Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 22 May, 2022 12:57 PM IST
ঈগলৰ প্ৰশিক্ষণ

ঈগলেই একমাত্ৰ এনে এক পক্ষী, যিটো বয়সত আন আন পক্ষীৰ সন্তানে কেৱল চিঞৰিবলৈ শিকে, সেই বয়সত ঈগলে নিজৰ সন্তানক নিজৰ ঠেঙৰ মাজত ভৰাই সকলোতকৈ ওপৰত উৰি যায়৷ পক্ষীজগতত এনে কঠোৰ প্ৰশিক্ষণ আৰু কোনো পক্ষীৰ ক্ষেত্ৰত নহয়৷ ঈগলে নিজৰ সন্তানক এনেকৈ ভুপৃষ্ঠৰ পৰা কমেও ১২ কিলোমিটাৰ ওপৰত লৈ যায়৷ যিমান ওপৰত আজিৰ অত্যাধুনিক জাহাজ উৰিব পাৰে৷ আৰু সেই দূৰত্ব অতিক্ৰম কৰিবলৈ সাধাৰণতে মাইকী ঈগলৰ সাতৰ পৰা ন মিনিট সময় লাগে৷

আৰু তাৰ পৰাই সেই কণমানি ঈগলৰ পোৱালিটোৰ আৰম্ভ হয় কঠিন পৰীক্ষা৷ সেই পোৱালিটোক এইটোও বুজোৱা হয় যে, সি কিয় এই পৃথিৱীত জনম ল’লে?  তাৰ পৃথিৱী খন কি?  তাৰ উচ্চতা কি? তাৰ ধৰ্ম কি? কাৰ পৰা তাৰ বিপদ হ’ব পাৰে?  আৰু তাৰ পিছত ঈগলজনীয়ে নিজৰ কণমানি সন্তানক সেই ১২ কিলোমিটাৰ উচ্চতাৰ পৰা এৰি দিয়ে৷ ওপৰৰ পৰা তললৈ ক্ৰমশঃ দুই কিলোমিটাৰ পৰ্যন্ত পোৱালিটোৱে কোনো আভাস নেপায় যে তাৰ লগত কি হৈ আছে৷ সাত কিলোমিটাৰ মান অতিক্ৰম কৰাৰ পিছত পোৱালিটোৰ আধা ডেউকা খুলিবলৈ ধৰে৷ প্ৰায় ন কিলোমিটাৰমান অতিক্ৰম কৰাৰ পিছত পোৱালিটোৰ সম্পূৰ্ণ ডেউকা খুলি যায়৷ এইয়াই হৈছে ঈগলৰ জীৱনৰ প্ৰথম যাত্ৰা

শেষত প্ৰায় ৩ কিলোমিটাৰমান বাকী থাকিল, কিন্তু তেতিয়াও পোৱালিটোৱে উৰিব পৰা নহয় ৷ শেষত ক্ৰমান্বয়ে ৭০০/৮০০ মিটাৰ উচ্চতা অতিক্ৰম কৰে কিন্তু তেতিয়াও নিজৰ ডেউকা দুখন মজবুত নোহোৱাৰ বাবে পোৱালিটো উৰিবলৈ সক্ষম নহয়৷ শেষত যেতিয়া ৪০০/৫০০ মিটাৰ উচ্চতা অতিক্ৰম কৰে তেতিয়া পোৱালিটোৱে হয়তো ভাৱিবলৈ বাধ্য হয় যে এইয়া তাৰ জীৱনৰ অন্তিম যাত্ৰা৷ কিন্তু তেনে সময়তে হঠাৎ পোৱালিটোক মাকে আহি নিজৰ ঠেঙেৰে খামুচি ধৰে আৰু নিজৰ ডেউকাৰ মাজত আৱদ্ধ কৰি লয়৷ আৰু পোৱালিটোৰ এই প্ৰশিক্ষণ ক্ৰমশঃ চলিয়েই থাকে যেতিয়ালৈকে সি উৰিব পৰা নহয়৷

এই প্ৰশিক্ষণ এক কামাণ্ডোৰ দৰে হয়৷ তাৰ পিছত গৈ এটা ঈগলে নিজকে ঈগল হিচাপে প্ৰতিষ্ঠা কৰে৷ নিজতকৈ দহগুণ অধিক ওজনৰ প্ৰাণীকো চিকাৰ কৰিবলৈ সক্ষম হয়৷

ঠিক তেনেকৈয়ে নিজৰ সন্তানক নিজৰ পৰা লুকুৱাই ৰাখিলেও পৃথিৱী খনৰ কঠিনতা, নিজৰ ধৰ্ম সংস্কৃতি পৰম্পৰা তথা শত্ৰু-মিত্ৰৰ বিষয়ে অৱগত কৰাওক৷ জীৱন সংগ্ৰামৰ পথটোৰ সৈতে চিনাকি কৰাওক৷ আৱশ্যকতা অবিহনেও সন্তানক সংঘৰ্ষ কৰিবলৈ শিকাওক৷ বৰ্তমান সময়ৰ অনন্ত সুখ সুবিধা তথা অত্যাধিক মৰমে যাতে ভৱিষ্যতে আপোনাৰ সন্তানক ব্ৰইলাৰ মুৰ্গীৰ দৰে কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখক৷ যাৰ মজবুত ঠেং আছে কিন্তু চলা-ফুৰা কৰিব নোৱাৰে৷ ডেউকা আছে কিন্তু উৰিব নোৱাৰে৷ কিয়নো প্লাষ্টিকৰ টাবত ৰূপন কৰা গছ আৰু জংঘলৰ গছৰ মাজত এয়েতো পাৰ্থক্য৷

(সংগৃহীত)

লগতে পঢ়ক-সৰুপথাৰৰ ৰণজিৎ চেতিয়াই উদ্ভাৱন কৰিলে ভােট জলকীয়া শুকুওৱা যন্ত্র

English Summary: Teach your child to Struggle
Published on: 22 May 2022, 12:57 IST