বান এক প্ৰাকৃতিক দুৰ্যোগ। বান হৈ থকা সময়ত খাদ্য, বিশুদ্ধ পানী আৰু নিৰাপদ আশ্ৰয়স্থলীৰ নাটনি হোৱাৰ লগতে কিছুমান ৰোগো হয়। নানা ৰোগ হ’লেও বানপীড়িত লোকসকলে এই সময়ত সকাহ পায়, কাৰণ চৰকাৰী আৰু বেচৰকাৰীভাৱে খাদ্য, বিশুদ্ধ পানী, আশ্ৰয়স্থলী আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হয়। বান শুকুৱাৰ পিছত এই মানুহবোৰ যেতিয়া নিজ নিজ অঞ্চললৈ ঘূৰি যায়, তেতিয়া তেওঁলোক এক অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়। এই সময়ত চৰকাৰ আৰু বেচৰকাৰী সংস্থাবোৰেও এই লোকসকললৈ পিঠি দিয়ে। বানে দূষিত কৰি থৈ যোৱা পানী খোৱা বাবে নানা জলজনিত ৰোগ (যেনে- ডায়েৰীয়া, ডিচেণ্ট্ৰী, কলেৰা, টাইফয়ড, হেপাটাইটিছ ‘এ’, লেপ্টোস্পাইৰ’ছিছ আদি), বানে বোকা আৰু নানা স্থানত এৰি যোৱা বীজাণুৱে বিয়পোৱা সংক্ৰামক ৰোগ (যেনে- ভাইৰেল ডায়েৰীয়া, ভাইৰেল জ্বৰ, কনজাংটিভাইটিছ আদি), বানে মাৰি এৰি থৈ যোৱা জীৱ-জন্তু আৰু মানুহৰ মৃতদেহে বিয়পোৱা ৰোগ, সেমেকা পৰিৱেশ সৃষ্ট এলাৰ্জীৰ বাবে হোৱা শ্বাস-প্ৰশ্বাসজনিত ৰোগ (যেনে- এজমা, ব্ৰংকাইটিছ আদি), নানা চৰ্মৰোগ, প্ৰতিৰোধ ব্যৱস্থা নোলোৱাৰ বাবে হোৱা বাহকজনিত ৰোগ (যেনে- মেলেৰিয়া, ডেংগি আদি) এই সময়ত অধিক হোৱাৰ লগতে কিছু পৰিমাণে মানসিক ৰোগেও দেখা দিয়ে। তদুপৰি গোপনীয় ঠাইৰ অভাৱত মহিলাসকলে মাহেকীয়া হ’লে নানা সমস্যাৰ সন্মুখীন হয়। আনহাতে, কিছুমান বীজাণু মানুহৰ শৰীৰত প্ৰৱেশ কৰাৰ পিছত ৰোগৰ উপসৰ্গ দেখা দিবলৈ এসপ্তাহ বা ততোধিক দিন লাগে বাবে বান হৈ থকা সময়ত কিছুমান ৰোগৰ বীজাণু মানুহৰ শৰীৰত প্ৰৱেশ কৰিলেও ৰোগৰ উপসৰ্গবোৰে বান শুকুৱাৰ পিছতহে দেখা দিবলৈ আৰম্ভ কৰে। বানৰ কবলত পৰা লোকসকলে বান হৈ থকা আৰু বান শুকুৱাৰ পিছত অলপ সাৱধান হৈ থাকিলেই বানৰ পিছত দেখা দিব পৰা স্বাস্থ্যগত সমস্যাবোৰ কমাই ৰাখিব পাৰে। তলত বানৰ পিছত দেখা দিব পৰা নানা স্বাস্থ্য সমস্যা আৰু এইবোৰ প্ৰতিৰোধৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল।
জলজনিত ৰোগঃ
বানৰ সময়ত নৈ, জান-জুৰি, কুঁৱা আদিৰ পানীৰ সৈতে বানৰ দূষিত পানী মিহলি হয়। দমকলবোৰ পানীত বুৰ যায়। পায়খানাৰ বীজাণু, বানৰ বাবে মৃত্যু হোৱা জীৱ-জন্তুৰ পৰা বীজাণু গৈ নৈ, জান-জুৰিৰ পানীত মিহলি হৈ পানী দূষিত কৰে। আশ্ৰয় শিবিৰত থকা অৱস্থাত খোৱাপানী পালেও, বান শুকুৱাৰ পিছত ঘৰলৈ গ’লে এই লোকসকলে বানৰ পানীয়ে দূষিত কৰি থৈ যোৱা নৈ, জান-জুৰি, কুঁৱা আৰু দমকলৰ পানীকে খাব লগা হয়। এনে বীজাণুযুক্ত পানী কোৱাৰ ফলত মানুহৰ মাজত নানা জলজনিত ৰোগৰ সৃষ্টি হয়। এইবোৰৰ ভিতৰত ডায়েৰীয়া, ডিচেণ্ট্ৰী, কলেৰা, টাইফয়ড, হেপাটাইটিছ এ, লেপ্টোস্পাইৰ’ছিছ আদি প্ৰধান। ডায়েৰীয়া, ডিচেণ্ট্ৰী, কলেৰা, টাইফয়ড, হেপাটাইটিছ ‘এ’, ৰোগীবোৰৰ বিষ্ঠা পুনৰ এই নৈ, জান-জুৰিৰ পানীতে মিহলি হয়। এনেদৰে দূষিত হোৱা পানী খোৱাৰ ফলত কেতিয়াবা এই ৰোগবোৰে মহামাৰী ৰূপো ধাৰণ কৰে। লেপ্টোস্পাইৰ’ছিছ লেপ্টোস্পাইৰ নামৰ বেক্টেৰিয়াৰ দ্বাৰা হোৱা এক মহামাৰী সৃষ্টি কৰিব পৰা ৰোগ। এই বেক্টেৰিয়া থকা এন্দুৰৰ প্ৰস্ৰাৱ মিহলি পানী খালে বা ছাল আৰু মিউকোচাৰে মানুহৰ শৰীৰত প্ৰৱেশ কৰিলে এই ৰোগ হয়। এই ৰোগত জ্বৰৰ উপৰি ছালত চকলা-চকল দাগ হ’ব পাৰে।
বান শেষ হোৱাৰ পিছৰ সময়খিনিত এই ৰোগবোৰ নহ’বৰ বাবে ল’বলগীয়া প্ৰধান আৰু প্ৰথম দায়িত্ব হ’ল বিশুদ্ধ নিৰাপদ খোৱাপানীৰ ব্যৱস্থা কৰা। পানী ফিল্টাৰ কৰি খোৱাৰ সুবিধা নাথাকিলে পানী উতলায় চেঁচা কৰি খাব লাগে। পানী উতলালে জলজনিত ৰোগ সৃষ্টি কৰিব পৰা এশ শতাংশ বীজাণুৱে ধ্বংস হয়। এনে ব্যৱস্থাৰে কৰা পানী খালে জলজনিত ৰোগবোৰ হোৱাৰ আশংকা নোহোৱা হৈ পৰে। যদিহে পানী ফিল্টাৰ কৰা অথবা উতলোৱাৰ ব্যৱস্থা নাথাকে, তেন্তে এনে পৰিৱেশত খোৱাপানী বিশুদ্ধ কৰাৰ ফলদায়ক উপায় হ’ল পানীত ক্ল’ৰিন ব্যৱহাৰ কৰা। ক্ল’ৰিন সুলভ, সহজে উপলব্ধ আৰু ব্যৱহাৰ কৰিবলৈ সহজ। ক্ল’ৰিন পানীত মিহলালে ই মাইকোবেক্টেৰিয়াম আৰু হেপাটাইটিছ- ‘এ’ক বাদ দি প্ৰায় ৯৯.৫ শতাংশ জলজনিত ৰোগ সৃষ্টি কৰিব পৰা বীজাণু ধ্বংস কৰিব পাৰে। খোৱাৰ আগতে হাত ধুই ল’ব লাগে। টাইফয়ড, হেপাটাইটিছ- ‘এ’ আদি নহ’বৰ বাবে আগতীয়াকৈ ভেকচিনো দিব পাৰি। লেপ্টোস্পাইৰ’ছিছ নহ’বৰ বাবে প্ৰোফাইলেক্সিছ এণ্টিবায়’টিক খাব পাৰি।
সংক্ৰামক ৰোগঃ
বান শুকুৱাৰ পিছত বোকা, ঘৰৰ মজিয়া, বেৰ আৰু চিলিং আদিত নানা বেক্টেৰিয়া আৰু ভাইৰাছ ৰৈ যায়। ইয়াৰ পৰা নানা সংক্ৰামক ৰোগ হ’ব পাৰে। এই সময়ত ভাইৰেল ডায়েৰীয়া আৰু ভাইৰেল জ্বৰ হোৱাৰ লগতে কনজাংটিভাইটিছ অধিক হোৱা দেখা যায়। কাণত পানী সোমাই কাণৰ সংক্ৰমিত ৰোগো হ’ব পাৰে।
এইবোৰ নহ’বলৈ বান যোৱাৰ পিছতে ঘৰৰ মজিয়া, বেৰ, চিলিং আদি বীজাণুনাশক দ্ৰব্যৰে মচিব লাগে। ইয়াৰ উপৰি বানত মৃত জীৱ-জন্তুৰ পৰাও নানা সংক্ৰমিত ৰোগ হোৱা দেখা যায়। মৃতদেহ টনা আৰু পুতি থোৱা বা জ্বলোৱা লোকসকল মৃতদেহত থকা বেক্টেৰিয়া বা ভাইৰাছৰ দ্বাৰা অধিক সংক্ৰমিত হোৱা দেখা যায়। এনে লোকসকল সাৱধান হ’ব লাগে আৰু জীৱ-জন্তুৰ মৃতদেহ ভালদৰে পুতি থ’ব লাগে।
শ্বাস-প্ৰশ্বাসজনিত ৰোগঃ
বানৰ পিছত সকলো ঠাই বিশেষকৈ বাসস্থানবোৰ সেমেকা হৈ থাকে। সেমেকা পৰিৱেশত থাকিবলগীয়া হোৱা আৰু বহু সময়ত সেমেকা সাজ-পোচাক আৰু বিছনাৰ কাপোৰ ব্যৱহাৰ কৰাৰ বাবে এই সময়ত এলাৰ্জীৰ বাবে হোৱা শ্বাস-প্ৰশ্বাসজনিত ৰোগ অধিক হয়। ইয়াৰ উপৰি বানে সৃষ্টি কৰি থৈ যোৱা বোকাবোৰ ৰ’দত শুকাই ধূলি হৈ উৰিবলৈ ধৰে। এই ধূলিবোৰেও নানা এলাৰ্জীৰ বাবে হোৱা শ্বাস-প্ৰশ্বাসজনিত ৰোগ সৃষ্টি কৰে। বহু সময়ত বানৰ পিছত মহ খেদাৰ বাবে দিয়া ধোঁৱায়ো এনে ৰোগৰ সৃষ্টি কৰে। এজমা, ব্ৰংকাইটিছ আদি এনে ৰোগ। মানুহৰ কাহ অধিক হয়।
এনেবোৰ ব্যৱস্থাৰ পৰা বাচি থাকিবলৈ সেমেকা পৰিৱেশ ত্যাগ কৰিব লাগে। ব্যৱহাৰ কৰা কাপোৰ আদি ৰ’দত ভালদৰে শুকুৱাই ল’ব লাগে। ধূলি আৰু ধোঁৱাৰ পৰা আঁতৰি থাকিব লাগে।
চৰ্মৰোগঃ
বানৰ পিছত সেমেকা বাসস্থান, সেমেকা পৰিৱেশত থকা সেমেকা বিছনাৰ কাপোৰ ব্যৱহাৰ কৰিলে এইবোৰত বাস কৰা বিভিন্ন প্ৰজাতিৰ ভেঁকুৰ আৰু পৰজীৱীয়ে মানুহৰ ছাল আক্ৰমণ কৰে। ফলত নানা ধৰণৰ ফাংগেল চৰ্মৰোগ হ’ব পাৰে। খৰ, খজুৱতি আদি নানা ৰোগে দেখা দিয়ে। ছালৰ এলাৰ্জীজনিত সমস্যা (বিশেষকৈ একজিমা) আদিয়ে দেখা দিয়ে। বানৰ পিছত হোৱা বোকা অনবৰতে গছকি থাকিলে আঙুলিৰ ফাঁকবোৰ কোমল হয় আৰু কেতিয়াবা ছেকেণ্ডাৰী বেক্টেৰিয়েল সংক্ৰমণ হৈ ঘা পৰ্যন্ত হ’ব পাৰে। ইয়াৰ উপৰি বহু সময় ধৰি ভৰি এই বোকাত ডুব গৈ থাকিলে ভৰিত ডুবাওন চৰ্মৰোগ হ’ব পাৰে। বানে কৰি থৈ যোৱা বোকা শুকুৱাৰ পিছত বতাহত ধূলি হৈ উৰিও ছালৰ এলাৰ্জী সৃষ্টি কৰি খজুৱতি আৰু ছাল ৰঙচুৱা কৰিব পাৰে। বান শুকুৱাৰ পিছত লেপ্টোস্পাইৰ’ছিছ, ডেংগি, হিমোৰেজিক জ্বৰ, ৰ’জ স্পট টাইফয়ড আদি জ্বৰ হৈ ছালত চকল বান্ধি দাগ হ’ব পাৰে।
এইবোৰ প্ৰতিৰোধ কৰিবলৈ তিতা আৰু সেমেকা কাপোৰ ব্যৱহাৰ কৰিব নালাগে। বান যোৱাৰ পিছত কাপোৰবোৰ ভালদৰে ধুই, ৰ’দত শুকুৱাই ব্যৱহাৰ কৰিব লাগে। যিবোৰ ধুব নোৱাৰি (তুলী, গাৰু আদি) ভালদৰে দুদিনমান ৰ’দত শুকুৱাই ব্ৰাছ মাৰি ব্যৱহাৰ কৰিব লাগে। বানে কৰি থৈ যোৱা বোকা আদি গছকি থাকিব নালাগে। গছকিলেও পিছত ভালদৰে পৰিষ্কাৰ পানীৰে ধুই, শুকান কাপোৰেৰে মচি এণ্টিচেপ্টিক মলম লগাব লাগে। ধূলিৰ পৰা আঁতৰি থাকিব লাগে।
বাহকজনিত ৰোগঃ
বান হৈ থকা অৱস্থাত মানুহে মথাউৰি আৰু আশ্ৰয় শিবিৰ আদিত বাস কৰিবলগীয়া হয়। খাদ্য আৰু খাবলৈ পানী পালেও ইয়াত মহৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ আঁঠুৱা বা আন ব্যৱস্থা নাপায়। অসংখ্য মানুহে মুকলি ঠাইত শোৱে। মানুহবোৰক মহে কামুৰি মেলেৰিয়া, ডেংগি আদিৰ বীজাণু বিয়পায়। মহৰ কামোৰত এই ৰোগবোৰৰ বীজাণু শৰীৰত প্ৰৱেশ কৰিলেও এই ৰোগবোৰৰ লক্ষণবোৰ দেখা দিবলৈ কেইবাদিনো লাগে। সেয়েহে এই ৰোগবোৰে বান শুকুৱাৰ পিছতহে দেখা দিয়ে। তদুপৰি বানৰ পানীত মেলেৰিয়া, ডেংগি আদি বিয়পোৱা মহবোৰে অধিক বংশ বৃদ্ধি কৰিবলৈ সুবিধা পায়। বানত মানুহৰ থকা ঘৰ, আঁঠুৱা আদি উটি যায়। বান শুকুৱাৰ পিছত ঘৰলৈ গ’লেও মহৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ আঁঠুৱাৰ অভাৱ হয়। মহবোৰে এওঁলোকক কামুৰি মেলেৰিয়া, ডেংগি আদি মহামাৰী ৰূপ দিবলৈ অধিক সুবিধা পায়।
এনে নহ’বৰ বাবে মহৰ কামোৰৰ পৰা নিজকে ৰক্ষা কৰিব লাগে। আশ্ৰয় শিবিৰবোৰত আৰু ঘৰলৈ ঘূৰি যোৱা লোকসকলক মহৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ ঔষধযুক্ত আঁঠুৱা যোগান ধৰিব লাগে। ধোঁৱা আদি দি হ’লেও মহবোৰ আঁতৰাই ৰাখিব লাগে। বান শুকুৱাৰ পিছত মহবোৰে বংশবৃদ্ধি কৰিবলৈ সুবিধা নাপাবৰ বাবে বাসস্থানৰ ওচৰত পানী জমা হ’বলৈ দিব নালাগে। বাসস্থান আৰু ইয়াৰ ওচৰে-পাঁজৰে ডিডিটি ছটিয়াব লাগে।
মানসিক সমস্যাঃ
বান হৈ থকা অৱস্থাত আশ্ৰয় শিবিৰবোৰত যথেষ্ট মানুহ একেলগে থকা বাবে মানুহবোৰৰ মানসিক অৱস্থা ঠিকেই থাকে। বান আঁতৰি যোৱাৰ পিছত মানুহবোৰৰ যেতিয়া বানত হেৰাই যোৱা আত্মীয়ৰ মুখবোৰ মনত পৰে আৰু গাঁওলৈ ঘূৰি গৈ বানে ভাঙি থৈ যোৱা ঘৰখন, নষ্ট কৰা ভঁৰালৰ ধানবোৰ, নষ্ট কৰা সম্পত্তিবোৰ, মাৰি পেলোৱা পশুধনবোৰ, ধ্বংস হোৱা ধাননিডৰা আৰু উপাৰ্জনৰ একমাত্ৰ ভৰসা পথাৰখন বানে খহাই নিয়া দেখে, তেতিয়া দিক্-বিদিক হেৰুৱাই মানসিকভাৱে উত্ৰাৱল হৈ পৰে। বানে ভাঙি থৈ যোৱা ঘৰখন পুনৰ গঢ়াৰ চিন্তাই মানসিক চাপ আৰু অৱসাদ নমাই আনে। অনেকে মানসিক ভাৰসাম্য হেৰুৱাই আত্মহত্যাও কৰা দেখা যায়।
এনে নহ’বৰ বাবে মানুহবোৰ একেলগ হৈ ইজনে সিজনক মানসিক শক্তি দি জীৱন পুনৰ আৰম্ভ কৰিব লাগে। বান শুকুৱাৰ পিছত এইসকল দুৰ্ভগীয়াক যাতে পাহৰি নাযায় চৰকাৰ আৰু স্বেচ্ছাসেৱী সংস্থাবোৰে। এওঁলোকৰ পুনঃসংস্থাপনৰ উপযুক্ত ব্যৱস্থা ল’ব লাগে।
মহিলাৰ সমস্যাঃ
বান হৈ থকা বা হৈ যোৱাৰ পিছত আশ্ৰয় শিবিৰত থকা অৱস্থাত বা গাঁৱলৈ ঘূৰি যোৱাৰ পিছতো বানে ভাঙি নিয়া বাসস্থানৰ অভাৱত বহুদিনলৈ লোকসকল সামূহিকভাৱে থাকিবলগীয়া হয়। ফলত মহিলাসকলৰ বাবে গোপন স্থানৰ অভাৱ হয়। প্ৰস্ৰাৱ-পায়খানা কৰা, গা-ধোৱা আদিৰ বাবে ভীষণ অসুবিধা হয়। তাতে যদি মহিলাৰ মাহেকীয়া হয়, তেন্তে ভাবিব নোৱৰা অসুবিধা।
এনে নহ’বৰ বাবে পুৰুষ আৰু মহিলাৰ বাবে বেলেগ বেলেগ আশ্ৰয় শিবিৰ কৰাৰ লগতে চৰকাৰ আৰু স্বেচ্ছাসেৱী সংস্থাবোৰৰ মহিলাকৰ্মীসকলে এনে মহিলাসকলৰ মাজত বিনামূলীয়াকৈ চেনিটাৰী নেপকিন আৰু অন্তৰ্বাস বিলোৱাৰ উপৰি এই সংক্ৰান্তত নানা উপদেশ দিব লাগে।
(উৎসঃ আমাৰ অসম, ডাঃ ধৰ্মকান্ত কুম্ভকাৰ)।