1. সফল কাহিনী

পদিনা খেতি কৰি মাহেলি ৩০ হাজাৰ টকা উপাৰ্জন কৰে অক্ষয় কলিতা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
এজন পদিনা খেতিয়ক
এজন পদিনা খেতিয়ক

অসমৰ প্ৰত্যেকজন মানুহেই পদিনা চিনি পায়। গাঁওবোৰত প্ৰত্যেক মানুহৰ ঘৰৰ পিড়ালীত সাধাৰণতে পদিনা থাকে। বৰ্তমান গাঁৱৰ পৰা চহৰলৈ অহা মানুহবোৰেও পদিনা ফুলৰ টাব অথবা মাছৰ কাৰ্টুনত ৰুৱে। অসমীয়া মানুহে সাধাৰণতে পদিনা চাটনিৰ লগতে খায়। আৰু চাটনি কৰি খাবৰ বাবেই পিড়ালীত এনেদৰে কম পৰিমাণে কৰে নিজৰ ঘৰত খাবলৈ। ব্যৱসায়িক উদ্দেশ্য অৱশ্যে দুই এজনে কৰে ঘৰৰ বাৰীতে। কিন্তু পদিনাৰ যে খেতি কৰি যে কোনো খেতিয়ক আত্মনিৰ্ভৰ হৈ এক স্বচ্চল জীৱন-যাপন কৰিব পাৰে সেই কথা বহুতে নাজানে। তদুপৰি পদুনাৰ পৰা যে পদিনাৰ তেল, পিপাৰমেণ্ট, প্ৰসাধন সামগ্ৰী, সুগন্ধি দ্ৰব্য, টুথপেষ্ট, বিষনাশক, বাম, জেলি, চৰবত, চুপ, মৰ্টন, চকলেট, চুয়িংগাম ইত্যাদিৰ লগতে আমেৰিকা আৰু জাপানত মদিৰাৰ লগত গালফত মাংসৰ ব্যঞ্জনৰ স’তে পদিনা ব্যৱহৃত হয় কৰে তেনে কথাবোৰো নাজানে৷ ভিয়েটনাম, থাইলেণ্ড আদি দেশত পদিনাৰ চালাডৰ প্ৰচলন বেছি ৷

আমাৰ অসমীয়া লোকসকলে পদিনা ঘাইকৈ আম, নেমু বা থেকেৰাৰ স’তে পিচি চাটনি কৰি ভাতৰ স’তে খায় ৷ ৰোমত বিদ্যাৰ্থীসকলৰ মস্তিষ্কৰ উৎকৰ্ষ সাধনৰ বাবে পদিনা খাবলৈ দিয়া হয়৷ কিন্তু আজি আলোচনাত অসমৰ কৃষকসলে আচৰিত হৈ যোৱা এটা ঘটনা কম। যিটো কিন্তু অসমৰে ঘটনা আৰু অসমৰে খেতিয়কৰ কথা। ধাৰাপুৰৰ বাসিন্দা ৫৪ বছৰীয়া অক্ষয় কলিতাই কৰিছে পদিনাৰ খেতি। প্ৰথম অৱস্থাত পৰীক্ষামূলকভাৱে ব্ৰহ্মপুত্ৰৰ চাপৰিত এক লেছা মাটিত পদিনা খেতি কৰি অভাবনীয় ফল পাইছিল পাবলৈ সক্ষম হৈছিল অক্ষয় কলিতাই। পৰৱৰ্তী সময়ত উৎসাহিত হৈ তেঁও অধিক মাটিত পদিনা খেতি কৰিবলৈ লৈছিল। তেওঁ কয়- পদিনা খেতি কৰি পোৱা ধনেৰে প্ৰথমে নাহেলি চৰত এবিঘা মাটি কিনিছিলো মই। বৰ্তমান মই ১৬ বিঘা কৃষিভূমিৰ গৰাকী। কলিতাই বৰ্তমান তিনিবিঘা মাটিত পদিনা খেতি কৰে।

পদিনা খেতি
পদিনা খেতি

তেওঁ কয় যে দুকঠা মাটিত পদিনা খেতি কৰি এজন খেতিয়কে খা-খৰচ ২০হেজাৰ টকা বাদ দিও প্ৰায় ৩০ হেজাৰ টকা উপাৰ্জন কৰিব পাৰে।“ এই বিধ শাকৰ খেতি কৰাৰ পূৰ্বে মাটডৰাত লোৱা পৰ্যাপ্ত যত্নই তেঁওক অধিক লাভবান কৰি আহিছে। খেতিৰ পূৰ্বে মাটিখিনি সম্পূৰ্ণৰূপে পৰিস্কাৰ কৰি তুলিবলৈ আৰু সময়মতে সাজু কৰি তুলিবলৈ প্ৰতিবিঘা মাটিত ৫ জনকৈ শ্ৰমিক নিয়োগ কৰিবলগীয়া হয়। ভাল ফচল পাবলৈ সপ্তাহত দুবাৰকৈ পানী দিব লাগে, গোবৰ দিব লাগে আৰু অপতৃণবোৰ গুছাব লাগে। প্ৰতি ২৫ দিনৰ মূৰে মূৰে ছিঙিব পৰা হয়। বছৰটোত সৰ্বাধিক ১২ বাৰলৈ পদিনা ছিঙিব পাৰি। বাৰিষা বতৰত পদিনাত ভেঁকুৰে আক্ৰমণ কৰে যদিও সময়মতে তাৰ প্ৰতিকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিলে ক্ষতিৰ পৰা হাত সাৰিব পাৰি। উল্লেখ্য যে কলিতাৰ সফলতাই এতিয়া আনকো উৎসাহিত কৰিছে। নাহেলি চৰত এতিয়া পদিনা খেতি কৰা খেতিয়কৰ সংখ্যা ৩০ জনলৈ বৃদ্ধি পাইছে। নাহেলীৰ চাপৰিৰ অক্ষয় কলিতাৰ লগতে অন্যান্য খেতিয়কসলৰ দৰে অসমৰ বিভিন্ন প্ৰান্তৰ খেতিয়কসকলে এনেদৰে পদিনা খেতি কৰি লাভান্বিত হোৱাৰ স্থল আছে।

লগতে পঢ়ক- চাহাবী জীৱনৰ বিপৰীতে পিতৃৰ আদৰ্শৰে অনুপ্ৰাণিত এগৰাকী যুৱতী

English Summary: padina Kheti

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.