অসমত বৰ্তমান প্ৰায় ১৬ লাখতকৈ অধিক স্নাতক নিবনুৱা আছে বুলি কোৱা হৈছে। সচাকৈ হয়তো সংখ্যাটো ই্য়াতকৈ অধিক হব কাৰণ বহু নিবনুৱাই এতিয়াও এমপ্লইমেন্ট এক্সচেঞ্জত নাম ভৰ্তি কৰা নাই। অনুমান হয় অসমত প্ৰায় ২৫ লাখ নিবনুৱা আছে, ৩ কোটি জনস্ংখ্যাৰ ভিতৰত যিটো অতি ভয়্লগা ধৰণৰ এটা সংখ্যা। নিবনুৱা সমস্যাতো সম্পৰ্কে সকলোৱে ভাবিবলৈ হ’ল। এই চৰকাৰ খনে নিবনুৱা সংস্থাপনৰ বাবে বহু কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু এই ক্ষেত্ৰত বহুতো কৰিবলগীয়া আছে। চৰকাৰী চাকৰিৰ সংখ্যা কমি আহিছে হয়তো দিনে দিনে আৰু কমিব। সমগ্ৰ ভাৰততে নহয় বিশ্বতে এনেধৰণৰ এটা ট্ৰেণ্ড চলিচে যে চৰকাৰী চাকৰিক আশা কৰি থাকিলে নহব। ব্যক্তিগত খণ্ডত ইমান নিয়োগৰ সুযোগ নাই। থলুৱা কেচামালৰ অভাৱ, পৰ্যাপ্ত পৰিমাণে বিজুলী শক্তিৰ অভাৱ ইত্যাদি কাৰণত উদ্যোগীকৰণ অতি কম। আমি সকলোৱে জানো যে ১৯৪৭ চনত যেতিয়া ভাৰত স্বাধীন হৈছিল তেতিয়া অবিভক্ত অসমৰ অৰ্থনীতি ভাৰতৰ ভিতৰত পঞ্চম বৃহৎ অৰ্থনীতি আছিল। কিন্তু এতিয়া ৰাজ্যিক আয়ৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰত ২৭ নং স্থানত আছে। যোৱা ৬০ বছৰৰ পৰিকল্পনাই অসমখনক বিশেষকৈ আগুৱাব নোৱাৰিলে। ১৯৪৭ চনৰ আগত অসমৰ লগত বহিঃ বিশ্বৰ সম্পৰ্ক আছিল, চিট্টগং বন্দৰেৰে বিশ্বৰ বিভিন্ন ঠাইলৈ বাণিজ্য হৈছিল।
স্বাধীনতাৰ আগতে ব্ৰহ্মপুত্ৰ নদীয়েদি জলপৰিবহনৰ সু-ব্যৱ্স্থা আছিল। ডিব্ৰুগড়ৰ পৰা কলিকতালৈ এখন জাহাজত কয়্লা, কাঁঠ, চাহপাত ইত্যাদি লৈ প্ৰায় ৮ দিন মানত কলিকতা পাইছিলগৈ। আজিকালি লাগে প্ৰায় ৩০ দিন মান। নদীখন বাম হ’ল, বাংলাদেশৰ মাজেদি যোৱাৰ কিছুমান প্ৰট’কল সমস্যা, ৰাতি যাতায়তৰ সমস্যা ইত্যাদি এশ এবুৰি সমস্যা। আগতে ABC (অসম, বাৰ্মা, চীন) পাইপলাইনৰদ্বাৰা চীনত থকা মিত্ৰ শক্তিৰ যুজাঁৰু বিমানত অসমৰ পৰা ইন্ধন যোগান ধৰা হৈছিল। মুঠতে এক বাধাহীন যোগাযোগেৰে বহিঃ বিশ্বৰ লগত থকা সম্পৰ্কই অসমত ব্যাপক পৰিমাণে উদ্যোগিক কাৰ্য্য নাইবা বাণিজ্যৰ সুব্যৱ্স্থা আছিল। কিন্তু স্বাধীনতাৰ পাছ্ত এইবোৰ নোহোৱা হ’ল।
আমাৰ ডাঙৰ সমস্যা আৰু এটা হ’ল অসমত উদ্যোগীকৰণৰ পৰিবেশৰ অভাৱ। অসমীয়া মানুহৰ উদ্যোগীক মানসিকতা কম। সকলোৱে চাকৰি কৰিব বিচাৰে। একে সময়তে আমি লক্ষ্য কৰিব পাৰো যে নিবনুৱা নিযুক্তিৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰ, তামিলনাডু গুজৰাটৰ থলুৱা উদ্যোগীয়ে ডাঙৰ ভূমিকা লয়। সমগ্ৰ দেশতে নিবনুৱা সমস্যা সমাধান কৰাত থলুৱা উদ্যোগীবোৰে ডাঙৰ ভূমিকা আগবঢ়ায়। ক্ষুদ্ৰ আৰু মজলীয়া ধৰণৰ উদ্যোগ (MSME) ক্ষেত্ৰত প্ৰায় ৩০ কোটি ভাৰতীয় জড়িত হৈ আছে, কিছুমানে উদ্যোগী হিচাপে আৰু কিছুমানে কৰ্মচাৰীৰূপে। এই উদ্যোগী সংস্কৃতিটোৱে বৃহৎ পৰিমাণে নিবনুৱা সমস্যা সমাধান কৰে কিন্তু অসমত এই সংস্কৃতিটো নাই। আমাৰ যেনেকৈ সাহিত্যিক, শিল্পীক সন্মান জনোৱা হয় কিন্তু উদ্যোগীক সন্মান জনোৱা নহয়। বাহিৰৰ পৰা কোনোৱে উদ্যোগ কৰিবলৈ আহিলে কোৱা হয় যে লুন্ঠন কৰিবলৈ আহিছে। প্ৰচাৰ মাধ্যমৰ জৰিয়তে এনেকুৱা মানসিকতায়ে উৎসাহ পাইছে। এটা ঋণাত্মক মানসিকতাই গঢ় লৈছে যে উদ্যোগৰ ক্ষেত্ৰখনত লুন্ঠনৰ কাৰুকাৰ্য্য চলে। আমি যদি অন্ধ্ৰ, তামিলনাডু, গুজৰাট ইত্যাদিৰ এখন বাতৰি কাকত লও তাত বেছিকৈ আমি যোগাত্মক খবৰ দেখা পাও, ৰাজনীতি আৰু মনোৰঞ্জন, খেল ইত্যাদি খবৰৰ লগতে। কিন্তু আমাৰ ইয়াৰ কিছুমান বাতৰি কাকতে পৰকীয় প্ৰেম, কাজিয়া-পেছাল আদিৰ দৰে সৰু সৰু বাতৰিয়ে বেছি প্ৰাধান্য দিয়ে। এনেকুৱা খবৰবোৰে সমাজৰ ভাল কামত নাহে। কিন্তু এইকাৰণে অকল সম্পুৰ্ণৰূপে সংবাদ মাধ্যমক দুষিব নোৱাৰি, আমি আমাৰ মানসিকতাক দোষ দিব লাগিব। আমি চাওঁ বা পঢ়ো কাৰণে সেই খবৰবোৰে প্ৰাধান্য পায়। কিছুমান মানুহৰ কেকোঁৰা মনোবৃত্তিৰ কাৰণে অসমীয়া মানুহৰ মানসিকতা ঋণাত্মক হৈছে। মই ভাবো যে এতিয়া যোগাত্মক চিন্তাধাৰাৰ প্ৰয়োজন হৈছে। অসমৰ খুব ভাল দিন আহিছে বুলি মই ভাবো কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে উত্তৰ-পূৱৰ উন্নতিৰ কাৰণে গুৰুত্ব দিছে কিছু ভাল পদক্ষেপ লৈছে আৰু এটা যোগাত্মক সজাগতা আনিছে।
অসমৰ যোগাযোগ ব্যৱস্থা যথেষ্ট উন্নত হৈছে। গুৱাহাটী বিমানবন্দৰটো বৰ্তমান ভাৰতৰ আটাইতকৈ ব্যস্ততাপূৰ্ণ বিমানবন্দৰসমুহৰ ভিতৰত অন্যতম। সকলো ৰাজ্যৰ লগত এতিয়া অসমৰ প্ৰত্যক্ষ যোগাযোগ আছে। চেন্নাই, মুম্বাইলৈ পোনপটীয় বিমানসেৱা আছে। দিল্লী কলকাতাৰ কথাটো ক’বই নালাগে। বেংকক, ভূটান আদিলৈ আন্তৰাষ্ট্ৰীয় বিমানসেৱা বৰ্তমান গুৱাহাটীৰ পৰা হৈছে। ৰাস্তা পদূলি উন্নত হৈছে। আটাইতকৈ ডাঙৰ এটা ভাল খবৰৰ কথা মই ক’ব বিচাৰো সেইটো হ’ল মণিপুৰৰ ম’ৰেৰ পৰা থাইলেণ্ডৰ মেচ’ট বোলা এখন ঠাইলৈ ১৭৫০ কিঃমিঃ দৈৰ্ঘ্যৰ এটা ৰাস্তাৰ নিৰ্মান চলি আছে যিটো ২০২০ চন মানলৈ সম্পুৰ্ণ হ’ব বুলি আশা কৰা হৈছে। এই ৰাস্তাটো সম্পুৰ্ণ হ’লে দক্ষিণ পূৱ এছিয়াৰ লগত আমাৰ এটা ডাঙৰ সংযোগ ব্যৱ্স্থা হ’ব, বহিঃ বিশ্বৰ লগত আকৌ সংযোগ স্থাপন হব। দক্ষিণ পূৱ এছিয়াত খুব ডাঙৰ অৰ্থনীতি কিছুমানৰ সৃষ্টি হৈছে যেনে থাইলেণ্ড মালয়েছিয়া, ছিংগাপুৰ আদি। দক্ষিণ পূৱ এছিয়াৰ দহখন ৰাষ্ট্ৰ্পুঞ্জ যিটোক আছিয়ান (ASEAN) বুলি কোৱা হয়। এই আছিয়ান (ASEAN) বজাৰখন খোল খাই গ’লে অসমখন উদ্যোগৰ কাৰণে এখন আকৰ্ষণীয় ৰাজ্য হ’ব। অসমৰ প্ৰতি দেশৰ উদ্যোগপতি সকলৰ আগ্ৰহ বাঢ়িছে। অলপতে হোৱা এডভান্টেজ আচাম চামিটত প্ৰায় ১ লাখ কোটি টকাৰ বুজাবুজিৰ স্বাক্ষৰ হৈছে, তাৰে মাজত প্ৰায় ৩০ হাজাৰ কোটি টকা আমাৰ যিবোৰ তৈলখণ্ডৰ সংগঠন যেনে OIL, NRL, ONGC আদিৰ পৰা। বাকী ৭০ হাজাৰ কোটি স্বাক্ষৰৰ যদি নূন্যতম ২০ শতাংশত বিনিয়োগ হয় ১৪ হাজাৰ কোটি টকা বিনিয়োগত অসমত যথেষ্ট নিয়োগৰ ব্যৱ্স্থা হ’ব। আমাৰ নিবনুৱা যুৱ্ক-যুৱ্তীয়ে আহিবলগীয়া সুযোগৰ সদব্যৱ্হাৰ কৰিব জানিব লাগিব। উদ্যোগৰ ক্ষেত্ৰত সুযোগৰ বাবে দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ লোৱাৰ দৰকাৰ। অসম চৰকাৰে দক্ষতা বৃদ্ধিৰ বিভিন্ন প্ৰ’গ্ৰেম লৈছে, স্কিল ডেভেলপমেণ্ট মিছনৰ অন্তৰ্গত য’ত সকলোৱে ভাগ লব পাৰে। আমাৰ অসমীয়া ডেকা লৰা-ছোৱালীসকল যাৰ এতিয়ালৈও এটা যথাৰ্থ সংস্থাপন হোৱা নাই তেখেত সকলৰ কাৰণে এই অহা কেইবছৰ যিবোৰ সুবিধা আহিব তাৰ বাবে তেওঁলোক এতিয়াৰ পৰা সাজু হ’ব লাগিব। পৰ্য্যটন ক্ষেত্ৰত ব্যাপক সুযোগ আহিব। অসম তথা উত্তৰ-পূৱৰ ভৱিষ্যত পৰ্য্যটন ক্ষেত্ৰত যথেষ্ট ভাল। ক্ষেত্ৰটোত হোটেল উদ্যোগৰ ৰিচেপছন, মাৰ্কেটিং, প্ৰশাসন, ছাৰ্ভিছ ইত্যাদিত হাজাৰ হাজাৰ চাকৰিৰ সম্ভাৱ্না আছে। মাথো দৰকাৰ অলপমান প্ৰশিক্ষণৰ। এই সেৱাখণ্ডত অসমীয়া ডেকা শক্তিয়ে সমগ্ৰ ভাৰততে সুনাম কৰিছে। বাংগালোৰু, হায়্দৰাবাদ, গোৱা ইত্যাদি ঠাইত অসমৰ যুৱ্ক-যুৱ্তীয়ে পৰ্য্যটন ক্ষেত্ৰত দপদপাই আছে।
আমাৰ মায়ে যেনেকৈ আলহী আহিলে আদৰ সাদৰ কৰি আপ্যায়্ন কৰে সেই আচাৰ ব্যৱ্হাৰটোৱে পৰ্য্যটনৰ বাবে আটাইতকৈ দৰকাৰী। অসমীয়া ডেকা লৰা-ছোৱালীৰ সেইটো মানসিকতা আছে। পৰ্য্যটন উদ্যোগী হোৱাৰ বহু সুবিধা আছে। ট্ৰেভেল এজেণ্সি, ট্যুৰ অপাৰেটৰ সংস্থা খুলিব পৰা যায়। মই অসমীয়া ল’ৰাই এখন গাড়ীৰ পৰা ২০০ খন গাড়ী লৈ ট্ৰেভেল এজেণ্সি কৰা দেখিছো। ঘৰতে পৰ্য্যটক থকাৰ (Home Stay) সুবিধাও খুলিব পৰা যায় য’ত থকা ব্যৱ্স্থাৰ সকলোখিনি সুবিধা দিব পাৰি আৰু চৰকাৰৰ পৰা সাহাৰ্য্য পোৱা যায়। এনেকুৱা সৰু সৰু সংস্থাপনে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত বহুখিনি ভূমিকা আগবঢ়ায়। মই ভাবো নিজেই নিজৰ সামৰ্থ্য অনুযায়ী যি পাৰে খুলিব পাৰে। নিজেই ভাবক আৰু আগুৱাই আহক। বিত্তীয় সাহাৰ্য্যৰ বাবে SBI, NEDFi ৰ সুবিধাখিনি চাই লব পাৰে। আজিকালি নতুন উদ্যোগীৰ বাবে বহু সুবিধা আছে মাথো দৰকাৰ এটা নিৰ্দিষ্ট প্ৰকল্প, এটা ৰিপৰ্ট, মাটি বা অন্যান্য প্ৰকল্পটোৰ বিৱৰণ, বাণিজ্যিকভাৱে সফল হোৱাৰ যথাৰ্থতা বেংকক বিশ্বাস জন্মাব পৰাৰ ক্ষমতা। পৰ্য্যটনৰ ক্ষেত্ৰত বহুতো চাকৰিৰ সৃষ্টি হ’ব বুলি মই ভাবো জলপৰিবহনৰ ক্ষেত্ৰতো বহুতো কাম আছে বুলি মই ভাবো। এইখিনিতে এষাৰ কথা কব বিচাৰো যে যদি বুদ্ধিমত্তাৰে কাম কৰে সকলো ক্ষেত্ৰতে সফল হ’ব পাৰে। অসমীয়া মানুহ বুলিলে এলেহুৱা বা কাম নকৰা বুলি এষাৰ কথাৰ প্ৰচলন আছে কিন্তু বৰ্তমান ডেকাচামৰ সেইটো দেখা নাযায়। তেওঁলোক কামৰ প্ৰতি আগ্ৰহী। এই কাম কৰিব বিচৰা মানসিকতাটো আনিব লাগিব যাতে ভৱিষ্যতে কাম কৰি খাব পাৰি। আমি সকলোৱে জানো যে আমাৰ ইয়াত বহুতো বাংলাদেশী মূলৰ মানুহে খেতিবোৰ কৰিবলৈ লৈছে। আমি মাটিবোৰ আধি দি নিজৰ বিপদ নিজেই চপাই আনিছো। সেয়েহে নতুন প্ৰজন্মই খেতি কৰাৰ কথা ভাবিব লাগে। যাৰ নিজৰ মাটি আছে তেওঁলোকে খেতি কৰি নিজকে স্বাৱ্লম্বী কৰিব পাৰে।
কৃষিখণ্ডত ব্যাপক সুবিধা আছে। কৰ ৰেহাই পোৱা যায় অসমৰ মাটি কৃষিৰ বাবে অতি উপযোগী, বেংকৰো কম সুতত ঋণৰ ব্যৱ্স্থা আছে। গতিকে খেতি কৰো আহক। ধানখেতি কৰো আহক, ফলমূল শস্যৰ খেতি কৰক। পথাৰখন পেলাই নথৈ গোটেই বছৰ খেতি কৰক, বজাৰৰ সমস্যা নাই বিজুলীৰ প্ৰয়োজন নাই আৰু নিজৰ বলত খেতি কৰি স্বাৱ্লম্বী হোৱাৰ মজাই বেলেগ। চৰকাৰৰ মৎস উৎপাদনৰ বাবে বহুতো আচঁনি কৰিছে, তাৰ সুবিধা লব লাগে। প্ৰায় ২ কোটি টকাৰ দৈনন্দিন চাহিদাৰ কণীৰ বজাৰখনো বৃহৎ, মুঠতে এখন বৃহৎ থলুৱা বজাৰ যিটো আমি সুবিধা লব পাৰো।
য’ৰপৰা লাচিত বৰফুকনৰ নিচিনা বীৰৰ সৃষ্টি হৈছে সেই বংশৰ অসমীয়াই কৰিব নোৱাৰা কাম নাই। দেশৰ বিভিন্ন ৰাজ্যত অসমীয়া ডেকা লৰা-ছোৱালীয়ে কৰ্পৰেট ক্ষেত্ৰত খুব ভাল কাম কৰি আছে কাৰণ অসমৰ লৰা-ছোৱালীৰ প্ৰতিভা আছে। কিন্তু অসমৰ পৰিবেশটো ঋণাত্মক চিন্তাধাৰাৰে প্ৰদূষিত হৈ গৈছে যাৰকাৰণে ইয়াত কৰিব পৰা নাই। এই পৰিবেশটো পৰিবৰ্তন কৰাৰ সময় হৈছে। অসমত বিৰাট ডাঙৰ উদ্যোগিক বিপ্লৱ আহিব বুলি ভাবি থাকিলে ভুল হ’ব। সেৱা বিশেষকৈ পৰ্য্যটন, কৃষিভিত্তিক উদ্যোগ তথা কাৰ্য্যই আমাৰ ভৱিষ্যতে বুলি মই ভাবো।
ভালদৰে পৰিকল্পনা কৰিলে টকা পইছাৰ অভাৱ নাই। মাথো দৰকাৰ দৃঢ় মন, কষ্ট কৰাৰ এক ষ্পৃহা আৰু এক যোগাত্মক চিন্তাধাৰা। ‘কষ্ট কৰিলে ৰত্ন পায়’ এই সোণসেৰীয়া কথাৰে হাতে কামে কৰাৰ সময় এইয়া।
লেখক: শ্যামকানু মহন্ত(অসমীয়াৰ সুখ-দুখ)