এফালে চৰকাৰে আগবঢ়োৱা বিনামূলীয়া আঁচনিবোৰৰ পৰম্পৰা আৰু পয়োভৰ। আনফালে খেতিয়কে খেতিৰ পথাৰ, বিশেষকৈ ধান খেতিৰ পথাৰ টুকুৰা-টুকুৰ কৰি ঘৰ-ভেটি হিচাপে বিক্ৰী কৰাৰ যি প্ৰতিযোগিতা চলিছে, এয়া অনাগত দিনবোৰৰ বাবে শুভ সংকেত হয় বুলি মনে নকয়। চৰকাৰী বিনামূলীয়া আঁচনিৰ এটা সীমা থকাটো ভাল। অতি দৰিদ্ৰ, বিকলাংগ আৰু বৃদ্ধৰ বাহিৰে বাকীবোৰৰ ক্ষেত্ৰত বিনামূলীয়া আঁচনিৰ প্ৰয়োজন নাই। অৱশ্যে শিক্ষা আৰু চিকিৎসা সেৱাৰ দৰে আঁচনিবোৰ প্ৰয়োজন সাপেক্ষে বিনামূলীয়া কৰাটোত কাৰো দ্বিমত থাকিব নোৱাৰে। ভাৰতবৰ্ষ এখন কৃষিভূমি দেশ। কিন্তু কেতবোৰ আঁচনিৰ প্ৰকোপত ক্ষুদ্ৰ কৃষকবোৰ, বিশেষকৈ ধান খেতি কৰা খেতিয়কবোৰ নোহোৱা হ'ব ধৰিছে। কাৰণটো হ'ল যে চৰকাৰে যোগান ধৰা বিনামূলীয়া চাউলৰ বাবে তেওঁলোকে উচিত মূল্য দি ধান ক্ৰয় কৰা গ্ৰাহক নাপায়।কাজেই খেতি কৰাৰ স্পৃহাও তেওঁলোকৰ কমি গৈছে বা বহুতে প্ৰয়োজনো অনুভৱ নকৰা হৈছে।
ইয়াৰ বিপৰীতে খেতিৰ মাটি বিক্ৰী কৰাৰ পৰিকল্পনাতহে অধিক মনোনিৱেশ কৰিব ধৰিছে। আজিকালি গাঁৱৰ ৰাস্তাবোৰো পকীকৰণ হ'ব ধৰিছে। ফলস্বৰূপে চহৰ আৰু গাঁৱৰ মাজৰ পূৰ্বতে থকা যাতায়াতৰ অসুবিধা তথা ভৌগোলিক দূৰত্বও কমি গৈছে। ৰাস্তা বনি উঠাৰ লগে লগে ৰাস্তাৰ কাষৰ মাটিবোৰৰ মূল্য দুগুণে বা ঠায়ে ঠায়ে চাৰি-পাঁচ গুণ লৈকে বৃদ্ধি পাইছে| এয়া অত্যন্ত শুভ লক্ষণ। কিন্তু মাটিৰ দাম বঢ়াৰ লগে লগে বহু সাধাৰণ কৃষকবোৰে, নিজৰ অভাৱ দূৰ কৰিবলৈ হওক কিম্বা মাটি বেপাৰীৰ চক্ৰত পৰিয়েই হওক, মাটি বিক্ৰী কৰিবলৈ উদ্যত হৈ পৰিছে। এইদৰে ৰাস্তাৰ কাষৰ খেতিৰ মাটিবোৰ অধিক মূল্যত বিক্ৰী কৰি সিহঁতে গাড়ী, ঘৰ আদিৰ সপোনবোৰ পূৰণ কৰে। আনপিনে মাটিৰ বেপাৰীবোৰে সেই মাটিবোৰ কিনি লৈ মাজৰ পৰা আহল-বহল গলি বা ৰাস্তা উলিয়াই কঠা হিচাপত বিক্ৰী কৰিছে। আগফালৰ মাটি বিক্ৰী হোৱাৰ লগে লগে পিছফালৰ মাটিৰ দামো স্বত:স্ফূৰ্তভাৱে বাঢ়ি যায়। ফলত পিছফালৰ খেতিয়কজনেও ভাবিছে যে পৰিশ্ৰম বা কষ্টেৰে খেতি কৰি দুই-চাৰি বস্তা ধান পাইনো কি লাভ য'ত একঠা মাটি বিক্ৰী কৰিলেই কেইবা লক্ষ্য টকা সহজেই ওলায় ।
লগতে পঢ়ক-
বিনামূলীয়া চাউল, অৰুণোদয়ৰ দৰে আঁচনিয়ে অসমীয়া মানুহক এলেহুৱা কৰিছে!
গতিকে ধান খেতি কৰাৰ চিন্তা বাদ দি মাটি বিক্ৰীৰ চিন্তাহে বেছিকৈ কৰিবলৈ লৈছে। অৱশেষত কোনোবা ধনী মানুহে বা ব্যৱসায়ী কোনোবাজনে খেতিয়কবোৰৰ সেইবোৰ মাটিও কিনি লৈছে আৰু চাৰিওদিশে পকা বেৰ দি আগলৈ আৰু অধিক মূল্যত বিক্ৰী কৰাৰ আশাৰে সুৰক্ষিত কৰি থৈ দিছে। এই পৰম্পৰাটো বৰ্তমান কেৱল অসমতেই নহয়, ভাৰতবৰ্ষৰ বেছিভাগ ঠাইতেই বিদ্যমান। গতিকে মনত এনে প্ৰশ্নবোৰে সততে খুন্দিয়াই থাকে- ভৱিষ্যতে আমি চাউলৰ বাবে কান্দিবতো নালাগে!
সকলো ক্ষেত্ৰতে চৰকাৰী বিনামূলীয়া আঁচনি পাই ভেনিজুয়েলাৰ মানুহবোৰ অকৰ্মণ্য হৈ পৰাৰ দৰে একে অৱস্থা আমাৰো হ'ব পাৰে নেকি? বিনামূলীয়া আঁচনিবোৰৰ পয়োভৰত ভেনিজুয়েলাৰ চৰকাৰে পিছলৈ আঁচনিবোৰৰ যোগান ধৰিব নোৱাৰি আঁচনিবোৰ উঠাই দিয়াৰ লগে লগে ভাবিব নোৱাৰা মুদ্ৰাস্ফীতি হ'ব ধৰিছিল। যাৰ ফলত তাত হত্যা, লুণ্ঠন, ডকাইতি আদিৰ দৰে ঘটনাবোৰ নিত্য-নৈমিত্তিক ঘটনালৈ ৰূপান্তৰিত হ'ব ধৰা বুলি খবৰে-কাকতে ওলাই আছিল| আনপিনে অসংখ্য গাভৰু ছোৱালীবোৰে বোলে এটুকুৰা ৰুটিৰ বাবে পতিতা বৃত্তি ল’বলৈকেও কুণ্ঠাবোধ নকৰা হৈছিল।
লগতে পঢ়ক-