অসমীয়া সমাজত এষাৰ কথা আছে- ‘যাৰ নাই গৰু সি সবাটোকৈ সৰু’৷ আপ্তবাক্যশাৰী সত্যসত্যতা প্ৰতিজন অসমীয়া মানুহেই এসময়ত উপলব্ধি কৰিছিল। আৰু গৰুৰ প্ৰতি সন্মান জনায়েই আমাৰ আগৰ প্ৰজন্মই বহাগ বিহুৰ প্ৰথম দিনটোতেই মাহ-হালধিৰে নোৱায়-ধোৱায় আৰু সুস্থ নিৰোগী হৈ থকাৰ কামনা কৰিছিল আৰু বৰ্তমানেও গৰুৰ প্ৰতি সেই শ্ৰদ্ধা আমাৰ মাজত জীয়াই আছে। বৰ্তমান খেতিৰ বাবে টেক্টৰ, পাৱাৰটিলা ব্যৱহাৰ কৰে যদিও অসমৰ অধিকাংশ খেতিয়কে নিৰ্ভৰ কৰে গৰুহালৰ ওপৰত৷ সাৰ বুলিলে গৰু গোৱৰৰ বাহিৰে অসমীয়া অধিকাংশ কৃষকে অন্য ৰাসায়নিক কথা নাজানে৷
বিপদে-আপদে গৰুকেইটা বিক্ৰি কৰিয়েই সমস্যা সমাধানৰ চেষ্টা কৰে অসমীয়া মানুহে৷ ল’ৰাটোক, ছোৱালীজনীক কলেজত নামভৰ্তি কৰিবলৈ বা ল’ৰাটোক কলেজলৈ যাবলৈ চাইকেল এখন কিনি দিবলৈ ঘৰৰ গৰু এটাই এসময়ত বিক্ৰি কৰিছিল৷ এক কথাত গৰু অসমীয়া জনজীৱনৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত ওতঃপোতভাৱে জড়িত হৈ আছিল৷ গৰু ইমানখিনি গুণ থকাৰ মাজতো গৰু কিদেৰ অসমত কৃষিৰ উন্নয়নত প্ৰাচীৰ হৈ থিয় দিছে ; ই এটা বিচাৰ্যৰ বিষয় ৷
লগতে পঢ়ক-
ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই
অসমত জেঠৰ পৰা আঘোণ মাহৰ শেষলৈ গৰুবোৰ বন্ধাৰ বাহিৰে বাকী সময়খিনি উদঙত থাকে৷ ঠাইবিশেষে উদঙত থকা এই গৰুসমূহক উদঙীয়া, ভদঙীয়া গৰু বুলি কয়৷ এই উদঙীয়া বা ভদঙীয়া গৰুসমূহৰ বাবে কৃষকসকলে ৰৱিশস্য খেতিৰ নাম ল’বলৈ ভয় কৰে৷ এই উদঙীয়া গৰুবোৰ সন্ত্ৰাস হৈ থিয় দিয়ে৷ কাৰণ খেতি কৰিলে কি হ’ব-উদঙীয়া গৰুৱে চব চাফা কৰিব৷ বহুলোকে এই ভয় লৈয়ো এই সময়ছোৱাত জেওৰা মাৰি ৰবিশস্যৰ খেতি কৰাৰ দুঃসাহ কৰে৷ আৰু বহু কৃষকে এই সন্ত্ৰাসৰ লগত মোকাবিলা কৰি খেতি কৰি আছে৷ বহুসময়ত কৃষকসকলে জেওৰা দি খেতি কৰিবলৈ গৈ কেৰেলাতকৈ গুটি দীঘল হোৱাৰ দৰেও হয়৷ তদুপৰি কোনো কৃষকে গৰু ৰখিও খেতি কৰে৷ কিন্তু দহ দিন গৰুক পহৰা দি এদিন কৃষকজনৰ সামান্য ভুলৰ বাবেই গৰুৱে গোটেই শ্ৰম পণ্ড কৰে৷ গতিকে আঘোণ মাহৰ পৰা জেঠমাহলৈ অসমৰ শ শ হাজাৰ হাজাৰ বিঘা কৃষিভূমি ছন পৰি থাকে৷ অৱশ্যে গৰু ভয়ৰ বাবে এই সময়ছোৱাত পথাৰবোৰ পেলাই খেতি নকৰে বুলি ক’লে কিমান যুক্তিসংগত হ’ব মই নাজানো! অন্য কাৰণো আছে৷
কিন্তু এই সময়ছোৱাত খেতি নকৰাটো উদঙীয়া গৰু সমস্যাটো প্ৰাথমিক৷ যাৰবাবে এই সময়ছোৱাত নিজৰ ঘৰতে জেওৰা নিদিয়াকৈ জলকীয়া পুলি এটা ৰুবলৈ সাহস নকৰে অসমীয়া মানুহে৷ ফলত অসমীয়া মানুহে ধানখেতিকে শুকুটাকে মোকোটা কৰি কৰি আছে৷ অথচ কিন্তু এই বিষয়টোক অসমৰ খেতিয়কসকলে, অসম চৰকাৰৰ কৃষিবিভাগে, কৃষক সংগঠনে এবাৰলৈ ভাৱি চোৱা নাই।
ইফালে, পৰম্পৰাগত গো-পালনৰ পৰাও আজিকালি অসমৰ কৃষক ৰাইজৰ বৰ বিশেষ লাভালাভ নহয়৷ আগতে গৰু বিক্ৰি কৰিব পাৰিছিল, গৰুৰ দাম পাইছিল যদিও গো-সুৰক্ষা আইন অহাৰ পাছৰে পৰা সেয়াও নোপোৱা হ’ল৷ তদুপৰি বৰ্তমান আকৌ কৃষকৰ ওপৰত বান্দৰৰ চকু পৰিছে৷ বান্দৰ থকা অঞ্চলসমূহত কৃষকে ব্যৱসায়িকভাৱে খেতি কৰাতো বাদেই গৃহস্থই ঘৰতে ডাংবডি এজোপা ৰুবলৈ সাতবাৰ ভাবিব লাগে ৷ কিন্তু এই দুয়োটা সমস্যাৰ ওপৰত অসমৰ খেতিয়কসকল, অসম চৰকাৰৰ কৃষিবিভাগ, কৃষক সংগঠনে নিমাত।
লগতে পঢ়ক-