1. সফল কাহিনী

সহজে বিশেষ মূলধন নোহোৱাকৈ কিদৰে প্ৰস্তত কৰিব পাৰি আচাৰ আৰু ইয়াৰ ব্যৱসায়

PANKAJ KHANIKAR
PANKAJ KHANIKAR

হোমেন বৰগোহাঞি কোনোবা এখন ৰচনাত পঢ়িছিলো যে এজন ব্যক্তিয়ে ঘূৰি-ফুৰোঁতে এটুকুৰা হীৰা হেৰাই পালে। কিন্তু তেওঁ হীৰাৰ মূল্য কি সেই বিষয়ে নাজানে। তেওঁ যিটুকুৰা হীৰা হেৰাই পাইছিল তাৰ মূল্য আছিল কোটি টকা। কিন্তু মানুহজনে কিবা অলাগতিয়াল বস্তু বুলি ঘৰৰ এচুকত পেলাই থলে আৰু গোটেই জীৱন তেওঁ দৰিদ্ৰতাৰ লগত যুঁজি যুঁজি পাৰ কৰিলে। আৰু এদিন তেনেকেই তেওঁৰ মৃত্যুও হল। এই কথাষাৰ মনত মনত পৰিল শিৱসাগৰৰ নাজিৰাৰ বিশিষ্ট উদ্যোগী চুভানা হাজৰিকা বাইদেউৰ বিষয়ে লিখিবলৈ লৈ। কাৰণ বাইদেৱে যিবোৰ সামগ্ৰী অৰ্থাত কেঁচামালক লৈ আজি নিজে আত্মিনৰ্ভশীল হোৱাৰ লগতে কেইবাগৰাকী গ্ৰাম্য মহিলাক সংস্থাপন দি এক স্বচ্ছল জীৱন-প্ৰদান কৰিছে সেই সামগ্ৰী বা কেঁচামালসমূহক কিন্তু অসমৰ অধিকাংশ গ্ৰাম্য মহিলা-পুৰুষে বাৰীৰ এচুকত পেলাই ৰাখিছে। থিক ওপৰত মূল্যৱান হীৰা টুকুৰাক অলাগতিয়াল সামগ্ৰীৰ দৰে পেলাই থোৱা দৰিদ্ৰ বৃদ্ধজনৰ দৰে।

অসমৰ গ্ৰামাঞ্চলসমূহত কৰ্দৈ, ঔটেঙা, বাঁহ গাঁজ, জলফাই, নেমু, হালধী, ভোট জলকীয়া, শিলিখা, ঢেকিয়া, কেৰেলা আদি  একেবাৰে সুলভ। নিজেও ঘৰতে কৰিব পাৰে বা  কম দামতে এইবোৰ ক্ৰয় কৰিব পাৰে আৰু অধিকাংশ গ্ৰামাঞ্চললোকৰ ঘৰত এই বস্তুবোৰ থাকে। বেছিভাগৰ লোকৰ ঘৰতে থাকে আৰু নষ্ট হয় আৰু বহুতে পেলাই দিয়ে। কিন্তু এই সামগ্ৰীসমূহৰ পৰা খুব কম মূলধন লৈ গ্ৰামাঞ্চলৰ লোকসকলে এইবোৰৰ ব্যৱসায় কৰিব পাৰে। এই ধাৰণাটো মোৰ নহয় এই ধাৰণাটো সুভানা হাজৰিকা বাইদেউৰ। বাইদেৱে এই ধাৰণাটোক সন্মুখত ৰাখিয়েই আৰম্ভ কৰিলে কেঁচা জলকীয়াৰ আচাৰ, নেমুটেঙাৰ আচাৰ, বেঙেনাৰ আচাৰ, ঔ টেঙাৰ আচাৰ আদিকে ধৰি অসমৰ গ্ৰামাঞ্চলসমূহত সহজে উপলব্ধ হোৱা এই সমাগ্ৰীসমূহৰ আচাৰৰ ব্যৱসায়। প্ৰথম অৱস্থাত ঘৰতে আৰম্ভ কৰা এই ব্যৱসায়ে পৰৱৰ্তী সময়ত এটা ডাঙৰ ব্যৱসায়লৈ ৰূপান্তৰ কৰিলে তেওঁ। তিনিবছৰ পূৰ্বে তেওঁ এটা লীনা প্ৰডাক্ট নামৰ এটা আচাৰ বনোৱা উদ্যোগ গঢ়ি তুলিলে নাজিৰাত। সম্প্ৰতি এই উদ্যোগটোৰ পৰা চুভানা হাজৰিকাই পৰীক্ষামূলক অসমৰ থলুৱা সম্পদসমূহক ব্যৱসায়িক ৰূপ দিবলৈ গৈ সফল হৈছে। এই সন্দৰ্ভত বিশেষ জানিবলৈ দৰ্শকসকলে এই লিংকটোত কৰিব https://www.facebook.com/Assam.krishijagran/videos/1106455796722041।

লগতে পঢ়ক- 

পুখুৰীত মাছপোহাৰ লগতে জামান মানিকে আৰু কি কৰিছে!

সাধাৰণতে আমাৰ গ্ৰামাঞ্চলৰ নাৰীসকলে নিজাববীয়াকৈ কিবা এটা কৰিবলৈ ওলালে ঘৰৰ মানুহখিনিৰ পৰা প্ৰথম অৱস্থাত বৰ বেছি সহাঁৰি নাপায়। এই প্ৰত্যাহ্বানটোৰ সন্মুখীন হৈছিল চুভানা হাজৰিকায়ো। কিন্তু এইসকলোবোৰক আওকান কৰি আৰম্ভ কৰিছিল এই ব্যৱসায়। ঘৰতে বনোৱা আচাৰসমূহ তেওঁ গ্ৰামাঞ্চলৰ ধনী মানুহবোৰৰ ঘৰত গৈ বিক্ৰি কৰিছিল, ওচৰৰ দোকানসমূহত বিক্ৰি কৰিবলৈ দোকানীক দিছিল। চুভানা বাইদেৱে এই সন্দৰ্ভত কয় যে এনেকৈ প্ৰথম অৱস্থাত লাজ লাগিব পাৰে কিন্তু এই লাজক আওকান কৰিব লাগিব। এনেদৰে চুভানা বাইদেৱে লাজ-শংকাক কাটি কৰি আজি লীনা প্ৰডাক্টৰ মালিক। আজি তেওঁৰ গ্ৰাহক অসমৰ চুকে-কোনে। শেহতীয়াকৈ তেওঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা প্ৰগতিশীল মহিলা উদ্যোগীৰ বঁটা লাভ কৰিছে। বৰ্তমান তেওঁ কম মূলধনেৰে এই ব্যৱসায় কিদৰে কৰিব পাৰে- এই সন্দৰ্ভত মহিলাসকলক প্ৰশিক্ষণ দিয়ে। লগতে আপোনালোকক জনাও যে যিসকলে এনে ব্যৱসায় কৰিব বিচাৰে তেওঁলোকক সকলোধৰণে সহায়-সহযোগিতা আগবঢ়াব বুলি কয়। আৰু আগ্ৰহীসকলে তেওঁক এই নাম্বাৰটোত ৮৬৩৮১-৩৭৮৪৮ যোগাযোগ কৰিব। আমাৰ কৃষি জাগৰণৰ প্ৰতিনিধিৰ সৈতে হোৱা কথা বতৰাত গাঁওৰ দৰিদ্ৰ মহিলাৰ সৱলীকৰণৰ ক্ষেত্ৰত আচাৰৰ ব্যৱসায়ে এক ডাঙৰ ভূমিকা ল’ব পাৰে বুলি কয়।

লগতে আমাৰ পাঠকসকলক জনাওঁ চুভানা হাজৰিকা বাইদেউৰ কথা-বতৰা, কাম-কাজৰ মাজত তেওঁক এগৰাকী ব্যৱসায়ীতকৈ গ্ৰামাঞ্চলৰ মহিলাসকলৰ সৱলীকৰণৰ বাবে কাম কৰি থকা এগৰাকী মহিলাৰ দৰেহে লাগে। আৰু আচাৰ ব্যৱসায়ক তেওঁ মাথো যেন গ্ৰামাঞ্চলৰ নাৰীসকলৰ বাবে কাম কৰাৰ এক মাধ্যম হিচাপে গ্ৰহণ কৰিছে।

লেখক- পংকজ খনিকৰ, ধেমাজি

লগতে পঢ়ক-

সম্ভাৱনাৰ দিশত মুগা আৰু এৰী শিল্প

English Summary: SUCCESS STORIES- SUBHANA HAZARIKA

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.