1. News

চৰ-চাপৰিৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সপ্তাহত ৩ টাকৈ কণী : কেবিনেটৰ সিদ্ধান্ত

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Assam Cabinet Special Decision
Assam Cabinet Special Decision

শিশুৰ পুষ্টি সাধন- শিশুৰ পুষ্টি সাধনৰ বাবে ১ ডিচেম্বৰ ২০২৩ৰ পৰা প্ৰধানমন্ত্ৰী পোষণ অভিযানৰ অধীনত চৰ অঞ্চলৰ বিদ্যালয়ৰ প্ৰতিটি যোগ্য শিশুৰ বাবে মধ্যাহ্ন ভোজনত সপ্তাহত তিনিটাকৈ কণী প্ৰদানৰ সিদ্ধান্ত লৈছে কেবিনেটে। প্ৰতিখন বিদ্যালয়তেই নহয় কেৱল চৰ চাপৰিৰ স্কুলসমূহৰ ছাত্ৰ-ছাত্ৰীসকলে সপ্তাহত ৩ টা কণী পাব। এতিয়া বিভিন্নজনৰ মনত এটা প্ৰশ্ন উদয় হৈছে- চৰ চাপৰিসমূহৰ বাবে এই বিশেষ কণীৰ ব্যৱস্থা কিয়! আপুনি মই সকলোৱে জানো চৰ চাপৰিসমূহ কোন শ্ৰেণী মানুহৰ বসতি।

সদায় মিঞা ক্লীন কৰিম, মিঞাই অসম ভৰি পৰিছে, মিঞাই অসম, অসমীয়াৰ ভৱিষ্যতলৈ আশংকা নমাই আনিছে! গুৱাহাটীত মাছৰ বেপাৰী, জমেট' বয়,  শাক-পাচলি বেপাৰী আদি সকলো মিঞা, মেদিকেল কলেজ বনাবলৈয়ো মন নাযায় হিমন্ত বিশ্ব শৰ্মাৰ কাৰণ মেডিকেলৰ অধিকাংশ চিটেই মিয়াই পায়- আদি ধৰণৰ কথাবোৰ অসমৰ বিজেপি চৰকাৰ নেতৃত্বাধীন মন্ত্ৰী-বিধায়কসকলে মুখ খুলিলেই শুনিবলৈ পোৱা যায়।

লগতে পঢ়ক- 

Assam Vs Israel-Palestine war : অসম বনাম ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধ

তেনেক্ষেত্ৰত হঠাৎ কিয় শিশু পুষ্টি সাধনৰ বাবে চৰ-চাপৰি ছাত্ৰ-ছাত্ৰীৰ বাবেহে কেৱল সপ্তাহত ৩ টাকৈ কণী দিয়াৰ ব্যবস্থা ব্যৱস্থা কৰিলে।  এই সন্দৰ্ভত লেখক-সাংবাদিক মনোজ গোস্বামীয়ে সামাজিক মাধ্যমত এক প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ সামাজিক মাধ্যমত লিখিছে-  আজি কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত- ৰাজ্যৰ আন ঠাইত এটাকৈ কণীৰ বিপৰীতে চৰ-চাপৰিত মধ্যাহ্ন ভোজনত ৩টাকৈ কণী দিয়া হব! এই কণীৰ হিচাপটোহে বুজি নাপালো ।

মনোজ গোস্বামীৰ ফেচবুক পোষ্টত বিভিন্নজনে আগবঢ়োৱা মন্তব্যবোৰৰ পৰা এটা কথা স্পষ্ট হৈছে যে এয়া বিজেপিৰ নিৰ্বাচনী ৰণ কৌশল। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে খেল খেলিবলৈ আৰম্ভ কৰিছে। কাৰণ সদায় মিঞাৰ প্ৰতি বিষোদগাৰ হৈ থাকে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ। তেনে পৰিস্থিতিত হঠাৎ চৰ-চাপৰিৰ প্ৰতি দৰদ হৈ পৰাত বিভিন্নজনে সন্দেহৰ আঙুলি টোৱাইছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ত্বাধীন বিজেপি চৰকাৰখনলৈ।

লগতে পঢ়ক- 

সাগৰ পাৰৰ অৰ্ধ নঙঠা মানুহ, সোৱণশিৰিৰ মাছ, ৰাঘৱ আৰু অন্যান্য

English Summary: Assam Cabinet Special Decision

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.