞতা আৰু বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ অন্তত নিজ উদ্ভাৱনী কৌশলৰে এই সমূহ সৰলীকৃত আৰু মানকৃত কৰাত সফল হৈছে। ৰাষ্ট্ৰীয় মীন উন্নয়ন পৰিষদৰ তালিকাভূক্ত পৰামৰ্শদাতাজনে পত্নী সোমা চক্ৰবৰ্তীৰ সৈতে লগ লাগি ঘৰতে প্ৰদৰ্শনমূলক পাম এখন আটোমটোকাৰিকৈ নিৰ্মাণ কৰিছে।

মহানগৰীৰ বহু উচ্চপদস্থ বিষয়া, সাংবাদিক, আমোলা, ব্যৱসায়ীৰ ঘৰত ৰিছিৰ পৰামৰ্শ তথা কাৰিকৰী সহযোগিতাত ৰূপায়িত হৈছে ব্যতিক্রমী মান পালন। বহুতো উচ্চ শিক্ষিত নিবনুৱা যুৱক-যুৱতী তথা 'কভিড'ৰ পৰিপ্ৰেক্ষিতত বহিঃৰাজ্যৰপৰা উভতি অহা যুৱক-যুৱতীকো ৰিছিয়ে দিছে নিয়োগ সম্ভাৱনীয়তাৰ থল। শেহতীয়াকৈ মেঘালয় চৰকাৰকো সহযোগিতা আগবঢ়াইছে ৰিছিৰ প্রতিষ্ঠান 'AGVENTURE য়ে।

ৰিছিৰ কাৰিকৰী সহযোগিতা আৰু নিজস্ব উদ্ভাৱনী চিন্তাৰ সমাহাৰৰে বিশিষ্ট সাংবাদিক সুশীল পাটোৱাৰীয়ে চৰা কোঠাত গৰ্ভস্থ পকী টেংকী নিৰ্মাণ কৰি মীন পালন কৰাৰ লগতে জলভাগৰ পুনঃচক্রীয় কৌশলৰে কোঠাৰ ভিতৰত আৰু বাহিৰত উদ্যান শস্যৰে এক দৃষ্টিনন্দন প্রাকৃতিক পৰিৱেশৰ মাদকতাৰে কঢ়িয়াই আনিছে এক নতুন দিনৰ বাৰ্তা। একে পানীখিনি পৰিস্ৰুত শোধনৰে চোতালত আন এটা সৰু পকী টেংকীত পেলাই আৰম্ভ কৰিছে বায়ুশ্বাসী মীন পালন আৰু ভূমিবিহীন কৃষি কর্ম। এই পৰিক্ৰমাটিয়ে মৎস্য উৎপাদন নিশ্চিত কৰাৰ লগতে সামগ্রিকভাৱে এক প্রাকৃতিক পৰিৱেশ সৃষ্টি কৰি দেহ-মন সজীৱ কৰাৰ লগতে চৌপাশৰ জলবায়বীয় আৱহাৱা জীপাল কৰিব সক্ষম হৈছে।

Urban Fish Farming at Guwahati
Urban Fish Farming at Guwahati

সেইদৰে উত্তৰ পূব সীমান্ত ৰেলৱেৰ উচ্চ পদস্থ বিষয়া পৱন দত্তই বামুনীমৈদামৰ চৰকাৰী আৱাসতে ৭৫০০ লিটাৰ ক্ষমতা বিশিষ্ট জলধাৰ টাৰ্পুলিন আৰু পাতল টিনেৰে নিৰ্মাণ কৰি ঘৰৱা চাহিদাৰে মাছখিনি উপলভ্য কৰিছে। শান্তিপুৰ পৰ্বতীয়া অঞ্চলৰ কৰবী দেবী দাসে বহুমহলীয়া আবাসৰ ছাঁদত ৰিছিৰ সহযোগত সুন্দৰভাবে বিভিন্ন প্ৰজাতিৰ মাছ পলান কৰাৰ লগতে বিবিধ তৰহৰ উদ্যান শস্যৰ খেতি কৰিছে। উদ্যমী মহিলাগৰাকীয়ে জানিব দিয়া মৰ্মে তেওঁলোকৰ নিজৰ লগতে পৰিয়াল সজ্জনৰো প্রয়োজনীয় মাছখিনি যেতিয়াই মন যায় তেতিয়াই ছাদৰ পৰাই জোৰা মাৰিব পৰা যায়।

তদুপৰি যেতিয়াই যি মাছ খাব মন যায় যেনে গৰৈ মাছ, কাৱৈ মাছ, মাগুৰ মাছ, বাহু মাছ তেতিয়াই ছাদলৈ গ'লেই হ'ল। লগতে নানা তৰহৰ শাক চবজি। এইকেইটা মাত্ৰ উদাহৰণহে। আপুনিওঁ অনুৰূপ ধৰণে মীন পালন কৰি লাভবান হোৱাৰ লগতে নিজৰ ঘৰুৱা চাহিদা নিশ্চিত কৰাৰ লগতে ব্যৱসায়িক ভাবেওঁ আগবাঢ়িব পাৰে। এই ন' সম্ভাৱনীয়তাৰ দিশটিলৈ গুৰুত্ব সহকাৰে দৃষ্টি নিক্ষেপ কৰি আমি মৎস্য উৎপাদন বৃদ্ধিত বৰঙণি যোগোৱাৰ সময় সমাগত। এই কৌশলৰ লগত সংপৃক্ত প্রযুক্তিলানি অতি সৰল কিন্তু পৰিক্ৰমা শৃংখলাবদ্ধ।

উল্লেখযোগ্য যে ইয়াত মূলধনী বিনিয়োগো তুলনামূলকভাবে কম। ব্যৱস্থাপনাৰ খৰছো মিতব্যয়ী। আপোনাক যাবতীয় সহযোগিতা আগবঢ়াব ‘AGVENTURE’ তথা ৰিছিৰাজ চৌধুৰী সদা প্রস্তুত।

লগতে পঢ়ক-মাছপোনা চিনাক্তকৰণ আৰু পুখুৰীত মেলাৰ কৌশল-

লেখকঃ ড০ ধ্ৰুৱজ্যোতি শৰ্মা

মীন বিষয়া

মীন সঞ্চালকালয়, অসম

English Summary: AGVENTURE: Urban Fish Farming at Guwahati

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.