1. News

বৰপেটাৰোডত ৩-৪ টকা পাইকাৰী মূল্যত কবি-বিলাহী, ধোঁৱাচাঙত আয় দুগুণৰ প্ৰতিশ্ৰুতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
cabbage and Tomato is Rs. 3-4 in Barpeta Road
cabbage and Tomato is Rs. 3-4 in Barpeta Road

অসমৰ বৃহৎ পাচলি বজাৰসমূহৰ অন্যতম বৰপেটাৰোডৰৰ পাচলি বজাৰ। নিজৰ কৃষি পথাৰত উতপাদিত শাক-পাচলি  বিক্ৰি কৰিবলৈ আহি উচিত মূল্য নাপাই চকুৰে এতিয়া ধোঁৱা-কোৱা দেখিছে। উপায়হীন হৈ কৃষকে এতিয়া গৰু-ছাগলিক খোৱাবলৈ বাধ্য হৈছে কৃষকসকল। সম্প্ৰতি বজাৰত শাক-পাচলি বিক্ৰি কৰিবলৈ আহিলে লাভতো দূৰৰ কথা কৃষকজনে নাপায় যাতায়তৰ খৰচটো বৰ্তমান।

বৰ্তমান বৰপেটাৰোডৰ কেতবোৰ শাক-পাচলিৰ পায়কাৰি মূল্য এনেধৰণৰ-

  • বিলাহী - ৩ পৰা ৪ টকা প্ৰতিকেজি
  • বেঙেনা- ৫ পৰা ৭টকা প্ৰতিকেজি
  • মটৰ- ১০ পৰা ১৫ টকা প্ৰতিকেজি
  • বন্ধ কবি - ৩-৪ টকা প্ৰতিকেজি
  • ওলকবি- ৪-৫ টকা প্ৰতিকেজিত

লগতে পঢ়ক- 

উত্তৰ-পূৰ্বাঞ্চলত নিজৰ সাঁচ এৰিলে আইচিএল-এ; এক্সপো ৱানত ইয়াৰ পৰিসৰ প্ৰদৰ্শন

মন কৰিবলগীয়া যে বিগত বৰ্ষটোত সাৰৰ লগতে কীটনাশকৰ দামো বৃদ্ধি পাইছিল। দামবৃদ্ধি হ’লেও কৃষকসকলে ধাৰ-ঋণ লৈ খেতি কৰিছিল। এই কথা আমাৰ নহয় এই কথা এজন সৰ্বহাড়া খেতিয়কৰ। এই সন্দৰ্ভত আমাৰ কৃষি জাগৰণৰ প্ৰতিনিধিৰে হোৱা কথা-বতৰাত উত্তৰ বৰপেটাৰোডৰ কাটাঝাৰৰ সিৰাজুল হক আৰু  অমল দাসে কয় যে ধাৰ ঋণ লৈ অতি কষ্টৰ মাজৰে ১০ বিঘা মাটিত বিলাহী খেতি কৰিছিল কিন্তু বজাৰ নাই পাচলিৰ উচিত মূল্য। বৰ্তমানে তেওঁলোকে পথাৰত উতপাদিত শাক-পাচলি গৰুক খোৱাবলৈ বাধ্য হৈছে।

কিন্তু তাতপৰ্যপূৰ্ণ কথাটো হ’ল খুচুৰা বজাৰত শাক-পাচলিৰ  দাম বৰ্তমানেও আকাশলংঘী। এতিয়াও খুচুৰা বজাৰত বিলাহী, বেঙেনা, মটৰ, বন্ধ কবি, ওলকবি আদি পাচলিসমূহৰ দাম ৩০ পৰা ৪০ টকাৰ ভিতৰত। অথচ এই সকল কৃষকে শাক-পাচলি বিক্ৰি কৰিব লগা হৈছে ৩-৪ টকাৰ ভিতৰত। কৃষকসকলৰ মতে, এচাম মধ্যভোগীৰ চালনাত এই কৃষকসকলৰ আজি এই অৱস্থা। কম দামত কিনি আনি এই চাম মধ্যভোগীয়ে বজাৰত অধিক দামত বিক্ৰি কৰে। এতিয়া প্ৰশ্ন কৃষকৰ ঘামৰ লগত খেলা কৰা এইসকল মধ্যভোগী স্বৰূপ দালালাক! ইফালে সামাজিক মাধ্যমত, টিভিৰ চেনেলত, বিজ্ঞাপনত কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্যৰে প্ৰতিদিনে নিত্য-নতুন আঁচনি গ্ৰহণ কৰিছে। কিন্তু বাস্তৱত ৩-৪ টকাত পাচলি বিক্ৰি কৰিবলগীয়া হৈছে কৃষকসকল।

লগতে পঢ়ক- 

Beharbari Outpost : সকলোৰে চিনাকী মণিবৌৰ আছে আন এক পৰিচয়

English Summary: cabbage and Tomato is Rs. 3-4 in Barpeta Road

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.