সম্প্ৰতি ধান খেতি কৰোঁতে খৰচ যিমান হয় তাতকৈ চাউল কিনি খোৱাই ভাল বুলি একাংশ কৃষকে পথাৰৰ পৰা আঁতৰি আহিছে। কাৰণ কাৰণ হালবোৱাৰ পৰা আৰম্ভ কৰি কঠিয়া সিঁচা, মাটি ৰোৱা, গৰু-ছাগলীক পহৰা দিয়া, বানে মাৰিলে একেখিনিকে দুবাৰ তিনিবাৰ ৰুৱ লগা হোৱা, ধান ডোৱা, ধান মৰা, পথাৰৰ পৰা ধান অনা, ধান মেছিনলৈ নি চাউল উলিওৱাকে লৈকে A to Z হিচাপে কৰিলে চাউল কিনি খোৱাটোৱেই বুদ্ধিমানৰ কাম হিচাপে বিবেচিত হ’ব। আৰু বহু কৃষকে ঘৰৰ মাটি পেলাই অন্য কাম কৰি চাউল কিনি খোৱাটোকে কৰিছে। আৰু এই কাৰবাৰ বহুতে বহুতে বহুধৰণে লক্ষ্য কৰিছে। কোনোৱে কৈছে চৰকাৰী চাউল পাই, চৰকাৰৰ জনমোহিনী আঁচনিসমূহৰ সুবিধা লাভ কৰি খেতি কৰিবলৈ পাহৰিছে অসমীয়া মানুহে। কিন্তু এইটো কিমান গ্ৰহণযোগ্য! এমাহত এহাজাৰ টকা আৰু কেইকেজিমান চাউলে ঘৰখন নচলে! আছলতে ধান খেতিত লাভ নোহোৱা কাৰণেহে খেতিয়কে ধান খেতি কৰিবলৈ এৰিছে। কাৰণ ইমান খৰচ কৰাৰ অন্তত যেতিয়া কৃষকে ৯০০ ৰ পৰা ১৩০০ টকা কুইন্টলত ধান বিক্ৰি কৰিবলগীয়া হয়! সেইসময়ত কেনেকুৱা লাগে সেয়া এজন কৃষকেহে অনুভৱ কৰে।
কিন্তু আজি মই আলোচনাত কম কৃষকসকলে লোকচান নোহোৱাকৈ লাভজনকভাৱে ধান খেতি কৰা এটা পদ্ধতি বিষয়ে। এই পদ্ধতিত আপুনি বজাৰত চাহিদা থকা চাউলৰ ধানৰ খেতি কৰিব লাগিব। বৰ্তমান অসমৰ জৈৱিকভাৱে উতপাদিত চাউলে বিদেশৰ লগতে বহিঃৰাজ্যতো চাহিদা লাভ কৰিছে। এইবোৰৰ দাম বহুত। বিশেষকৈ জহা চাউল, বৰা চাউল, কণি চাউল, কলা চাউল, বাওচাউল আদি। গতিকে, কৃষকজনে বজাৰত চাহিদা থকা চাউলৰ ধানসমূহ চিনাক্ত কৰি এইবোৰৰ খেতি কৰিব পৰিকল্পনাৰ মাজেৰে। বজাৰত চাহিদা থকা ধানসমূহৰ চপোৱাৰ পাছত আপুনি কেতিয়াও বেপাৰীক ধান বিক্ৰি নকৰিব। এইবোৰ আপুনি মিলট কুটাই চাউল কৰি পাঁচকেজিয়া বেগত পেকিং কৰি ওচৰ-পাজৰ ধনী লোকসকলৰ মাজত বিক্ৰি কৰক। সুধিব চাউল লাগিব নেকি! লাজ কৰাৰ প্ৰয়োজন নাই। পৰৱৰ্তী সময়ত আপুনি ফেচবুক, হোৱাটচাপৰ ষ্টেটাচত আপুনি যে চাউল বিক্ৰি কৰে সেই বিষয়ে জনাই দিয়ক। ঘৰৰ পদুলিতে পাৰিলে- ‘ইয়াত সথিক মূল্যত চাউল ক্ৰয় কৰিব পাৰিব’ ধৰণে এখন পোষ্টাৰ লগাই দিয়ক। দেখিব লাহে লাহে আপোনাৰ লাহে কাষ্টমাৰ বাঢ়িছে। এনেদৰে প্ৰথমে নিজৰ মানুহখিনিৰ মাজত নিজৰ ব্যৱসায়তো আৰম্ভ কৰি লাহে সম্প্ৰসাৰণ কৰি নিয়ক। এসময়ত এনেদৰে কৰি গ’ল আপোনাৰ চাউল গুৱাহাটী, দিল্লী, বোম্বাই, ডুবাই, আমেৰিকাৰ পৰাও এসময়ত অৰ্ডাৰ লাভ কৰিব। এনেদৰে সৰুকৈ আৰম্ভ কৰি বহু কৃষকে এসময়ত এখন ডাঙৰ প্লেটফৰ্ম লাভ কৰে।
ধানৰ খেতি পৰা আমি চাউলৰ ব্যৱসায়লৈহে গতি কৰিলো। কিন্তু বৰ্তমান সময়ত আমাৰ কৃষকসকলে খেতিত যিধৰণে গুৰুত্ব দিয়ে একেধৰণে সমানে গুৰুত্ব দিব লাগিব। নহ’লে এচাম মধ্যভোগীয়ে সদায় কৃষকসকলৰ মূৰত নাৰিকল ভাঙি খায় থাকিব আৰু যাৰফলত কৃষকৰ কৃষিৰ ওপৰতে নাৰাজ হৈ পৰিব। গতিকে বজাৰখন সন্মুখত ৰাখিয়েই কৃষকসকলে খেতি আগবঢ়াই নিব লাগিব। সাধাৰণতে আমাৰ কৃষকসকলে অধিকাংশই শালি, লাহি, জাহিহিয়া, ৰঞ্জিত আদিৰ সাধাৰণ চাউলসমূহৰ খেতি বেছি কৰে। ইফালে বজাৰত এইবোৰৰ দামো একেবাৰে কম। অথচ কিন্তু অসমৰ কৃষকসকলে এই ধানবোৰৰ খেতিয়েই কৰে। ইফালে বজাৰত দাম থকা জহা, বৰাৰ লগতে বজাৰত দাম থকা ধানসমূহৰ খেতি একেবাৰে কমকে কৰে। কোনোৱেটো একেবাৰে নকৰে। ধান খেতিৰে লাভ উঠোৱা এই পদ্ধতিটোত কিন্তু কৃষকসকলে বজাৰত দাম থকা ধানৰ খেতিৰ ওপৰত অধিক গুৰুত্ব দিৱ লাগিব।
ধান খেতিৰে অধিক লাভ উঠাবলৈ কৃষকসকলে আৰু কিছুমান কথাত মন দিব লাগিব। ধানৰ পৰা চাউল উলিওৱাৰ দৰে চাউলৰ পৰাও কিছুমান খাদ্যসামগ্ৰী কৃষকজনে প্ৰস্তুত কৰিব লাগিব। যেনে- কোমল চাউল, সান্দহ, পিঠাগুৰি আদিও চাউলৰ লগতে কৃষকজনে বিক্ৰি কৰিব লাগিব। এই ধান খেতিৰ ব্যৱসায়িক দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি খেতি কৰিলে কৃষকজনে সদায় লাভৰ অংকত থাকিব।
লগতে পঢ়ক-
বৰপেটাৰোডত ৩-৪ টকা পাইকাৰী মূল্যত কবি-বিলাহী, ধোঁৱাচাঙত আয় দুগুণৰ প্ৰতিশ্ৰুতি