Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 27 April, 2023 6:35 PM IST
পৃথিবীৰ আটাইতকৈ দামী ফলবিধ

পৃথিবীৰ আটাইতকৈ দামী য়ুবৰি নামৰ এই ফলবিধ জাপানৰ। এই দ্বীপৰাষ্ট্ৰখনৰ বাহিৰে আন অঞ্চলত এই ফলবিধৰ খেতি নহয়। দামৰ দৰেই এই ফলবিধৰ সোৱাদো অনন্য। কিন্তু আপোনাৰ, মোৰ দৰে মধ্যবিত্তৰ বাবে এই ফলবিধৰ সোৱাদ লোৱাতো প্ৰায় অকল্পনীয়। কাৰণ আমাৰ দৰে মধ্যবিত্ত মানুহৰ বাবে শাক-পাচলি, ফল-মূলৰ দুই এটকা দাম বাঢ়িলেই হাহাকাৰ লাগে। তেনে পৰিপ্ৰেক্ষিটত লাখটকীয়া এটা ফল কিনি খোৱাটো আকাশত চাংপতাতকৈ কোনো গুণে কম নহয়। য়ুৱৰি ফলৰ দাম কেৱল সোৱাদ, সুগন্ধ, আৰু কেৱল জাপানত হোৱাৰ বাবেই নহয়। ইয়াৰ দামবৃদ্ধিৰ মূলতে আছে ইয়াক উতপাদন কৰোতে হোৱা কষ্ট, যত্ন লওঁতে হোৱা খৰচ।

পৃথিবীৰ যিসকল ভাগ্যৱান ব্যক্তিয়ে এই ফলবিধ খাই পাইছে, তেওঁলোকৰ মতে, যুৱৰি মিঠাৰ কোনো তুলনা নাই। জাপানৰ সৰু চহৰ ইউবাৰীত এই খেতি কৰা হয়।  য়ুবৰি ফলবিধ ডাঙৰ হবলৈ ১০০ দিনৰো অধিক সময় লাগে। পুৰঠ হ’লে এই ফলৰ পৰা এটা বিশেষ গোন্ধ ওলায় যি মৌ বা কস্তৃৰি মৃগৰ নাভিৰ ওলোৱা সুগন্ধ দৰে। ছবিত দেখাৰ দৰেই যুবৰিফলটোৰ চাৰিওফালে জটিল আৰু সুক্ষ্ম জাল আগুৰি ধৰে। জাপানত উচ্চ শ্ৰেণীৰ লোকৰ মাজত য়ুৱৰি অভিজাত্যৰ চিন আৰু বিশেষ উপহাৰ হিচাপে গণ্য কৰা হয়।

এই যুৱৰি ফলবিধ তৰমূজৰ পৰিয়ালৰে। দেখাত সাইলাখ সৰু তৰমুজৰ দৰেই। কিন্তু পকিলে অলপ কমলা ৰঙৰ হয়। য়ুবাৰী কেৱল জাপানৰ ইউবাৰীতহে খেতি কৰা হয়। কৃষকসকলে যুৱৰীৰ পুলিবোৰক সৰু সৰু গোটত ভাগ কৰি ৰোপন কৰে। ই কেৱল সেউজ গৃহৰ ভিতৰত কৰা হয়। ইয়াক দুটা প্ৰজাতিৰ তৰমুজ আৰ্লৰ আৰু বাৰ্পিৰ কৰ্চ কৰি সৃষ্টি কৰা হৈছে। কৃষকসকলে যুৱৰী জোপাৰ সকলো পুষ্টিকৰ উপাদান লাভ কৰিবলৈ প্ৰতিজোপা গছত মাত্ৰ এটা তৰমুজহে লাগিবলৈ দিয়ে।

গতিকে এটা য়ুৱৰীৰ দাম ভাবি নোৱৰাকৈ দামী। ওপৰত কোৱা হৈছে যে এটা যুৱৰী দাম ৮ হাজাৰ পৰা ১৮ লাখৰ ভিতৰত।কিন্তু সময় সাপেক্ষে আৰু বকৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ দাম কম-বেছো হয়। কেতিয়াবা য়ুৱৰীৰ নিলামো হয়। তেতিয়া এটা য়ুৱৰীৰ দাম লাখ পৰ্যন্ট হয় গৈ। খুব পৰপাটিকৈ এই য়ুবৰি খেতি কৃষকসকলে কৰে। আগ্ৰহীসকলে Youtube ত এই খেতিক লৈ বহুত ভাল ভিডিঅ’ আছে। সেইবোৰ চাব পাৰে।

লগতে পঢ়ক- 

Cocoa farming benefits: তামোলৰ মাজে মাজে চকলেট খেতি আৰম্ভ কৰক

English Summary: Yubari, an exceptional melon of World
Published on: 27 April 2023, 06:35 IST