1. News

'কৰ্মৰে জাতীয়তাবাদ কৰিলেহে অসম আত্মনিৰ্ভৰশীল হ’ব'- ৰাতুল বৰুৱা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
গো-পালক ৰাতুল বৰুৱা
গো-পালক ৰাতুল বৰুৱা

খানাপাৰাত আয়োজিত পশুধন আৰু হাঁহ-কুকুৰা মেলা-২০২৩ত ৰাজ্যৰ শ্ৰেষ্ঠ পশুপালকৰ সন্মান লাভ কৰিলে যোৰহাটৰ পকামূৰাৰ ৰাতুল চন্দ্ৰ বৰুৱাই। কৃষিমন্ত্ৰী অতুল বৰাৰ হাতৰ পৰা শুকুৰবাৰে এই বঁটা গ্ৰহণ কৰে  বৰুৱাই। ২০১৪ চনৰ পৰা গো-পালনেৰে জড়িত বৰুৱাই সম্প্ৰতি মাহে ২০ লাখ টকাৰ গাখীৰ বিক্ৰী কৰে৷

২০১৪ চনত মাত্ৰ তিনিজনী খীৰঁতী গাইৰে গো- পালনৰ ব্যৱসায় আৰম্ভ কৰা বহিঃৰাজ্যত গাখীৰৰ উৎপাদন দেখি তেওঁ এই ব্যৱসায়ত মনোনিবেশ কৰিছিল৷ ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে তেওঁ হাৰিয়ানালৈ প্ৰশিক্ষণ ল’বলৈও গৈছিল৷ বৰুৱাৰ ফাৰ্মত বৰ্তমান ৭২ জনী উন্নত প্ৰজাতিৰ গাই আছে ৷ নিজৰ ফাৰ্মৰ লগতে পকামূৰাৰৰ আন গো- পালকৰ পৰাও দৈনিক প্ৰায় ৬০০ লিটাৰ গাখীৰ কিনি পেকেজিং কৰি বিক্ৰী কৰে৷

লগতে পঢ়ক- 

TOP AGRI BUSINESS IDEAS : সৰু আৰম্ভণিৰ সৈতে শীৰ্ষ কৃষি ব্যৱসায়ৰ ধাৰণা

গো-পালনৰ এনে সফলতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰাতুল চন্দ্ৰ বৰুৱাক অসম চৰকাৰৰ কৃষি বিভাগে পশুধন আৰু হাঁহ-কুকুৰা মেলাৰ সামৰণি অনুষ্ঠানৰ ১৭ ফেব্ৰুৱাৰীৰ বিশেষ অনুষ্ঠানত এইবছৰৰ অসমৰ সৰ্বশ্ৰেষ্ঠ পশুপালক বঁটা প্ৰদান কৰে ৷ অসমৰ সৰ্বশ্ৰেষ্ঠ পশুপালক হিচাপে তেওঁক চৰকাৰে এক লাখ টকাৰে পুৰস্কৃত কৰে৷

এই সন্দৰ্ভত সামাজিক মাধ্যমত জীতেন চৌধুৰীয়ে লিখিছে- গুৱাহাটীৰ খানাপাৰাৰ পশুচিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ অনুষ্ঠানত বঁটা গ্ৰহণ কৰি ৰাতুল চন্দ্ৰ বৰুৱাই সন্ধিয়া চানমাৰিৰ ট্ৰিবিউন বিল্ডিঙলৈ আহিছিল৷ ৰাজ্যৰ শ্ৰেষ্ঠ পশুপালকৰ বঁটা লাভ কৰা বৰুৱাই আমাৰ লগত কথা পাতি কলে ’কৰ্মৰে জাতীয়তাবাদ কৰিলেহে অসম আত্মনিৰ্ভৰশীল হ’ব৷ আমি সকলোৱে কৰ্ম কৰিলেহে অসমৰ উন্নয়ন বিচৰা ধৰণে হ’ব ’৷ ৰাতুল বৰুৱাৰ এনে মানসিকতা অসমৰ আন দহজনে গ্ৰহণ কৰিব বুলি আশা কৰিলোঁ৷’

লগতে পঢ়ক- 

আমেৰিকা, ভিয়েটনামলৈ বছৰি ৮ লাখ টকাৰ চাউল ৰপ্তানি বিশ্বজিৎ বৰাৰ

English Summary: The best cattle breeder to Ratul Boruah

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.