মোৰ দেউতা এজন ইঞ্জিনিয়াৰ, মোৰ দেউতা এজন ঠিকাদাৰ, মোৰ দেউতা এজন ডাক্তৰ বুলি ক’বলৈ এইসকল বৃত্তিধাৰী পুত্ৰ-সন্তানে গৌৰৱ কৰে। কিন্তু খেতিয়ক এজনৰ সন্তানে মোৰ দেউতাই খেতি কৰে বুলি ক’বলৈ হীনমন্যতাত ভোগে। কলেজ-ইউনিৰ্ভাচিটিত শিক্ষকসকলে আমাক সুধিছিল তোমাৰ দেউতাই কি কৰে! চাকৰিয়ালসকলৰ সন্তানে যি গৌৰৱেৰে দেউতাকৰ বৃত্তিটোৰ বিষয়ে কয় সেই একেই উচ্চাসেৰে খেতি-বাতিৰ লগত জড়িত আমাৰ দেউতাহঁতৰ বিষয়ে আমি ক’ব পৰা নাছিলো।
কোনো খেতিয়কৰ সন্তানে আকৌ কয়- একো নকৰে। শিক্ষকজনে দুবাৰমান সোধাৰ পাছত গম পোৱা যায়- একো নকৰে মানে খেতি কৰে। অসমৰ অধিকাংশ মানুহৰ মানসিকতাত এতিয়াও সেই ল’ৰাটোৰ চিন্তাধাৰাৰেই পৰিচালিত। খেতি কৰে মানে ইয়াৰ দেউতাকে একো নকৰে। গতিকে এজন খেতিয়কে বা এজন খেতিয়কৰ সন্তানে কাৰোবাৰ পৰা আশা কৰা ধৰণে সন্মান নাপায়। যাৰবাবে আমি মোৰ দেউতা এজন খেতিয়ক বা নিজকে খেতিয়কৰ পুত্ৰ বুলি ক’বলৈ অপ্ৰিয় হ’লেও বহুতে অস্বত্বিত পৰে। কলেজ-ইউনিভাৰ্চিটিত আকৌ খেতিকয়কৰ ল’ৰা বুলি ক’লে অসুবিধাও হয়। নিশা ৯ঃ০০ বজাত প্ৰফেচৰৰ ল’ৰা-ছোৱালীৰ মম, চোপ খাবলৈ মন গলে বা চাইকেলৰ পাম্পচা হ’লে খেতিয়কৰ ল’ৰাজনেহে এই কাৰ্যসমূহ সমাপন কৰিব লগাত পৰে। প্ৰফেচৰৰ ল’ৰা চাইকেলখন বেয়া হ’লে ভাল কৰিবলৈ খেতিয়কৰ সন্তান নগৈ নেতা-পালিনেতাৰ সন্তান যাব নেকি!
আমি আমাৰ দেউতাৰ বৃত্তিটো বিষয়ে ক’বলৈ লাজ কৰা, কৃষককলক সমাজত সন্মানৰ চকুৰে নোচোৱাৰ মূলতে কি! সাধাৰণতে সমাজত কামচুৰ, দালাল, চোৰ, ডকাইত, চোৰাংচিকাৰী আদি লোকৰহে সন্মান নাথাকে আৰু তেওঁলোকৰ সন্তানে নিজৰ দেউতাকৰ বৃত্তিটো আনৰ আগত ক’বলৈ হীনমন্যতাত ভোগে।কিন্তু কৃষকসকলটো এনে নহয়। ইয়াৰ বিপৰীতে কৃষকসকল সজ আৰু সহজ সৰল প্ৰকৃতিৰহে। এই সহজ-সৰলতা আৰু দৰিদ্ৰতাৰ গইনা লৈ এচামে দৈনিক কৃষকসকলক শোষণ কৰিহে আহিছে। যাৰফলত খেতিয়ক বা কৃষক বুলি কলেই এক শ্ৰেণীৰ মানুহৰ মনলৈ আহে শোষিত আৰু হাড়-ছাল ওলোৱা দুবেলা-দুমুঠি ভালকৈ খাবলৈ নোপোৱা এচাম মানুহ।
গতিকে এই খেতিয়কসকলৰ লগত মধ্যবিত্ত বা অভিজাত শ্ৰেণী মানুহে সম্পৰ্ক গঢ়িবলৈ অসহজ অনুভৱ কৰে। কিন্তু পাঞ্জাৱ বা হাৰিয়ানাৰ খেতিয়কসকলৰ লগত এই কথাটো নাখাটে। কাৰণ এই কৃষিপ্ৰধান ৰাজ্যসমূহত কৃষি বৃত্তিটো এটা সন্মানীয় বৃত্তি হিচাপে গন্য কৰে।
এজন চাকৰিয়ালৰ যি সন্মান সেই একে সন্মান এজন কৃষকৰ। আৰু দেউতাকৰ বৃত্তিটোক লৈ গৌৰৱ কৰে সন্তানসকলে। তদুপৰি পঢ়া-শুনা কৰিও কৃষক দেউতাকৰ বৃত্তিটো গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ নকৰে। ইয়াৰ মূলতে পাঞ্জাৱ-হাৰিয়ানাৰ কৃষকসকলৰ উপাৰ্জন ভাল স্বচ্ছল আৰু স্বাধীনভাৱে জীৱন-যাপন কৰে। কিন্তু আমাৰ অসমত কৃষকৰ অৱস্থা পুতৌলগা। খেতি কৰে যদিও খেতিৰ ধানে নিজৰ পৰিয়ালটোৰে খাবলৈ নোজোৰে। সদায় আৰ্থিক অনাটনত ভোগে। গতিকে আমি নিজকে এজন খেতিয়কৰ সন্তান বুলি কবলৈ বহুসময়ত হীনমন্যতাত ভোগো। কিন্তু আমাৰ কৃষকসকলে যিদিনা আধুনিক কৃষি পদ্ধতিৰে খেতি কৰি এক স্বচ্ছল আৰু স্বাধীন জীৱন-যাপন কৰিব সেইদিনা কিন্তু কৃষক সন্তানসকলে নিজৰ দেউতাকৰ বৃত্তিটোক লৈ গৌৰৱ কৰিব পাৰিব। পাঞ্জাৱ-হাৰিয়ানৰ দৰে উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পাছতো দেউতাকৰ কৃষি বৃত্তিটোক গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ নকৰি গৌৰৱহে কৰিব
লগতে পঢ়ক- যুৱ-প্ৰজন্মই খেতি নকৰে কিয়?