Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 28 June, 2019 5:55 PM IST

     আলু পিয়াজৰ দাম বজাৰত বঢ়া টুটা হৈ থকাৰ দৰে পেট্ৰ’ল আৰু ডিজেলৰ দামো উঠা নমা হৈ থকাটো আজিৰ দিনত সাধাৰণ কথা হৈ পৰিছে। পেট্ৰ’লৰ দাম যোৱাকালি যদি দুটকা কমিছে, আজি আকৌ চাৰি টকা বাঢ়িছে। দাম বাঢ়িলে মানুহে প্ৰতিবাদ কৰে, কমিলে সকাহ বোধ কৰে।

পেট্ৰ’লিয়াম সামগ্ৰী সমূহক আধুনিক সভ্যতাৰ মুল চালিকা শক্তি বুলিও ক’ব পৰা যায়। পেট্ৰ’ল আৰু ডিজেলৰ মূল্যই মানুহৰ ঘৰুৱা বাজেটৰ লগতে এখন দেশৰ অৰ্থনীতিতো যথেষ্ট প্ৰভাৱ পেলায়। এই সামগ্ৰী সমূহৰ অভাৱে এহাতে যেনেদৰে একোখন দেশৰ অৰ্থনৈতিক ৰাজহাঁড় ভাঙি পেলাব পাৰে, ঠিক সেইদৰে এই সামগ্ৰী সমূহৰ উপলব্ধতাই একোখন দেশৰ অৰ্থনৈতিক বিকাশ আকাশলংঘী কৰি তুলিব পাৰে। পেট্ৰ’লিয়াম সামগ্ৰী সমুহ মূলত: ভূ গৰ্ভত পোৱা খনিজ তেল আৰু প্ৰাকৃতিক গেছৰ পৰাই পৰিশোধন প্ৰক্ৰিয়াৰে তৈয়াৰ কৰা হয়। বৰ্তমান বিশ্বত খনিজ তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰে এহাতে মধ্য প্ৰাচ্যৰ দেশ সমূহক চহকী কৰি তুলিছে, আনহাতে এইবোৰৰ অভাৱত পূব এছিয়া আৰু ইউৰোপৰ বহুতো দেশ অৰ্থনৈতিক সংকটৰ গৰাহত পৰিছে।

বজাৰৰ যিকোনো সামগ্ৰীৰ দৰে খনিজ তেল আৰু প্ৰাকৃতিক গেছৰ প্ৰতিদিনেই বেচা কিনা হৈ থাকে। বিভিন্ন কাৰকৰ প্ৰভাৱত একোটা প্ৰতিস্থানৰ অংশৰ (share) মূল্য ছেয়াৰ বজাৰত কম বেছি হোৱাৰ দৰে খনিজ তেল আৰু প্ৰাকৃতিক গেছৰ মূল্যও নিতৌ সলনি হৈ থাকে। গুণগত দৃষ্টিত খনিজ তেলত থকা গন্ধকৰ  পৰিমাণ আৰু পৰিশোধন প্ৰক্ৰিয়াৰ জটিলতাৰ ওপৰত খনিজ তেলৰ মূল্য নিৰ্ভৰ কৰে। গন্ধকৰ পৰিমাণ যিমানে কম হয়, পৰিশোধন প্ৰক্ৰিয়া যিমানে তেলৰ উত্কৃষ্টতা সিমানে বৃদ্ধি পায় বুলি ধৰা হয়।  গুণগত ভাৱে বিশ্বত খনিজ তেল কেইবা প্ৰকাৰৰ  আছে যেনে – ব্ৰেণ্ট ক্ৰুড, ডুবাই ক্ৰুড, ৱেষ্ট টেক্সাছ ইণ্টাৰ্মেডিয়েট আদি। ইয়াৰ ভিতৰত উত্তৰ সাগৰত পোৱা ব্ৰেণ্ট ক্ৰুডক এক বিশিষ্ট মানদণ্ডৰ (standard) খনিজ তেল হিচাপে পৰিগণিত কৰা হয় আৰু আন প্ৰকাৰৰ তেল বোৰক গুণগত  ভাৱে ব্ৰেণ্ট ক্ৰুডৰ লগত তুলনা কৰা হয়। খনিজ তেলৰ লেন দেনৰ কাৰণে বিশ্বৰ বিভিন্ন ঠাইত বিশেষ বিনিময় কেন্দ্ৰ আছে। নিউ ইয়ৰ্ক, লণ্ডন, ডুবাই আদিত এনে বিশেষ কেন্দ্ৰ বোৰ আছে। এই বোৰত ভৱিষ্যতৰ কোনোবা দিনত যোগান ধৰাৰ কাৰণে খনিজ তেলৰ নিলামী হয়। নিলামীৰ দ্বাৰা স্থিৰ হোৱা নিৰিখৰ ওপৰতে খনিজ তেলৰ দাম নিৰ্ভৰ কৰে। নিলামীৰ সময়ত আৰু অনাগত ভৱিষ্যতত বিশ্বৰ তেল উত্পাদনকাৰী দেশ সমূহৰ ৰাজনৈতিক সুস্থিৰতা, যোগান শৃংখলৰ সুচলতা আদি বিভিন্ন কাৰকৰ ওপৰত বেচা কিনাৰ নিৰিখ নিৰ্ভৰ কৰে। সেয়ে খনিজ তেলৰ মূল্য বিশ্বৰ বিভিন্ন দেশৰ পৰিস্থিতিৰ সাল সলনিৰ লগত সলনি হৈ থাকে। তেল উত্পাদনকাৰী কোনোবা এখন দেশত যিকোনো পৰিস্থিতিত তেলৰ উত্পাদন আৰু যোগান প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হোৱাৰ আশংকা থাকিলে, যুদ্ধ বিগ্ৰহৰ সম্ভাৱনা থাকিলে, সন্ত্ৰাসবাদীৰ আক্ৰমণ হ’লে খনিজ তেলৰ মূল্যৰ উত্তৰণ ঘটে।  চীন, ভাৰত, ব্ৰাজিলৰ দৰে উন্নয়নশীল দেশ সমুহৰ দ্ৰুত অৰ্থনৈতিক বিকাশ আৰু বিকাশে সৃষ্টি কৰা দ্ৰুত চাহিদা বৃদ্ধিও খনিজ তেলৰ মূল্য বৃদ্ধিৰ এটা মূল কাৰণ। ঠিক সেইদৰে নতুন তৈলক্ষেত্ৰত আৱিস্কাৰ, বিকল্প শক্তি উত্সৰ ব্যৱহাৰ, চৰকাৰী কৰ ৰেহাই আদি কাৰকৰ প্ৰভাৱত খাৰুৱা তেলৰ মূল্য নিম্নমুখী হয়। কেইখনমান তেল উত্পাদন আৰু ৰপ্তানিকাৰী দেশৰ সংগঠন OPEC ৰ সহমতৰ ওপৰতো বিশ্বৰ বজাৰত উলিয়াই দিয়া খনিজ তেলৰ পৰিমান নিৰ্ভৰ কৰে, কাৰণ তেলৰ বৃহত ভাণ্ডাৰ থকা এই দেশ কেইখনে (চৌদি আৰব, ভেনিজুৱেলা, ইৰান, ইৰাক, কুৱেইট, লিবিয়া আদি) খনিজ তেলৰ মূল্য এক নিৰ্দিষ্ট নিৰিখৰ তললৈ নোযোৱাকৈ ৰখাৰ কাৰণে উত্পাদন নিয়ন্ত্ৰণ কৰে। মুঠতে যোগান আৰু চাহিদাৰ তাৰতম্য খনিজ তেলৰ দামৰ সাল সলনি হোৱাৰ এক মুখ্য কাৰক। বিনিময় কেন্দ্ৰত বিভিন্ন খবৰ আৰু অনুমানৰ ওপৰত ভিত্তি কৰি ভৱিষ্যতৰ যোগান আৰু চাহিদাৰ ওপৰত এক ধাৰণ কৰা হয় আৰু নিলামীৰ জৰিয়তে খনিজ তেলৰ দাম নিৰূপন কৰা হয়।

     বিশ্বৰ বজাৰত খনিজ তেলৰ মূল্যৰ দ্ৰুত সাল সলনি নতুন কথা নহয়। পিছে ভাৰতত ২০০২ চনলৈ খনিজ তেলৰ মূল্য চৰকাৰে নিয়ন্ত্ৰণ কৰি আহিছিল। ভাৰত চৰকাৰে প্ৰশাসনীয় মূল্য নিৰ্ধাৰণ প্ৰক্ৰিয়াৰে (Administrative Price Mechanism চমুকৈ APM) বজাৰত খনিজ তেলৰ মূল্য নিয়ন্ত্ৰণ কৰিছিল। ভাৰতত কিছু পৰিমানে খনিজ তেলৰ উত্পাদন হয় যদিও চাহিদা অনুপাতে সেয়া নিচেই কম। ২০০২ চনলৈ ভাৰতত খনিজ তেলৰ অন্বেষণ, উদ্ঘাটন আৰু উত্পাদনৰ দ্বায়িত্ব কেৱল দুটা জাতীয় তেল উত্পাদনকাৰী কোম্পানী তেল আৰু প্ৰাকৃতিক গেছ আয়োগ (Oil and Natural Gas Commission চমুকৈ ONGC) আৰু অয়ল ইণ্ডিয়া লিমিটেডৰ (Oil India Limited) ওপৰত ন্যস্ত আছিল। সেইদৰে খনিজ তেলৰ পৰিশোধনৰ দ্বায়িত্ব পালন কৰিছিল জাতীয় কোম্পানী ভাৰতীয় তেল নিগম, ভাৰত পেট্ৰলিয়াম, হিন্দুস্তান পেট্ৰলিয়াম আদিয়ে। প্ৰশাসনীয় মূল্য নিৰ্ধাৰণ প্ৰক্ৰিয়াত তেল উত্পাদনকাৰী কোম্পানী কেইটাক চৰকাৰৰ তৰফৰ পৰা তৈলক্ষেত্ৰ অন্বেষন, আৱিস্কাৰ, উদ্ঘাটন আৰু উত্পাদনত বিনিয়োগ কৰা মূলধনৰ বিপৰীতে ১৫% সুনিশ্চিত লাভ প্ৰদান কৰা হৈছিল। ঠিক সেইদৰে তেল পৰিশোধন কৰা কোম্পানী কেইটাক কোম্পানীৰ মুঠ মূল্যৰ ওপৰত ১২% সুনিশ্চিত লাভ প্ৰদান কৰাৰ চৰকাৰী ব্যৱস্থা কৰা হৈছিল। আনহাতে জাতীয় তেল উত্পাদনকাৰী কোম্পানী দুটাই জাতীয় তেল শোধনকাৰী কোম্পানী কেইটাক বিক্ৰী কৰা তেলৰ মূল্য চৰকাৰে নিৰূপন কৰিছিল। উদাহৰণ স্বৰূপে সেই সময়ত যেতিয়া আন্ত:ৰাষ্ট্ৰীয় বজাৰত খনিজ তেলৰ মূল্য প্ৰতি বেৰেলত ১৭-১৮ ডলাৰ আছিল, সেই সময়ত জাতীয় তেল উত্পাদনকাৰী কোম্পানী দুটাই জাতীয় তেল শোধনকাৰী কোম্পানী কেইটাক প্ৰতি বেৰেলত ৭-৮ ডলাৰ মূল্যত তেলৰ যোগান ধৰিছিল। ভাৰতীয় বজাৰত গ্ৰাহকে দিব লগীয়া খুচুৰা মূল্যও চৰকাৰী ভাৱে নিৰূপিত হৈছিল। আন্ত:ৰাষ্ট্ৰীয় বজাৰত খনিজ তেলৰ হ্ৰাস বৃদ্ধিৰ প্ৰভাৱ প্ৰশমিত কৰিবলৈ নিত্য ব্যৱহাৰ্য্য সামগ্ৰী যেনে কেৰাচিন, ডিজেল, ৰন্ধন গেছ আদিৰ ওপৰত চৰকাৰে ৰাজসাহাৰ্য্য প্ৰদান কৰিছিল। সেয়ে আন্ত:ৰাষ্ট্ৰীয় খনিজ তেল বজাৰৰ মূল্যৰ উঠা নমাই ভাৰতীয় বজাৰত বিশেষ প্ৰভাৱ পেলাব পৰা নাছিল।

এই খিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে ভাৰতত উত্পাদন হোৱা খনিজ তেলৰ পৰিমান দেশৰ চাহিদা অনুপাতে যথেষ্ট কম। আনহাতে দেশৰ অৰ্থনৈতিক প্ৰগতিৰ লগে লগে দেশখনত খাৰুৱা তেলৰ চাহিদা দ্ৰুত হাৰত বৃদ্ধি পাই আহিছে। সেয়ে চাহিদাৰ জোৰা মাৰিবলৈ চৰকাৰে বিদেশৰ পৰা যথেষ্ট পৰিমানে খনিজ তেল আমদানি কৰিবলগীয়া হয়। দেশৰ মুঠ চাহিদাৰ প্ৰ্ৰায় ৮০ শতাংশতকৈও বেছি খনিজ তেল বৰ্তমান আন্ত:ৰাষ্ট্ৰীয় মূল্যত আন দেশৰ পৰা ক্ৰয় কৰিব লগীয়া হয়। যোৱা দশকটোত খনিজ তেল আৰু প্ৰাকৃতিক গেছৰ ব্যাপক মূল্যবৃদ্ধি, ভাৰতীয় টকাৰ মূল্যৰ অৱনতি, চাহিদাৰ দ্ৰুত বৃদ্ধি, দেশত ৰপ্তানি ক্ষেত্ৰত স্থবিৰতা আদি কাৰকৰ প্ৰভাৱত প্ৰচুৰ পৰিমাণৰ খনিজ তেল আমদানিয়ে দেশৰ বাজেটত বিত্তীয় ঘাটিৰ সৃষ্টি কৰি আহিছে। সেই কাৰণে অকল ৰাজসাহাৰ্য্য প্ৰদানৰ জৰিয়তে আৰু চৰকাৰী মূল্য নিৰ্ধাৰন প্ৰক্ৰিয়াৰে পূৰ্বৰ দৰে বজাৰত পেট্ৰ’লিয়াম সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰিত কৰি ৰখাটো সম্ভৱপৰ হৈ নাথাকিল।

জাতীয় কোম্পানী সমুহৰ প্ৰচেষ্টাত পৰ্য্যাপ্ত খনিজ তেলৰ উত্পাদন নোহোৱা কাৰণে আৰু দেশৰ সকলোবোৰ সম্ভাৱিত অঞ্চলত অন্বেষণৰ কাম সমান্তৰাল ভাৱে আৰম্ভ নোহোৱা কাৰণে খনিজ তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰা লক্ষ্য আগত লৈ চৰকাৰে কুৰি শতিকাৰ শেষৰ পিনে এই খণ্ডত বিদেশী কোম্পানী সমূহৰ প্ৰত্যক্ষ বিনিয়োগৰ দুৱাৰ মুকলি কৰাৰ সিদ্ধান্ত লয়। কুৰি শতিকাৰ শেষলৈ জাতীয় কোম্পানী কেইটাৰ প্ৰচেষ্টাত দেশৰ সাম্ভাব্য তৈল ভাণ্ডাৰৰ মাত্ৰ ১১% খনিজ তেলহে উদ্ঘাটিত হৈছিল। তৈল অন্বেষণ প্ৰক্ৰিয়া অত্যন্ত ব্যয়বহুল হোৱাৰ লগতে শেহতীয়া প্ৰযুক্তিৰে সমৃদ্ধ হোৱাৰ কাৰণে এই খণ্ডত বিদেশী কোম্পানীৰ বিনিয়োগ আৰু প্ৰযুক্তিগত সহযোগ আৱশ্যকীয় হৈ পৰিছিল। দেশৰ ক্ৰমবৰ্ধমান চাহিদা পূৰন কৰিবলৈও দেশৰ মাটিত দ্ৰুত গতিত  খনিজ তেলৰ উত্পাদন বৃদ্ধি কৰাটো আৱশ্যকীয় হৈ পৰিল। সেয়ে বিদেশী কোম্পানী সমূহক বিনিয়োগৰ কাৰণে আকৰ্ষিত কৰিবলৈ চৰকাৰে ১৯৯৯ চনৰ পৰা নতুন অন্বেষণ অনুজ্ঞা নীতি (New Exploration License Policy) প্ৰৱৰ্তন কৰে। এই নীতিৰ অধীনত জাতীয় তৈল অন্বেষক কোম্পানী দুটাই তৈল অন্বেষণৰ অনুজ্ঞা পত্ৰৰ কাৰণে বিদেশী কোম্পানী বোৰৰ লগত সমপৰ্য্যায়ত প্ৰতিদ্বন্দ্বিতা কৰিব লগীয়া হ’ল। ইয়াৰ আগলৈ এনে অনুজ্ঞা পত্ৰ জাতীয় কোম্পানী দুটাই পোনপেটীয়াকৈ লাভ কৰিছিল। বহুজাতীয় কোম্পানী সমূহক আকৰ্ষণ কৰাৰ স্বাৰ্থতে চৰকাৰে জাতীয় কোম্পানী সমূহক সুনিৰ্দিষ্ট লাভ প্ৰদান কৰা পূৰ্বৰ সংৰক্ষিত পৰিৱেশৰ পৰা উলিয়াই আনিবলৈ বাধ্য হ’ল। যিহেতু জাতীয় কোম্পানীবোৰেও তৈল অন্বেষনৰ অনুজ্ঞা পত্ৰৰ কাৰণে বহুজাতিক কোম্পানীবোৰৰ লগত ফেৰ মাৰিব লগীয়া হ’ল, সেয়ে চৰকাৰে পেট্ৰ’লিয়াম সামগ্ৰীৰ মূল্যৰ ওপৰত থকা পূৰ্বৰ নিয়ন্ত্ৰন শিথিল কৰিব লগীয়া হ’ল। জাতীয় কোম্পানী সমূহকো উদ্ঘাটিত হোৱা তেলৰ বিনিময়ত বহুজাতিক কোম্পানীক দিয়াৰ দৰে আন্ত:ৰাষ্ট্ৰীয় মূল্য দিব লগীয়া হ’ল আৰু উত্পাদিত পেট্ৰ’লিয়াম সামগ্ৰীৰ মূল্যও নিয়ন্ত্ৰনৰ গণ্ডীৰ পৰা আঁতৰাব লগীয়া হ’ল।

২০০২ চনৰ পৰা পূৰ্বৰ চৰকাৰী মূল্য নিৰ্ধাৰন প্ৰক্ৰিয়াৰ (A P M) পৰ্য্যায় ক্ৰমে বিলোপ আৰম্ভ হ’ল। ইয়াৰ ফলতে পৰ্য্যায় ক্ৰমে পেট্ৰ’লিয়াম সামগ্ৰীৰ মূল্যৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণ হ্ৰাস পাবলৈ ধৰিলে। যিহেতু দেশৰ চাহিদা পুৰাবলৈ বিশাল পৰিমানৰ খাৰুৱা তেল আমদানি কৰিব লগীয়া হয়, সেয়ে দেশত পেট্ৰ’লজাত সামগ্ৰীৰ দামৰ ওপৰত আন্ত:ৰাষ্ট্ৰীয় বজাৰৰ তেলৰ মূল্যৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিলে। চৰকাৰী নিয়ন্ত্ৰণ শিথিলকৰণৰ প্ৰক্ৰিয়াটো পৰ্য্যায়ক্ৰমে কৰা হ’ল যাতে গ্ৰাহকৰ ওপৰত হঠাতে মাধমাৰ নপৰে। সেয়ে অত্যাৱশ্যকীয় সামগ্ৰী যেনে ৰন্ধন গেছ, কেৰাচিন, ডিজেল আদিৰ ওপৰত কিছু পৰিমানৰ ৰাজসাহাৰ্য্য এতিয়ালৈ বৰ্তি আছে। এই ৰাজসাহাৰ্য্যৰ এটা অংশ তৈল উত্পাদনকাৰী জাতীয় কোম্পানী কেইটায়ো বহন কৰি আহিছে। চৰকাৰে ক্ৰমাগত ভাৱে ৰাজ সাহাৰ্য্যৰ  কৰ্তন কৰি অহাৰ কাৰণে এই সামগ্ৰী সমূহৰ ক্ৰমান্বয়ে মূল্যবৃদ্ধি হৈছে। আনহাতে আন্ত:ৰাষ্ট্ৰীয় বজাৰত খনিজ তেলৰ ঘনাই সলনি হৈ থকা মূল্যৰ প্ৰভাৱ ঘৰুৱা বজাৰত প্ৰায় পোনপেটীয়াকৈ পৰিবলৈ লৈছে। অৱশ্যে এতিয়াও চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ মূল্য নিজৰ ইচ্ছা মতে স্থিৰ কৰিবলৈ ব্যৱসায়িক গোষ্ঠী সমুহক অনুমতি প্ৰদান কৰা নাই। এতিয়াও মূল্যৰ ওপৰত কিছু নিয়ন্ত্ৰণ চৰকাৰে বজাই ৰাখিছে।

খনিজ তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ প্ৰকৃতিয়ে মানৱ সভ্যতালৈ দিয়া অমূল্য দান। লাখ লাখ বছৰৰ জৈৱিক প্ৰক্ৰিয়াৰে বসুমতীৰ আখলত এই অমূল্য সম্পদ তৈয়াৰ হয়। এই ভাণ্ডাৰ চিৰস্থায়ী নহয় আৰু এই ভাণ্ডাৰৰ নবীকৰণো সম্ভৱ নহয়। দীৰ্ঘদিন ধৰি নিষ্কাষিত হৈ থকাৰ কাৰণে আৰু নিষ্কাষণৰ গতি বৃদ্ধি হোৱা কাৰণে এই সম্পদৰ পৰিমান দ্ৰুত হাৰত কমি আহিছে। মাটিত সহজতে পোৱা খনিজ তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰৰ উত্পাদন ক্ষমতা টুটি অহাৰ লগে লগে নতুন ভাণ্ডাৰৰ সন্ধান বৰ্তমান কৰা হৈছে গভীৰ সমুদ্ৰ গৰ্ভত। উপযুক্ত বিকল্প শক্তিৰ আৱিস্কাৰ নোহোৱালৈকে পেট্ৰ’লিয়াম সামগ্ৰী সমূহৰ গুৰুত্ব সদায়েই থাকিব। মানৱ সভ্যতাৰ বিকাশ আৰু অৰ্থনৈতিক প্ৰগতিৰ লগত পেট্ৰ’লিয়াম সামগ্ৰী সমূহৰ যিহতু ওত: প্ৰোত: সম্পৰ্ক আছে, সেয়ে এই নিশ্চয়কৈ ক’ব পৰা যায় যে এই সামগ্ৰী সমূহৰ চাহিদা বৃদ্ধি বাঢ়িয়েই থাকিব আৰু এক বিকল্প শক্তিৰ উত্স বা নতুন বিশাল ভাণ্ডাৰৰ আৱিস্কাৰ নহ’লে এই সামগ্ৰী সমূহৰ মূল্য ব্যাপক ভাৱে হ্ৰাস পাব বুলি আশা কৰিব নোৱাৰি।

                                                                                                 দিপাংকৰ বৰুৱা

English Summary: Why do the price of petrol and diesel keep changing
Published on: 28 June 2019, 05:55 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now