Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 26 June, 2021 12:09 PM IST
Supreme Court ordered to all the States to declare exam result before 31 July

  সকলাে ৰাজ্যৰ শিক্ষা ব'র্ডলৈ বৃহৎস্পতি বাৰে উচ্চতম ন্যায়ালয়ে নির্দেশযােগে দ্বাদশ শ্রেণীৰ পৰীক্ষাৰ ফলাফল অহা ৩১ জুলাইৰ ভিতৰত ঘােষণা কৰিবলৈ কয়। ইয়াৰ লগতে দহদিনৰ ভিতৰত আভ্যন্তৰীণ মূল্যাংকন পদ্ধতি যুগুত কৰিবলৈও নির্দেশ দিয়ে। ন্যায়াধীশ এ এম খানৱিলকাৰ আৰু ন্যায়াধীশ দীনেশ মাহেশ্বৰীৰ বিচাৰপীঠে বৃহৎস্পতিবাৰে দ্বাদশ শ্রেণীৰ পৰীক্ষা বাতিল আৰু ৰাজ্যৰ সকলাে ব'র্ডৰ বাবে উমৈহতীয়া মূল্যাংকন পদ্ধতিৰ আহ্বান জনাই দাখিল কৰা আবেদনৰ শুনানি গ্রহণ কৰি এই নির্দেশনা জাৰি কৰে।

  আবেদন দাখিল কৰিছিল অধিবক্তা আৰু শিশু অধিকাৰ কৰ্মী অনুভা সাহায়ে। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠখনে স্পষ্ট কৰি দিয়ে যে ৰাজ্য আৰু তেওঁলােকৰ শিক্ষা ব’র্ড নিজৰ নীতি-পদ্ধতি প্রস্তুত কৰিবলৈ স্বতন্ত্র। তেওঁলােকৰ এই অধিকাৰত আমি হস্তক্ষেপ নকৰাে।

আৰু পঢ়ক- Pearls Farming - কেনেদৰে কৰিব মুক্তা খেতি? মুক্তাৰ ব্যৱসায় কৰি কোটি পতি হওঁক

   শিক্ষা ব’র্ডবােৰৰ বাবে উমৈহতীয়া মূল্যাংকন পদ্ধতি নির্দেশনা দিবলৈ অস্বীকাৰ কৰি বিচাৰপীঠখনে কয় যে সকলাে ব’র্ডেই পৃথক পৃথক। অৱশ্যে দহদিনৰ ভিতৰত সকলাে শিক্ষা ব’র্ডেই মূল্যাংকন পদ্ধতি প্রস্তুত কৰিব লাগিব বুলি বিচাৰপীঠখনে স্পষ্ট কৰি দিয়ে। ইতিমধ্যে উত্তৰ প্রদেশ, ৰাজস্থান, পশ্চিমবংগৰ লগতে কেইবাখনাে ৰাজ্যৰ শিক্ষা বর্ডে তেওঁলােকৰ মূল্যাংকন পদ্ধতি বিষয়ে ঘােষণা কৰিছে। উল্লেখ্য যে কোভিড পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি প্রায়কেইখন ৰাজ্যই দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষা বাতিল কৰিছে।

   ইতিমধ্যে চি বি এছ ই আৰু আই চি এছ ইয়ে ৩১ জুলাই ভিতৰত ফলাফল ঘােষণাৰ বাবে সময়সীমা নির্ধাৰণ কৰিছে। ইফালে, অন্ধ্রপ্রদেশ চৰকাৰক যোৱাকালি উচ্চতম ন্যায়ালয়ে শিক্ষার্থীসকলৰ জীৱনৰ সৈতে খেলা নেখেলিবলৈ সকীয়াই দিয়ে। জুলাইৰ অন্তিম সপ্তাহত দ্বাদশ শ্রেণীৰ পৰীক্ষা পাতিবলৈ অন্ধ্রপ্রদেশ চৰকাৰে যাে-জা চলাইছে আৰু এই সন্দৰ্ভত ন্যায়ালয়ত শপতনামাও দাখিল কৰিছে। অন্ধ্রপ্রদেশ চৰকাৰে উচিত সিদ্ধান্ত লওক। তেওঁলােকে শিক্ষার্থী জীৱনৰ সৈতে কেনেদৰে খেলিব পাৰে? পৰিস্থিতি অনিশ্চিত। তেনেস্থলত জুলাইত যদি পৰীক্ষা পাতে ফলাফল ঘােষণাত আৰু বিলম্ব হ’ব।' —উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠখনে কয়।

   উল্লেখ্য যে কোভিডৰ মাজতে বিশেষ সতর্কতামূলক ব্যৱস্থা গ্রহণেৰে পৰীক্ষা পাতিব বুলি শপতনামাত উল্লেখ কৰিছে অন্ধ চৰকাৰে। 'আপােনালােকে শপতনামাত উল্লেখ কৰা অনুসৰি প্রতিটো কোঠাত ১৫ গৰাকীকৈ পৰীক্ষার্থী বহালে আপােনালােকক ৩৬,৬৩৪টা কোঠাৰ প্রয়ােজন হ’ব। ইয়াৰ ফর্মুলা তৈয়াৰ কৰিছেনে? সিমানখিনি কোঠা আছে নে আপােনালােকৰ? এজনাে পৰীক্ষাৰ্থীৰ মৃত্যু নােহােৱাটো নিশ্চিত কৰিব পৰা আঁচনি আপােনালােকে প্রস্তুত নকৰিলে আমি পৰীক্ষা পাতিবলৈ অনুমতি দিব নােৱাৰিম। অন্ধ্রপ্রদেশ চৰকাৰক এনেদৰে স্পষ্ট কৰি দিয়ে বিচাৰপীঠখনে।

আৰু পঢ়ক- Agri Machine: কৃষিৰ ক্ষেত্ৰত নতুন প্ৰযুক্তি, ভূমিৰ মানদণ্ড নিৰ্ধাৰণ কৰিবলৈ ডিজিপিএছ প্ৰযুক্তিৰ ব্যৱহাৰ
English Summary: Supreme court ordered to all the States to declare result 10th and 12th final exam before 31 july
Published on: 26 June 2021, 08:10 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now