Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 17 April, 2023 10:51 AM IST
উৰুলি : এথেনিক হাবৰ স্বত্বাধিকাৰী কল্পনা বৰুৱা

২০২১ চনত কালিঘাটতত স্থাপন কৰা 'উৰুলি' দ্য এথেনিক হাবৰ স্বত্বাধিকাৰী কল্পনা বৰুৱা দৰ্শন বিভাগৰ স্নাতকোত্তৰ। উচ্চ শিক্ষিতা কল্পনাই চাকৰিৰ সন্ধান কৰিও পোৱা নাছিল। তেনেসময়তে নবোদয় বিদ্যালয়ত (কাৰ্বি আংলং) কর্মৰত মানসজ্যোতি কলিতাৰ লগত বিবাহপাশত আবদ্ধ হয় কল্পনা। বিয়াৰ পাছত অৰ্থাত ২০১৭ চনত মাত্ৰ ৫০০০ টকাৰে ওচৰৰে শিপিনীৰ পৰা কাপোৰ সংগ্ৰহ কৰিলে কাপোৰ। তাৰ পাছতে সামাজিক মাধ্যমত গ্ৰাহকৰ সন্ধানত কাপোৰসমূহৰ ফটো দিলে কল্পনাই সেয়াই আৰম্ভণি। পৰৱৰ্তী সময়ত আৰু পিছলৈ ঘূৰি চোৱা নাই কল্পনাই। ঘৰৰ পৰা ব্যৱসায় আৰম্ভ কৰা কল্পনাই ২০২১ চনত পাঠশালাৰ ভূটান আৰু মুগুৰিয়াৰ কালিঘাটত স্থাপন কৰিলে 'উৰুলি' দ্য এথেনিক হাব নামৰ মেখেলা- চাদৰৰ প্রতিষ্ঠানখন। তাঁতশালত হাতে বোৱা কাপোৰৰ এই প্রতিষ্ঠান সমগ্ৰ অঞ্চলটোত জনপ্ৰিয় হৈছে।

কাপোৰৰ ব্যৱসায় চম্ভালাৰ সমান্তৰালভাৱে কল্পনাই গ্ৰাম্য শিপিনীসকলক মেখেলা-চাদৰৰ বিভিন্ন আৰ্হিও দিয়ে। নিজেই ডিজাইন কৰা কাপোৰসমূহেও ইতিমধ্যে গ্ৰাহকৰ মাজত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছে। শিপিনিক বুজাই মেখেলা চাদৰৰ আৰ্হি দি তৈয়াৰ কৰা কাপোৰে দেশ-বিদেশতো বিক্ৰী হ'বলৈ ধৰিলে। পাট-মুগা, তছব, এৰী, কেঁচাপাট, নুনী কটনৰ তেওঁ দিয়া ডিজাইনৰ মেখেলা-চাদৰে গ্ৰাহকক আকৰ্ষণ কৰাত কল্পনাও জনপ্রিয় হৈ পৰিছে।

লগতে পঢ়ক- 

বিদ্যালয়-মহাবিদ্যালয়ত কৃষি শিক্ষাৰ গুৰুত্ব আৰু প্ৰাসংগিকতা

জানিব পৰা মতে, ৰাজ্যৰ বিভিন্ন প্ৰান্তপ ২০০ গৰাকী শিপিনীৰ পৰা কাপোৰ কিনে কল্পনাই। এই ২০০ গৰাকী মহিলাক আৰ্থিকভাৱে সৱল হ’বলৈ সহায় কৰাৰ লগতে কল্পনাই সম্প্ৰতি ১৪ জন নিবনুৱাকো সংস্থাপন দিছে। বৰ্তমান তেওঁ কাপোৰৰ ব্যৱসায়ত অসমীয়া গহনাৰো বিক্ৰী কৰে। দুটি সন্তান চম্ভালি ব্যৱসায় কৰি থকা কল্পনাই দৈনিক এটা মোটা অংকৰ ধন উপাৰ্জন কৰে। উত্সৱৰ সময়ত মাহে ৩০-৪৫ লাখ টকাৰ মেখেলা চাদৰ শিপিনীসকলৰ পৰা সংগ্ৰহ কৰে।

কল্পনা বৰুৱাই কয়- 'জীবন যুদ্ধত বহু কষ্ট হ'ব। কষ্ট হলেও হতাশ হ'ব নালাগে। আৰু মই স্নাতকোত্তৰ ডিগ্ৰীধাৰী বুলি এনে কাম নকৰোঁ, তেনে কাম নকৰোঁ বুলি ভাবিব নালাগে। সাহস কৰি ঠিক কৰিলে যিকোনো কামতেই সফল হ'ব পৰা যায়। আমি যদি পৰম্পৰাগত কাপোৰৰ ব্যৱসায় সকলোৱে কৰোঁ বাহিবৰ প্রতিষ্ঠান নিজে নিজেই অসমৰ পৰা আঁতৰিব। আত্মনির্ভৰশীল হ'ব লাগিলে বাহিৰৰ প্ৰতিষ্ঠানক প্রত্যাহ্বান জনাই লাগিব।

বি:দ্ৰ : লেখাটো প্ৰস্তুত জীতেন্দ্ৰ কুমাৰ চৌধুৰীৰ দৈনিক অসমত প্ৰকাশিত লেখা এটাৰ সহায় লোৱা হৈছে।

লগতে পঢ়ক- 

'কৰ্মৰে জাতীয়তাবাদ কৰিলেহে অসম আত্মনিৰ্ভৰশীল হ’ব'- ৰাতুল বৰুৱা

English Summary: Uruli : The Inspiration story of Kalpana Boruah
Published on: 20 February 2023, 03:11 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now