আজিৰ পৰা কেইদিনমানৰ আগতে মানে বিগত মাহৰ ১৯ ফেব্ৰুৱাৰী তাৰিখে। ঢেকিয়াজুলিৰ উদ্যমী কৃষক সন্তুষ দাসে ঘৰৰ পৰা অলপ দূৰত ২ বিঘা মাটিত ৬ শ তামোল পুলি ৰুইছিল। প্ৰায় দুবছৰ হোৱা পুলিখিনি ১৯ ফেব্ৰুৱাৰী তাৰিখে নিশা কোনো হিংসাকুৰীয়া লোকে দুবিঘা মাটিত ৰোপন কৰা ৬০০ তামুল পুলি কাটি টহিলং কৰি যায়। এয়া কোনো নতুন ঘটনা নহয় পূৰ্বেও এনে অসংখ্য ঘটনা অসমৰ অসমীয়া সমাজত সংঘটিত হৈ আহিছে। গছ কটাৰ সমান্তৰালভাৱে পুখুৰীত বিহ দিয়া, শিপিনীৰ তাঁত কাটি পেলোৱা কাৰ্যবোৰ এতিয়াও অসমীয়া সমাজত চলি আছে।
কিন্তু দুৰ্ভাগ্যজনক কথা যে এনে কাৰ্য প্ৰায়ে সংঘটিত হৈছে যদিও আজিলৈকে এনে দুষ্কাৰ্যৰ লগত জড়িত লোকসকলক আৰক্ষীয়ে কৰায়ত্ত কৰিব পৰা নাই বা কৰায়ত্ত কৰাৰ চেষ্টা চলোৱা নাই। কিন্তু ই এক সামাজিক ব্যাধিৰ দৰেই। এই সামাজিক ব্যাধি ৰোধৰ বাবে আৰক্ষীৰ ভূমিকা কঠোৰ হ’ব লাগে। তন্ন তন্নকৈ তদন্ত চলাই আৰক্ষীয়ে দৃৰ্বৃত্তক বিচাৰি উলিয়াই জেলৰ লগতে জৰিমণাৰ ব্যৱস্থা কৰিব লাগে। কিন্তু আমাৰ অসম পুলিচ মখাই তদন্ত চলোৱাৰ নামত গাড়ীত গৈ তামোল খাই, অহা-যোৱাৰ নামত গোচৰীয়াৰ পৰা ৫ শ-১ হাজাৰ লৈ গুছি আহে। দোষীক শাস্তি বিহিবালৈ গৈ পুনৰ লোকচানৰ সন্মুখীন হয় কৃষকজন । গতিকে পুলিচৰো ভয় নাই, প্ৰমাণ নাথাকিলে কোনে কি কৰিব পাৰে এনে মনোভাবেৰে দৃৰ্বৃত্তই প্ৰতিদিনে এনে ঘটনাবোৰ সংঘটিত কৰি আহিছে।
আচলতে এনে কামবোৰ কৰি কি লাভ হয় দৃৰ্বৃত্তৰ। এনে ঘটনা সংঘটিত কৰা লোকজনে এই কাম কৰি খুৱ সুখত থাকিব পাৰে বুলি ভাৱিব পৰা নাযায়। ধৰা পৰি যোৱা ভয়ে দিনে-নিশাই খুলি খুলি খাব। ধৰা নপৰিলেও তেওঁ অপকৰ্মৰ ভাগ-বতৰাও কৰিব নোৱাৰে কাৰো লগত ভাগ-বতৰা কৰিব নোৱাৰিব। ধৰা পৰিলেতো কথাই নাই। প্ৰথম পাবলিক ধোলাই, তাৰপাছত মানুহৰ আগত মুখ উলিয়াব নোৱাৰিব, কনিষ্ঠজনক এটা ভাল উপদেশ দিব নোৱাৰিব, সমাজত স্থান নাথাকিব।
ইমানখিনি প্ৰত্যাহ্বানকো নেওচি এইসকলে এনে দুষ্কাৰ্য কৰে। গতিকে এনে দুষ্কাৰ্য সংঘটিত কৰা লোকক কঠোৰতম শাস্তি বিহিব লাগে। কাৰণ এইসকল লোক বাচি গ’ল অনাগত দিনত ইয়াতকৈ ডাঙৰ ঘটনা সংঘটিত কৰিব । গতিকে কঁঠিয়াতে এইবোৰক সঁচ মাৰিব লাগে।
লগতে পঢ়ক-