1. সফল কাহিনী

সৰুপথাৰৰ ৰণজিৎ চেতিয়াই উদ্ভাৱন কৰিলে ভােট জলকীয়া শুকুওৱা যন্ত্র

KJ Staff
KJ Staff
সৰুপথাৰৰ ৰণজিৎ চেতিয়াই উদ্ভাৱন কৰিলে ভােট জলকীয়া শুকুওৱা যন্ত্র
সৰুপথাৰৰ ৰণজিৎ চেতিয়াই উদ্ভাৱন কৰিলে ভােট জলকীয়া শুকুওৱা যন্ত্র

‘অসম তথা উত্তৰ পূর্বাঞ্চলত উৎপাদিত ভােট জলকীয়া প্রণালীবদ্ধভাৱে দেশে-বিদেশে ৰপ্তানি কৰাৰ উদ্দেশ্যে ভােট জলকীয়া শুকুওৱা যন্ত্র উদ্ভাৱন কৰি ভাৰত চৰকাৰৰ পেটেন্ট পাবলৈ সক্ষম হৈছে সৰুপথাৰৰ বিশিষ্ট উদ্ভাৱক ৰণজিৎ চেতিয়াই।

সৰুপথাৰৰ এক নং গন্ধকৰৈ গাঁৱৰ নিৱাসী ৰাসায়নিক প্রযুক্তিবিদ্যাৰ স্নাতক ৰণজিৎ চেতিয়াই ২০০৮ চনৰ পৰা জলকীয়া শুকুওৱা যন্ত্র তৈয়াৰ কৰি ৰাজ্যৰ বিভিন্ন প্রান্তৰ খেতিয়কসকলক বিক্ৰী কৰি আহিছিল। উদ্ভাৱকগৰাকীয়ে এই যন্ত্ৰটোৰ সকলাে ঋণাত্মক কাৰকসমূহ আঁতৰাই ২০১৪ চনত অত্যাধুনিক শুকুওৱা যন্ত্র উদ্ভাৱন কৰে। এই যন্ত্ৰটোৰ বাবে ভাৰত চৰকাৰলৈ পেটেন্ট অধিকাৰ লাভৰ বাবে আৱেদন কৰে। যােৱা ছেপ্টেম্বৰ মাহত ভাৰত চৰকাৰৰ পৰা ৩৭৬৬০৩ নম্বৰত নগা কিংচিলি শুকুওৱা যন্ত্ৰটোৰ পেটেন্ট লাভ কৰে। 

   লক্ষণীয় যে এই বিশেষ যন্ত্ৰটোত ভােট জলকীয়াবােৰ মেলি দিয়াৰ পাছত নলৰােৱাকৈ মাত্র ১৮ ঘণ্টাৰ ভিতৰতে শুকুৱাব পাৰি। যন্ত্ৰটোৰ ভিতৰত বিশেষভাৱে নির্মিত ধাতুৰ চুলা আছে। তাপ বিনিময় ব্যৱস্থাৰ দ্বাৰা খৰি জ্বলাই গৰম বায়ু এখন বিশেষ ফেনৰ দ্বাৰা জলকীয়াৰ মাজেদি যাবলৈ দিয়া হয়। যন্ত্ৰটোৰ ওপৰত আৰু তলত সংস্থাপন কৰা দুটা তাপজোখা মিটাৰৰ জৰিয়তে জলকীয়া শুকাই যােৱাৰ বিষয়ে জানিব পাৰিব। 

   উদ্ভাৱক ৰণজিৎ চেতিয়াই জনােৱা মতে, এই শুকুওৱা যন্ত্ৰটোত ভােট জলকীয়াৰ উপৰি বিভিন্ন শাক-পাচলি, কাঠফুলা, ফুলকবি, গাজৰ, মূলা, মচলা, দালচেনি, ইলাচি, জালুক, গ্রীন টী আদি শুকুৱাব পাৰি। উল্লেখযােগ্য যে বিদেশত মেচিনত শুকুওৱা ভােট জলকীয়াৰ বিশেষ সমাদৰ আছে। এই শুকুওৱা যন্ত্ৰটোত ভােট জলকীয়া শুকুৱাই অসম তথা নগালেণ্ডৰ খেতিয়কে দেশৰ বিভিন্ন ঠাইৰ লগতে বিদেশলৈও ৰপ্তানি কৰি আহিছে। উদ্ভাৱকগৰাকীয়ে জনােৱা মতে, প্রথমতে নগালেণ্ডৰ খেতিয়কে ভােট জলকীয়া শুকুওৱা যন্ত্র তৈয়াৰ কৰিবলৈ আহ্বান জনাইছিল। সেয়েহে তেওঁ ২০০৮ চনতে প্রথম এই যন্ত্ৰটো তৈয়াৰ কৰে। বর্তমান যন্ত্ৰটো মডিফিকেশ্যন কৰি আধুনিক ৰূপ প্রদান কৰে।

ভােট জলকীয়া খেতিয়কসকলক এই যন্ত্ৰটোৱে আশাৰ সঞ্চাৰ কৰিছে। ভাৰত চৰকাৰৰ SPICE BOARD য়ে ২০২২ চনৰ পৰা তিনি বছৰৰ বাবে ব'র্ডৰ হৈ এই যন্ত্র উৎপাদন কৰিবলৈ অনুমতি প্রদান কৰিছে।

ভােট জলকীয়া খেতিয়কসকলৰ বাবে শুকুওৱা যন্ত্ৰটো উদ্ভাৱন কৰি সহায় আগবঢ়োৱা ৰণজিৎ চেতিয়াই বর্তমান সৰুপথাৰত এগ্র’টেক ইণ্ডাষ্ট্রিজ নামৰ এটা কাৰখানাত এই যন্ত্ৰটো তৈয়াৰ কৰি আহিছে। ১৯৯২ চনলৈকে নামৰূপৰ অসম পেট্রকেমিকেলত প্রযুক্তিবিদ হিচাপে কৰ্মৰত চেতিয়াই পৰৱৰ্তী সময়ত অসমৰ চৰকাৰৰ কাৰখানা মহাপৰিদৰ্শক আৰু ভাৰত চৰকাৰৰ অধীনতাে Competent Person হিচাপে কৰ্মৰত আছিল। কৃষি যান্ত্রিকীকৰণৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা চেতিয়াক গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম বিজ্ঞান প্রযুক্তি আৰু পৰিৱেশ পৰিষদে যুগ্মভাৱে সম্বর্ধনা জ্ঞাপন কৰে।

English Summary: Ranjit Setia of jorhat invents ghost pepper chilli drying machine

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.