1. News

উদঙীয়া গৰুৰ যমকাল Bio Liquid Spray Herboliv+

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Repellant bio-spray helps keep stray cattle away from damaging crops
Repellant bio-spray helps keep stray cattle away from damaging crops

আমি বিগত কিছুদিন ধৰি কৃষি জাগৰণ অসম পৰ্টেলত অসমৰ উদঙীয়া গৰু সমস্যা সন্দৰ্ভত বাতৰি পৰিৱেশন কৰি আহিছো। আৰু দুই এজন ব্যক্তিৰ লগত এই সন্দৰ্ভত কথা-বতৰাও পাতিছো। আৰু পাৰ্যমানে অসমৰ উদঙীয়া গৰু সমস্যাটো চৰকাৰৰ দৃষ্টিগোচৰ কৰাবৰ বাবে চেষ্টা চলাই আহিছো। কিন্তু আমি সফল হ'ব পাৰিছো বুলি ক'ব পৰা নাই কিন্তু এখিনি মানুহ যে এইক্ষেত্ৰত সজাগ হৈছে তাক স্বীকাৰ কৰিব লাগিব। ইফালে বিগত দিনবোৰত অসমৰ কৃষিখণ্ডত প্ৰভাৱ পেলাই অহা বান্দৰ আৰু বনৰীয়া হাতীৰ আতংকৰ কথাও সবিস্তাৰে লিখিছো।

কিন্তু এই সমস্যাবিলাক খুব কম দিনতে সমাধান হৈ নুঠে। অসমৰ উদঙীয়া গৰুৰ সমস্যাটো কেৱল আমাৰ অসমৰ খেতিয়কৰে সমস্যা নহয়। কৰ্ণাটক, হাৰিয়ানা, মধ্যপ্ৰদেশৰ দৰে কৃষিপ্ৰধান ৰাজ্যসমূহতো উদঙীয়া গৰুৱে আতংক সৃষ্টি কৰি আহিছে। ইয়াৰ সমিধান স্বৰূপে এই ৰাজ্যসমূহৰ খেতিয়কসকলেও আমাৰ অসমৰ খেতিয়কসকলৰ দৰেই জেওৰা, ফেন্সিং আদি দিয়ে। লগতে গৰুৱে ভয় খাবৰ বাবে মানুহৰ মূৰ্তি বনাই পথাৰত থৈ দিয়ে।

লগতে পঢ়ক- 

কৃষকসকে কিষাণ কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিলেই লাভ কৰিব ডেৰ লাখ টকাৰ লোণ

শেহতীয়াকৈ কৃষকসকলৰ এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাথি তামিলনাডুৰ এটা MIVIPRO ষ্টাৰ্টআপ কোম্পানীয়ে প্ৰস্তুত কৰিছে বায়’-লিকুইড স্প্ৰে’ Herboliv+ নামৰ এবিধ বিশেষ দ্ৰব্য। এই ওষধবিধৰ গোন্ধ গৰুৱে শস্য কৰিব নোৱাৰে আৰু দূৰতে বিদূৰ হয়। যিজোপা শস্যত (Bio Liquid Spray) অৰ্থাত বায়’-লিকুইড স্প্ৰে’ Herboliv+ প্ৰয়োগ কৰা হয় সেই গছজোপা গৰুৱে মুখত নিদিয়ে।

উল্লেখ্য যে তামিলনাডু কৃষি বিশ্ববিদ্যালয়, কইম্বাটুৰ (TNAU) এ বায়’-লিকুইড স্প্ৰে (Bio Liquid Spray) ক স্বীকৃতি প্ৰদান কৰিছে। ই সম্পূৰ্ণৰূপে জৈৱিক আৰু প্ৰাকৃতিক উপাদানেৰে প্ৰস্তুত কৰা হৈছে। আৰু শস্যত কোনো প্ৰভাৱ নেপেলায় বৰঞ্চ ইয়াক ব্যৱহাৰ কৰিলে শস্য পোক-পৰুৱা কীট-পতংগই অপকাৰ নকৰে বুলি জানিবলৈ বায়’-লিকুইড স্প্ৰে’ (Bio Liquid Spray) নিৰ্মাণৰ লগত জড়িত ব্যক্তিসকলে। লগতে আপোনালোকক জনাও যে এই মেডিচিনটো অসমত পোৱা নাযায়। ইয়াক পাবলৈ হ'লে অনলাইনযোগে অৰ্ডাৰ কৰিব লাগিব। দাম ৩৪০ টকা।

লগতে পঢ়ক- 

নেমু গছৰ ডাল ধৰা পদ্ধতিৰে উৎপাদন কৰা পুলিত এবছৰতে লাগে ফল

English Summary: Repellant bio-spray helps keep stray cattle away from damaging crops

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.