Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 10 October, 2022 3:41 PM IST
Vetiver Grass Technology for Flood

প্ৰতিবছৰে বাৰিষা কালত হোৱা বানপানী আৰু গৰাখহনীয়াৰ সমস্যাই অসমত বহু লোকৰ প্ৰাণহানিৰ লগতে সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হয়। সহস্ৰাধিক লোক গৃহহাৰা হোৱাৰ লগতে বহু হেক্টৰ খেতিমাটি বানে নষ্ট কৰি অসমৰ আৰ্থ সামাজিক অৱস্থাক কোঙা কৰি তোলে। এই সমস্যা স্থায়ীভাৱে সমাধানৰ বাবে অসম চৰকাৰে ব্ৰহ্মপুত্ৰকে ধৰি উপনদীসমূহ আৰু বৰাক নদীৰ খনন কাৰ্য আৰম্ভ কৰিছে। কেন্দ্ৰীয় চৰকাৰেও ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈ সমুহৰ অধ্যয়নৰ বাবে কোটি টকাৰ বাজেট ধাৰ্য কৰি আহিছে কিন্তু বান সমস্যা কমা নাই বৰঞ্চ এইবাৰ বৃদ্ধি পালে। অসমৰ এই বান সমস্যাটো কম দিনতে সৃষ্টি হোৱা নহয় আৰু দীৰ্ঘদিনে অসমৰ বান সমস্যাই অসমৰ জনসাধাৰণক জ্বলা-কলা খোৱাই আহিছে।

পৃথিবীৰ বহু উন্নতো দেশতো বানপানী খহনীয়া আছে। জিয়াংজিন, ইয়াংচি, নীল, আমাজান আদিতো খহনীয়াৰ উপস্থিতি বৰ্তমান‌। আমাৰ সৈতে এটাই মাথোন পার্থক্য যে সেইবোৰ খহনীয়া আক্রান্ত নৈপৰীয়া মানুহে উদ্বাস্তু জীৱনৰ দুৰ্বিষহ যাতনা ভোগ কৰিবলগীয়া নহয়। কানাডা, চীন, ফিজি, জাপান, আমেৰিকা যুক্তৰাষ্ট্ৰ আদিবোৰ দেশত খহনীয়া একেবাৰে প্রতিৰোধ নহ’লেও কিন্তু নিয়ন্ত্ৰণ কৰিব পাৰিছে‌। উল্লেখ্য যে কাৰ্টুম চহৰৰপৰা প্ৰায় ৫০ কিল’মিটাৰ দূৰত্বত থকা ইথিউপিয়াৰ সীমান্তত নীল নদীৰ খহনীয়াই সৃষ্টি কৰিছিল মহাপ্ৰলয়ৰ‌। চৰকাৰৰ পৃষ্ঠপোষকতাত সেই অংশত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গঢ়ি তুলিছিল‌। আৰু মাথোঁ তিনিটা বছৰতে সেই খহনীয়াৰ প্ৰাবল্য প্ৰতি বছৰত ১৩.৪ বৰ্গ কিল’মিটাৰৰপৰা ৯.৮ বৰ্গ কিল’মিটাৰলৈ কমাই আনিবলৈ সমৰ্থ হৈছিল‌। কিন্তু আমাৰ এই সমস্যা দুৰাৰোগ্য ৰোগৰ দৰে হৈ আহিছে।

লগতে পঢ়ক- ১,১০০ প্ৰকাৰৰ ধান সংৰক্ষণ কৰি থলুৱা বীজ বেংক সৃষ্টি সুদাম চাহুৰ

সুগন্ধি বিৰিণা (Vetiver Gras)

অসমৰ বানসমস্যা আৰু খহনীয়া সমস্যা ৰোধৰ ক্ষেত্ৰত ড০ ভূপেন গোস্বামীয়ে ‘খহনীয়া ৰোধৰ বাবে সূচনা হওক সুগন্ধি বিৰিণা ৰোপণৰ গণ অভিযান’ নামৰ ৰচনাখনত কেইটামান অতি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে- ইউনেস্ক’ৰ তত্ত্বাৱধানত প্রফেছৰ আব্দুছ আব্দুলাই পৰিচালনা কৰা প্রকল্পটোৰ সকলো দিশ চালি-জাৰি চাই দুটা গুৰুত্বপূর্ণ দিশ আঙুলিয়াই দিছিল—(১) তীৰৱৰ্তী অংশত হোৱা ব্যাপক বনাঞ্চল ধ্বংস আৰু (২) শিপা গভীৰলৈ যোৱা উদ্ভিদৰ অভাৱে খহনীয়াৰ মাত্রা ব্যাপক কৰি তুলিছিল। ফিজি দ্বীপত পানী সংৰক্ষণ আৰু খহনীয়া প্রতিৰোধৰ কামত অতীজৰেপৰা অতি ব্যৱহৃত হৈ আহিছে এবিধ ঘাঁহ—নাম ভেটিভেৰ গ্ৰাছ। ভেটিভেৰৰ ব্যৱহাৰ কেৱল ফিজিতে সীমাবদ্ধ নহয়‌। সম্প্ৰতি বিশ্বৰ প্ৰায় এশখনৰো অধিক দেশে নদী খহনীয়া, বান নিয়ন্ত্রণ, ভূমি সংৰক্ষণ আদিবোৰ কাৰ্যত ভেটিভেৰক পূর্ণ দক্ষতাৰে ব্যৱহাৰ কৰি আহিছে। ভেটিভেৰ সম্পর্কত কিছু কথা জনা নিতান্তই জৰুৰী অসমৰ প্রায় প্রতিৰোধহীন নদী খহনীয়াই চলাই অহা বিধ্বংসী ক্রিয়াকলাপৰ খাতিৰতে। ভেটিভেৰৰ অসমীয়া নাম সুগন্ধি বিৰিণা। আজিৰপৰা প্রায় এশ বছৰ পূর্বে ফিজিত এই সুগন্ধি বিৰিণাক ব্যৱহাৰ কৰিছিল মাটি আৰু পানী সংৰক্ষণৰ বাবে। এক ক্রিয়াত্মক আৰু ফলপ্রসূ ব্যৱস্থা হিচাপে বিশ্ব বেংকেও পানী সংৰক্ষণ আৰু খহনীয়া ৰোধৰ বাবে ভেটিভেৰ অৰ্থাৎ সুগন্ধি বিৰিণা ৰোপণৰ পৰামৰ্শ আগ বঢ়াইছিল‌। কুইনছলেণ্ডত এইবিধ ঘাঁহে এক ফলপ্রসূ কৃষি ব্যৱস্থা গঢ়ি তুলিছে‌।

Vetiver Grass Technology for Flood

এই সন্দৰ্ভত ড০ ভূপেন গোস্বামীয়ে চীনৰ এজন গৱেষকৰ উদ্ধৃতি লিখিছে এনেদৰে- ১৯৯৯ চনত চীনৰ নামচাঙত জৈৱ-প্ৰযুক্তিবিদ পল ট্ৰুৱঙৰ গৱেষণাপত্ৰ Vetiver Grass Technology for Flood and Stream Bank Erosion Controlএ ভূয়সী প্ৰশংসা লাভ কৰিছিল। এই ভেটিভেৰ বা সুগন্ধি বিৰিণা হ’ল গভীৰ শিপাযুক্ত ঘন আৰু প্ৰতিৰোধী সবল কাণ্ডযুক্ত ক্রান্তীয় আৰু উপক্রান্তীয় জলবায়ুত বর্তি থকা এবিধ ঘাঁহ৷ কঠিন আৰু পোন কাণ্ডবোৰ পানীৰ তলতো কেইবাদিনলৈও সজীৱ হৈ থাকিবলৈ সমর্থ‌। ঘনকৈ ৰোপণ কৰা এই বিৰিণাই নদীৰ সোঁতৰ গতিবেগ কমাব পাৰে, সোঁতৰ দিশ সলনি কৰিব পাৰে আৰু নৈয়ে কঢ়িয়াই অনা গেদবোৰো ধৰি ৰাখিব পাৰে। নৈৰ গেদ বা পলসে ইয়াক পুতি পেলালেও ই পুনৰ বহু গভীৰৰপৰা গজি উঠিবলৈ সমর্থ। অর্থাৎ এইবিধ সুগন্ধি বিৰিণা -১৪ ছেণ্টিগ্রেডৰপৰা ৫৫ ছেণ্টিগ্ৰেডলৈ যিকোনো উত্তাপৰ পৰিৱেশতো মসৃণভাৱে গজিব পাৰে। দীর্ঘকাল পানীত ডুব গৈ থাকিলেও ই বিনষ্ট নহয়, আনকি একেবাৰে অনুৰ্বৰ মাটি আৰু ভীষণ প্ৰদূষিত অৱস্থাতো ইয়াৰ বৰ্তি থকাৰ সামর্থ আছে।  উল্লেখ্য যে চীনৰ নদী উপত্যকাৰ উচ্চ ঢালতো এইবিধ বিৰিণাই গেদ নিয়ন্ত্ৰণৰ লগতে উপত্যকাৰ তালকো স্থিৰ অৱস্থাত ৰাখিব পাৰিছে দীর্ঘকালৰ বাবে। মালয়েছিয়া, ফিলিপাইনছ, অষ্ট্ৰেলিয়া আদি দেশৰ খহনীয়া নিয়ন্ত্ৰণত এই সুগন্ধি বিৰিণাৰে এক ফলপ্ৰসূ ব্যৱস্থা গঢ়ি তুলিছে‌। এই বিৰিণাৰ শিপা কঠিন আৰু ই মাটিৰপৰা প্রায় ১৪-১৫ ফুট গভীৰলৈকে সোমাই যায়। ৰোপণৰ মাত্র এটা বছৰতে ইয়াৰ শিপা ৮ ফুট গভীৰতালৈ ব্যাপ্ত হৈ পৰে। নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে নিৰ্মিত শৈলস্পাৰ, ৰড-চিমেন্টেৰে নিৰ্মিত বান্ধবোৰ অকামিলা আৰু বিধ্বস্ত হৈ যোৱাত তাৰ বিকল্প হিচাপে সুগন্ধি বিৰিণাৰ ৰোপণ আছিল সাংঘাতিকধৰণে কাৰ্যকৰী। সুগন্ধি বিৰিণাৰ ৰোপণে খহনীয়া প্রতিৰোধৰ লগতে নদী ঢালৰ সমতা আৰু স্থিৰতাও নিশ্চিত কৰে বুলি ৰচনাখনত উল্লেখ কৰিছে ড০ গোস্বামীয়ে।

লগতে পঢ়ক- 

অসমত ধেমচি খেতিৰ সম্ভাৱনাৰ

English Summary: Vetiver Grass Technology for Flood
Published on: 10 October 2022, 03:26 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now