Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 4 April, 2021 10:29 AM IST
ULFA released the officer Pranab Gogoi on Saturday

  এটা ভাল খবৰ। ৰাজ্য কঁপাই যোৱা অপহৰণ কাণ্ড কুইপ’ৰ এজন বিষয়াক মুকলি কৰি দিলে ৰাজ্যৰ অন্যতম সন্ত্রাসবাদী সংগঠন আলফা স্বাধীনে। উল্লেখযোগ্য যোৱা ২১ ডিচেম্বৰত কুইপৰ দুই বিষয়াক কার্য্যস্থলীৰ পৰা অপহৰণ কৰি নিছিল সংগঠনটোই৷ কুইপ’ অইল এণ্ড গেছ ইনফ্রাস্ট্রাকচাৰ লিমিটেডৰ বিষয়াদ্বয় ক্রমে শিৱসাগৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰৰ মুকলি সন্দৰ্ভত কুইপ’ প্রতিষ্ঠানটোৱে চৰম হেমাহি কৰাত পৰিয়ালবর্গই যথেষ্ট অস্বস্তিত দিন কটাবলগীয়া হৈছিল। প্রায় ৩মাহ ১৪দিনৰ মূৰত মুকলি কৰি দিয়া হৈছে বিষয়া গৰাকীক। যোৱা কালি সংগঠনটোই অৰুণাচল- ম্যানমাৰ সীমান্তত মুকলি কৰি দিছে বিষয়া গৰাকীক ৷ ইপিনে অতিশীঘ্রে আনজন বিষয়া ৰাম কুমাৰকো মুকলি কৰি দিব বুলি আশা কৰা হৈছে।

   আলফা স্বাধীনে মুকলি কৰি দিয়া প্ৰণৱ কুমাৰ গগৈয়ে জানিবলৈ দিয়া অনুযায়ী, চাৰি মাৰ্চৰ পূর্বলৈকে তেওঁৰ সৈতে অপহৰণ কৰা ৰাম কুমাৰকো তেওঁৰ সৈতে একেলগেই ৰাখিছিল আলফা স্বাধীনৰ দলে। কিন্তু তেওঁলােক দুয়ােকে বেলেগ বেলেগ দিশেৰে মুকলি কৰি দিয়াৰ স্বাৰ্থত ৪ মার্চত পৃথক কৰিছিল। তেতিয়াৰ পৰাই ৰাম কুমাৰৰ সৈতে সংযােগ বিচ্ছিন্ন হৈ থকা বুলিও ব্যক্ত কৰে প্ৰণৱ কুমাৰ গগৈয়ে।

আৰু পঢ়ক- অধিক উৎপাদনত কৃত্ৰিম গো-প্ৰজনন পদ্ধতি

   আলফা স্বাধীনৰ কবলত থকা সময়ছােৱাত তেওঁলােকক কোনাে দুর্ব্যৱহাৰ কৰা নাছিল বুলি উল্লেখ কৰে। আনকি আলফা স্বাধীনে তেওঁলােকক নতুন সাজ-পােছাক যােগান ধৰাৰ লগতে খােৱা-বােৱাৰ ক্ষেত্ৰত কোনাে অসুবিধা দিয়া নাছিল বুলিও জানিবলৈ দিয়ে।

   নিৰাপত্তাৰ দোহাই দি আলফা স্বাধীনৰ দলে তেওঁলােকক সঘনাই স্থান সলনি কৰি থকাত পাহাৰীয়া অঞ্চলত খােজ কঢ়াৰ অভ্যাস নথকাত কিছু কষ্ট পােৱা বুলি প্ৰণৱ কুমাৰ গগৈয়ে উল্লেখ কৰে। তদুপৰি মুকলি হৈ অহাৰ পাছতহে প্ৰণৱ কুমাৰ গগৈয়ে ৰাম কুমাৰ যে এতিয়াও মুকলি হৈ অহা নাই, সেই কথা জানিব পৰা বুলি ব্যক্ত কৰে। আলফা স্বাধীনৰ দলে প্রণৱ কুমাৰ গগৈক যোৱাকালি দিনৰ প্রায় এক বজাত চাংলাং জিলাৰ নামপুং থানাৰ অন্তৰ্গত লংভি বস্তিত মুকলি কৰি থৈ যায় যদিও একেদিনাই অপহৰণ কৰা সংস্থাটোৰ অন্যজন কর্মচাৰী বিহাৰৰ ৰাম কুমাৰৰ কোনো শুংসূত্র এই মুহূৰ্তলৈকে অহা নাই।

  আনপিনে স্বামীক মুকলি কৰি দিয়াৰ বাবে প্ৰণৱ কুমাৰ গগৈৰ পত্নী নমিতা গগৈয়ে পৰেশ বৰুৱা, মুকলি কৰি দিবৰ বাবে আহ্বান জনােৱা সকলাে পক্ষৰ লগতে সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰে। আনহাতে, স্বামীৰ দৰেই ৰাম কুমাৰকো মুকলি কৰি দিবলৈ আলফা স্বাধীনৰ প্রতি আজি পুনৰ আহ্বান জনায় প্রণৱ কুমাৰ গগৈৰ পত্নীয়ে। ইফালে মুকলি কৰি দিয়াৰ পাছত প্ৰণৱ কুমাৰ গগৈক অৰুণাচল প্রদেশৰ চাংলাং জিলাৰ জয়ৰামপুৰ থানালৈ লৈ অহা হয় আৰু আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰােৱায়

  ইয়াৰ পাছতেই প্ৰণৱ কুমাৰ গগৈক সেনাৰ ৰাজপুত ৰেজিমেন্টে নিজৰ জিম্মালৈ নিয়ে। কিছু সাধা-পােছাৰ অন্তত তেওঁক সেনাই শিৱসাগৰৰ গৃহত থৈ আহে।  

আৰু পঢ়ক- সু:খবৰ !!! এতিয়াৰ পৰা এটিএম কার্ড লগত নাথাকিলেও উলিয়াব পাৰিব নগদ ধন; জানক কেনেকৈ -

English Summary: ULFA released the officer Pranab Gogoi on Saturday
Published on: 04 April 2021, 10:23 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now