1. উদ্য়ানশস্য়

ERIE SILK : এৰীপলু পালনেও ঘৰতে লাখ টকা উপাৰ্জনৰ সুযোগ দিব

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Erie Silk Farming & its Food Tree
Erie Silk Farming & its Food Tree

অনুকূল বাতাৱৰণ তথা পয্যাৰ্প্ত পৰিমাণে পোৱা খাদ্য বৃক্ষৰ কাৰণে এৰী পলু পালনত উত্তৰ-পূৰ্বাঞ্চল সমগ্র পৃথিবীৰ ভিতৰতে অগ্রণী । কিন্তু প্রণালীবদ্ধ খেতি নথকাৰ বাবে এই শিল্পই ব্যৱসায়িক ৰূপত আশানুৰূপভাৱে গা কৰি উঠিব পৰা নাই । অসমৰ ওদালগুৰি, কাৰ্বিআংলঙৰ ডিফু আদি জনজাতি অধ্যুষিত অঞ্চলত এৰী শিল্প বহুল ৰূপত কৰা দেখা যায় । এৰী পলু এবিধ বহুভক্ষী ৰেচম প্রজাতি ।

ইংৰাজীত ইয়াক পলিফেগাচ কোৱা হয় । প্রধান খাদ্য বৃক্ষ এৰা আৰু কেচেৰু গছৰ উপৰি ই শিমলু আলু, বৰপাত, বৰকেচেৰু, পায়াম, গোলঞ্চ, গমাৰী, কঢ়া আদি বহু গছৰ পাত ভক্ষণ কৰে। এৰা গছৰ পাত মূখ্যতঃ ভক্ষণ কৰা বাবে এই ৰেচম এৰী পলু নামেৰে বিখ্যাত । এই অসমীয়া নামকৰণৰ বাবে তথা আৰু বৰ্তমানেও বহুল পৰিমাণৰ উপলব্ধ লক্ষ্য কৰি এৰী পলু অসমত উৎপতি হোৱা বুলি গণ্য কৰা হয় । প্রধান খাদ্য বৃক্ষ এৰা আৰু কেচেৰু গছৰ প্রণালীবদ্ধ খেতি প্রণালী কৃষকৰ বাবে অনুমোদন কৰা হৈছে ।

এৰাগছ ৰোপন পদ্ধতি

  • অম্ল অথবা ক্ষাৰযুক্ত যিকোনো ধৰণৰ মাটিত এৰা খেতি কৰিব পাৰি । কিন্তু জৈৱিক সাৰযুক্ত মাটিত এৰা খেতি কৰিবলৈ উত্তম । পানী জমা হোৱা মাটিত এৰা খেতি কৰিব নোৱাৰি । পানী জমা নহ’বলৈ নলা কাটি দিব লাগে ।
  • বাৰিষাৰ আগত বা পাচত এৰা খেতি কৰিব পাৰি ।
  • চত-বহাগ অথবা আহিন-কাতি মাহ এৰা খেতিৰ বাবে উত্তম ।
  • এৰা খেতিৰ বাবে মাটি ডোখৰ ভালকৈ হাল বাই ১ মি x ১ মি ব্যৱধানত ২৫x২৫x২৫ ছে:মি: জোখত গাঁত খান্দি প্রতিতো গাঁতত ১ কি.গ্রাম পঁচা গোবৰ বা কেঁচুসাৰ মিহলাই দিব লাগে ।
  • ফৰকাল বতৰত পুৰঠ নিৰোগী এৰা বীজ সংগ্রহ কৰিব লাগে । তাৰপিচত প্রতি কিঃগ্রাঃ গুটিত ২-৩ গ্রাম ভেঁকুৰনাশক দৰব মিহলাই প্রতিটো গাঁতত দুটাকৈ গুটি সিঁচিব লাগে ।ডাঙৰ হ’লে এটা পুলি উভালি দিব লাগে । ৭-১০ দিনৰ পাচত বীজ অংকুৰিত হয় ।
  • নিয়মিয়াকৈ ঘাঁহ-বন নিৰাই দিব লাগে ।
  • পাউদাৰ বিহিন ৰঙা জাতৰ এৰা (এন.বি.আৰ-১) পলু পোহাৰ বাবে উত্তম । সম্প্রতি এন.বি.আৰ-২ আৰু এন.বি.আৰ-৩ নামৰ অধিক উৎপাদনক্ষম প্ৰজাতি আনুমোদন কৰা হৈছে ।
  • জৈৱিক সাৰ কম থকা মাটিত এৰা খেতি কৰিলে প্রতিজোপা এৰা গছত এন.পি.কে প্রয়োগ প্রথম কিস্তি বীজ অংকুৰণৰ এমাহ পাচত ইউৰীয়া ১৩ গ্রাম,ফচফেট ২৫ গ্রাম আৰু পটাচ ৩ গ্রাম প্রয়োগ কৰা হয় । তিনিমাহৰ পাচত ২য় কিস্তি সাৰ ইউৰীয়া ৭ গ্রাম প্রয়োগ কৰিব লাগে ।
  • এৰা খেতিৰ পৰা প্রতি একৰত (জেঠ-আহাৰ, শাওন-ভাদ, আহিন-কাতি, আঘোন- পুহ) চাৰিবাৰ পাত ছিঙি মুঠ ৪৮০০ (কি.গ্রাম)পাত উৎপাদন কৰিব পাৰি । ইয়াৰ পৰা ৪০০ জনী চকৰী পুহিব পাৰি ।
  • এৰা গছক কীট পতঙ্গৰ ভড়াল আখ্যা দিয়া হয় । বিছা, চেমিলুপাৰ আদি উল্লেখযোগ্য । ভেকুঁৰ জাতীয় ৰোগ চাৰকচপৰা লিফ স্পট, অলটাৰনেৰীয়া লিফ ব্লাইট ৰোগ হোৱা পাত ছিঙি জলাই দিব লাগে । বেছি হ’লে ০.৩% কপাৰ অক্সিক্লৰাইদ অথবা ০.২৫% মেনকজেব ২-৩ বাৰ ছটিয়াই দিব লাগে । ফিউজেৰিয়াম উইল্ট প্রতিৰোধৰ বাবে প্রতি কি.গ্রা. বীজত ২-৩ গ্রাম থাইৰাম অথবা ২ গ্রাম কাৰবনদেজিম মিহলাব লাগে । চেমিলুপাৰ অথবা বিছা জাতীয় কীট আক্রান্ত পাত ছিঙি জলাই দিব লাগে । কীটনাশক দ্রব্য পৰাপক্ষত ব্যৱহাৰ নকৰাই ভাল ।

লগতে পঢ়ক- 

Mango farming : ভালকে কৰিলে আমৰ খেতিয়েও আপোনাক লাখপতি বনাব

কেচেৰু গছ ৰোপন‌ পদ্ধতি

কেচেৰু গছ ৰোপন পদ্ধতিত দুটা বিষয় জড়িত হয় আছে ।প্রথমতে পুলি উৎপাদনৰ বাবে নাৰ্চাৰী কৰি তাৰ পাচত পুলি ৰোপন কৰা হয় ।

কেচেৰু নাৰ্চাৰী

কেচেৰু নাৰ্চাৰীৰ বাবে পানী জমা নোহোৱা এঢলীয়া মাটি সৰ্বোত্তম।ফাগুন-চতমাহত ইয়াৰ নাৰ্চাৰী কৰা হয় ।

নাৰ্চাৰীৰ বীজতলি‌ প্রস্তুতকৰণৰ

কেচেৰু বৃক্ষৰ নাৰ্চাৰীৰ বীজতলি ২-৩ বাৰ হালবাই সমান কৰি লব লাগে । ৬ x ২ মিটাৰ জোখৰ বীজতলী তৈয়াৰ কৰি ১৫ ছে.মি ওখকৈ ৰাখিব লাগে ।প্রতিখন বীজতলিত ৬ চি এফ টি গোবৰ প্রয়োগ কৰি ২ সপ্তাহ ৰাখিথব লাগে ।খেৰৰ অথবা এগ্র জালিৰ চালি তৈয়াৰ কৰিলে সুফল পাব পাৰি ।বীজ অংকুৰণ ভালকৈ হয় ।

বীজ সংগ্রহ

চৰাই চিৰিকতিয়ে খাব নোৱাৰাকৈ কেচেৰু গছৰ গুটি জালেৰে ঢাকি দিব লাগে । ফাগুন-চত মাহত পূৰঠ গুটি সংগ্রহ কৰি এৰাতি পানীত জুবুৰিয়াই ৰাখিব লাগে ।পিচদিনাখন গুটিবোৰ বস্তা এখনত ঘঁহি বাকলি গুচাই লব লাগে ।মাত্র পানীত ডুব যোৱা গুটি সিঁচিবৰ বাবে ল'ব লাগে । নিয়মিয়াকৈ হাবি বননি নিৰাই দিব লাগে । ০.০৫ % ৰগৰ ০.১ % ইন্দফিল এম ৪৫ সহ চটিয়াই কীট পতংগ, ৰোগ প্রতিৰোধ কৰিব পাৰি ।

কেচেৰু গছৰ ৰোপন

পানী জমা নোহোৱা এঢলীয়া মাটি সৰ্বোত্তম ।বাৰিষাৰ পাচত কেচেৰু ভাদ- আহিন মাহত ২মি ২মি অথবা ৩ মি ৩মি দূৰত্ব ব্যৱধান ৰাখি কেচেৰু খেতি কৰা হয় । ৩ মি x ৩মি দূৰত্ব ব্যৱধান ৰাখিলে অন্তঃবৰ্তীকালীন খেতি আদা, হালধী, কচু, জলকীয়া আদি কৰিবলৈ সুবিধা হয় আৰু অধিক উপাৰ্জন কৰিব পাৰি ।

কেচেৰু গছৰ উন্নতজাত

পূ্ৰ্বতে মিশ্র জাতৰ কেচেৰু কৃষকে ৰোপন কৰিছিল । বৰ্তমান HF 008 আৰু HF 005 দুটা উচ্চ উৎপাদনক্ষম মজলীয়া আৰু সৰু পাতৰ দুটা প্রজাতি চিনাক্ত কৰি কৃষকৰ বাবে আনুমোদন কৰা হৈছে ।

কেচেৰু গছত সাৰপ্রয়োগ

প্রথম বছৰত বাৰিষাৰ পাচত প্রতিজোপা গছৰ চাৰিওফালে ঘুৰণীয়াকৈ নলা কাটি আধা চি.এফ. টি. জোখত মাত্র গোবৰ সাৰ প্রয়োগ কৰিব লাগে । ২য় বছৰৰ পৰা গোবৰ সাৰৰ উপৰিত্ত এন.পি.কে সাৰ বছৰিহেক্টৰত ১৫০:৭৫:২৫ কিলোগ্রাম হাৰত দুটা কিস্তিত প্রয়োগ কৰিব লাগে প্রতিটো কিস্তিত বাৰিষাৰ আগত আৰু পাচত প্রতি জোপা গছত ইউৰীয়া ৫০ গ্রাম ফচফৰাচ ৯০ গ্রাম পটাচ ১০ গ্রাম লাগে ।

কেচেৰু গছৰ কলমপদ্ধতি

পাঁচবছৰ বয়স হোৱাৰ পাচত গা-গছ জোপা শকত হ’লে ১.৭৫ মিটাৰ অথবা ৬ ফুটমান উচ্চতাত কলম দিব লাগে । প্ৰয়োজন অনুসৰি পাঁচ বছৰ অন্তৰে অন্তৰে এখাপ ওখ এখাপ তলত কলম দিব লাগে ।

পাতৰ উৎপাদন:

প্রতি একৰত ২মি.x২মি. ব্যৱধানত কেচেৰু ৰোপন কৰিলে বছৰি বহাগ-জেঠ, ভাদ-আহিন আৰু কাতি- আঘোন এই তিনিটা সময়ত ১০,০০০ কিঃগ্রাম পাত উৎপাদন কৰি ১০০০ জনী চকৰীৰ কণী পুহিব পাৰি । চৰকাৰী আঁচনি বিলাকত ৩×৩ মি ব্যৱধানত গছ ৰোপণ কৰিলে ৭২০০ কিলোগ্ৰাম পাত উৎপাদন কৰি ৭০০ জনী চকৰীৰ কণী পুহিব পাৰি। 

লেখক : মৃদুল চন্দ্ৰ শৰ্মা, কেন্দ্ৰীয় ৰেচম বৰ্ডৰ জ্যেষ্ঠ অৱসপ্ৰাপ্ত বিজ্ঞানী, যোৰহাট

লগতে পঢ়ক- 

এৰী পলু পালনৰ উন্নত পদ্ধতি সম্পৰ্কে জানো আহক

English Summary: Erie Silk Farming & its Food Tree

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.